সমালোচনা সাহিত্যৰ
বিষয়ে সমুদ্ৰ কাজল শইকীয়াৰ এলানি আৰ্হি পাঠ
__________________________________________
__________________________________________
নৱকান্ত বৰুৱাৰ
"বুৰঞ্জী" / মাৰ্ক্সবাদী বা সমাজতাত্বিক পাঠ : [পাঠ- ০৫] :
আলোচক : সমুদ্ৰ কাজল শইকীয়া
আলোচক : সমুদ্ৰ কাজল শইকীয়া
বুৰঞ্জী
প্ৰথমে এদিন প্ৰথম
মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।
আকৌ এদিন নতুনকৈ
আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....
সেই প্ৰথম মানুহটোৰ দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....
আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।
(শান্তিনিকেতন, ১৯৪৭)
নৱকান্ত বৰুৱা, "মোৰ আৰু পৃথিৱীৰ"
নৱকান্ত বৰুৱা, "মোৰ আৰু পৃথিৱীৰ"
ব্যক্তিমনৰ একান্ত
নিভৃত অনুভূতিৰ বহিঃপ্ৰকাশ হিচাপেও যদি কবিতা এটাই আত্মপ্ৰকাশ কৰে, তাৰ মাজতো সমাজৰ পাৰিপাৰ্শ্বিকতা সম্পৰ্কে কথা পতাৰ অৱকাশ ৰৈ যায়। কাৰণ এই 'ব্যক্তিমন' আলাসতে ওপঙি থকা
বা আকাশৰ পৰা হঠাতে এদিন ধুপুচকৈ সৰি পৰা
বস্তু এটা নহয়। নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" কবিতাটোৰ ৰচনাৰ কাল ১৯৪৭ চন, স্থান শান্তিনিকেতন। ১৯৪৩ চনত নৱকান্ত
বৰুৱা শান্তিনিকেতনলৈ যায় আৰু ১৯৪৭ চনত
তেওঁ ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। সেই হিচাপত নৱকান্ত বৰুৱা তেতিয়া একৈশ বছৰীয়া চফল ডেকা। কিন্তু তাৰ
এবছৰৰ আগতেই "অসমীয়া আধুনিক কবিতা" গ্ৰন্থেৰে
তেখেতে আধুনিকতাবাদী পৰিচয়টো দঙি ধৰি থৈছে।
কবিতাটোত উল্লেখ থকা ৰবীন্দ্ৰনাথৰ নাম আৰু ৰবীন্দ্ৰীয় বিস্ময়বোধৰ প্ৰত্যক্ষ উল্লেখৰ ব্যতিৰেকেও শান্তিনিকেতনত থকাকালীন ৰচনা বুলি উল্লেখটোৱেও কয় যে ৰবীন্দ্ৰনাথ আৰু শান্তিনিকেতনৰ আদৰ্শৰ এটা যোগসূত্ৰ কবিতাটোত আছে। সি যি কি নহওক কবিমনে মানুহৰ বুৰঞ্জী লিখিব খুজিছে এটা বিশেষ পৰিপ্ৰেক্ষিতেৰে আৰু সেই পৰিপ্ৰেক্ষিতটোৰ আধাৰ হ'ল বিস্ময়বোধ আৰু পৃথিৱীৰ আদিম মানুহটোৰ সৰ্বপ্ৰথম বিস্ময়বোধটো কেনেকৈ সময়ে সময়ে মানৱ ইতিহাসত জাগ্ৰত হৈ আহি আছে কিন্তু সম্প্ৰতি আধুনিক মননৰ পৰা কেনেকৈ সি মেলানি মাগিবৰ উপক্ৰম হৈছেহি তাৰ খতিয়ানেই কবিতাটোৰ মৰ্ম। এটা বাক্যতে সাৰাংশ উলিয়বলৈ গ'লে কবিতাটোৰ সম্পৰ্কে এনেকৈয়ে ক'ব লাগিব-

'প্ৰথম মানুহটো' আৰু 'উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ'ৰ পিছত যেতিয়া সেই বিস্ময়বোধৰ কথা ৰবীন্দ্ৰনাথৰ প্ৰসংগত উল্লেখ কৰিবলগীয়া হৈছে, তেতিয়া সেই বাক্যত 'নতুনকৈ' শব্দটোৰ উপস্থিতি
মন কৰিবলগীয়া।
আকৌ এদিন নতুনকৈ
আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,
সেই প্ৰথম মানুহটোৰ দৰে,
সেই প্ৰথম
মানুহটোৰ দৰে হ'লেও 'নতুনকৈ' শব্দটোৰ উপস্থিতিয়ে অন্য এটা কথাৰ সম্ভেদ দিয়ে। সেয়া হ'ল - সভ্যতাৰ পথ যেতিয়া স্তিমিত হ'বৰ উপক্ৰম হয়, সমাজ যেতিয়া স্থবিৰ হৈ পৰে, কিছুমান প্ৰাথমিক বস্তুৰ বাবেই এটা নতুন
আৰম্ভণিৰ প্ৰয়োজন হৈ উঠে। প্ৰশ্ন উঠিব পাৰে যে যি
বুৰঞ্জী নৱকান্ত বৰুৱাই লিখিব খুজিছে সেয়া কিহৰ বুৰঞ্জী? ই ৰাজনৈতিক
উত্থান-পতন বা ৰজা-মহাৰজাৰ শাসনৰ তথ্যপঞ্জী থকা বুৰঞ্জী নিশ্চয় নহয়। অন্ন, বস্ত্ৰ, বাসস্থানৰ বুৰঞ্জী
ই নহয় যদিও তেনেকুৱাই এক প্ৰাথমিকতাৰ বুৰঞ্জী-
সেয়া হ'ল বিশ্বজগতৰ সন্মুখত ৰৈ, মহাজীৱনৰ বিপৰীতে জাগ্ৰত হ'ব পৰা এটা কৌতুহলৰ বুৰঞ্জী। নক'লেও হ'ব যে এই কৌতুহলৰ অন্তৰভাগতেই মানৱ মুক্তিৰ
মন্ত্ৰটো সোমাই আছে। এইটো নক'লেও হ'ব যে শেষৰটো স্তৱকত কবিয়ে আকৌ এবাৰ সেই মন্ত্ৰ বিচাৰিছে, সেই স্তৱকত "নতুনকৈ" বুলি শব্দটো নাই যদিও তেওঁ নতুনকৈয়ে
বিচাৰিছে - সেই প্ৰথম মানুহটোৰ দৰেই। বিচাৰিছে হিৰন্ময় পাত্ৰেৰে আচ্ছন্ন হৈ থকা সত্যৰ মুখ প্ৰত্যক্ষ কৰিবলৈ। আহি আহি যি সামাজিক অৱস্থানত আমি উপনীত
হৈছোহি সেই সময়ে আমাক বাধ্য কৰিছে এই উপলব্ধিৰ সন্মুখীন হ'বলৈ - যেন আকৌ এবাৰ নতুনকৈ!
ৰবীন্দ্ৰনাথৰ শান্তিনিকেতন স্থাপনৰ উদ্যোগটোৱেই আছিল
এটা সাংস্কৃতিক আৰু সামাজিক বিপ্লৱ। মাত্ৰ এদিনৰ বাবে স্কুললৈ গৈ স্কুলৰ বন্ধ ঘৰৰ উকমুকণিত অতিষ্ঠ হৈ পলায়ন কৰা ৰবীন্দ্ৰনাথে বিচাৰিছিল গোটেই
শিক্ষাব্যৱস্থাটোকেই বেলেগ ধৰণেৰে প্ৰতিষ্ঠা কৰিবলৈ - নতুনকৈ। আত্ম পৰিচয়ৰ সন্ধানৰ বাট বিচাৰি লোকায়ত শিল্প সাহিত্য আৰু চহা মানুহৰ মুখৰ মাতৰ সন্ধান
কৰি এটা বেলেগ ধৰণৰ প্ৰকৃতিৰ সান্নিধ্যত জীপাল হ'ব পৰা সামাজিক পৰিবেশ বিচাৰিছিল
ৰবীন্দ্ৰনাথে শান্তিনিকেতন স্থাপনৰ যোগেদি - নতুনকৈ।
উন্নতি আৰু প্ৰগতিৰ নামত সভ্যতাই আনি দিয়া বিড়ম্বনাবোৰৰ বিৰুদ্ধে এক প্ৰতিবাদী সত্বাক আকোৱালি লোৱাটো যে প্ৰয়োজনীয় সেই কথা শান্তিনিকতনতে
নৱকান্তই বুজি উঠিছিল - নতুনকৈ।
কিন্তু ব্যৱহাৰিক
চৰ্চাৰ মাজেৰে ৰবীন্দ্ৰনাথে কৰি যোৱা আমূল বৈপ্লৱিক আন্দোলনৰ পৰা ৰবীন্দ্ৰীয় অতিন্দ্ৰীয়বাদ সামান্য পৃথক। সেই
অতীন্দ্ৰীয়বাদৰ প্ৰতি শ্ৰদ্ধাশীল হৈয়ো সেই বাটেৰেই বাট
বুলিবৰ সলনি, পশ্চিমীয়া আধুনিকতাবাদে আনি দিয়া ব্যক্তিমনৰ উপস্থিতি আৰু সমসাময়িকতাৰ
প্ৰতি সচেতনতাকে আকোৱালি ল'লে- তেতিয়ালৈ ইংৰাজী সাহিত্যৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ নৱকান্ত বৰুৱাই। কথাখিনি সূক্ষ্মভাবে মন
কৰিবলগীয়া যে ঊপনিষদৰ পৰা ৰবীন্দ্ৰনাথলৈকে এটা বিস্তৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈয়ো আধুনিকতাবাদী মননৰ সংকট আৰু বিপৰ্যয়ৰ প্ৰতি কবি
নৱকান্তৰ যি সচেতনতা সিয়েই নৱকান্ত বৰুৱাক টি এছ এলিয়টৰ কাষ চপাই ৰাখিছে। "খীষ্টধৰ্মৰ ভৰসাত আস্থাবান হোৱা সত্বেও এলিয়টৰ কাব্য, তেওঁৰ জীৱনবোধত আধুনিক মানৱৰ এই বিপত্তি
পৰিস্ফুট" [হীৰেন গোহাঁই, নৱকান্ত বৰুৱাৰ 'সম্ৰাট', "সাহিত্যৰ
সত্য"]।
এই লেখাৰ আগতেও আমি বাৰে বাৰে কৈ আহিছোঁ যে সমাজ বাস্তৱতাৰ দৃষ্টিভংগীৰে কবিতা এটাক চাবলৈ যাওঁতে কেৱল যে তাত ডিঙিৰ শিৰ ফুলাই দিয়া শ্লোগান থাকিব লাগিব, শ্ৰেণী সংগ্ৰামৰ কথা ঘোষণা হ'বই লাগিব- তেনে একো কথা নাই আৰু তেনেকৈয়ে 'সৰ্বহাৰা' দুখীয়া মানুহৰ দুখ দুৰ্দশাই থাকিব লাগিব বুলিও একো নাই। সেইবোৰে বৰঞ্চ বহুসময়ত সামাজিক দৃষ্টিকোণেৰে চাবলৈ গৈ শিল্পৰ, বক্তব্যৰ আৰু সামগ্ৰিকভাবে মননৰেই অৱমাননাহে কৰে। এনে প্ৰসংগতে নৱকান্ত বৰুৱাৰ 'সম্ৰাট' কবিতাৰ সম্পৰ্কে ক'বলৈ গৈ ড° হীৰেন গোহাঁই দেৱে কোৱা কিছু কথা আছিল এনে-
"আধুনিক অসমীয়া কবিসকলৰ ভিতৰত কেৱল নৱকান্ত বৰুৱাৰ কাব্যতে প্ৰথমৰে পৰা সন্ধানী বুদ্ধি আৰু সজাগ যুগ-চেতনা দেখা যায় - যি যুগ-চেতনা যথাৰ্থতে কাব্যিক, কাৰণ প্ৰচলিত মতবাদৰ নিৰ্দেশ অনুসাৰে নগৈ বিশুদ্ধ সংবেদনৰ পৰিশ্ৰমত সি নিমগ্ন। সেয়ে তেওঁৰ হৃদয়ৰ দাম আমাৰ ওচৰত বেছি। আধুনিক সমাজ আৰু সভ্যতাৰ বা-বতাহত গঢ়ি উঠা আধুনিক মানৱ-প্ৰাণৰ নাড়ী-জ্ঞান এই হৃদয়ৰ স্পন্দনৰ যোগেদি সম্ভৱ। আমাৰ বিপত্তিৰ ৰূপ আৰু অনুভৱনীয়, অভিজ্ঞতা আৰু অন্তৰ্ংগ হৈ উঠিব পাৰে এনে কবি-মনৰ সংযোগত। এই বিপত্তিৰ প্ৰতি মানৱ হৃদয়ৰ সকলো সঁহাৰি, মানৱীয় ঐতিহ্যৰ সকলো সমাধান উদ্ঘাটন কৰিব পাৰে এনে কবিৰ অন্বেষণে। অৱশ্যে ইয়াৰ মাজতো বিচাৰৰ অৱকাশ আছে। মধ্যবিত্ত সমাজৰ ভাত-মাছৰ, আলু-পিটিকা আৰু ইনক্ৰিমেণ্ট বন্ধৰ দুঃস্বপ্নৰ উল্লেখেই সজাগ আধুনিকতাৰ লক্ষণ নহ'বও পাৰে - বৰং সি সূক্ষ্মতৰ, গভীৰতৰ সন্ধানৰ পৰা কবিক বিভ্ৰান্তহে কৰিব পাৰে।
[হীৰেন গোহাঁই, "নৱকান্ত বৰুৱাৰ 'সম্ৰাট'", "সাহিত্যৰ সত্য"]

"বুৰঞ্জী" কবিতাটোতো নৱকান্ত বৰুৱাৰ 'সন্ধানী বুদ্ধি', 'সজাগ যুগ-চেতনা' আৰু 'আধুনিক সমাজ আৰু
সভ্যতাৰ বা-বতাহত গঢ়ি উঠা আধুনিক মানৱ-প্ৰাণৰ নাড়ী-জ্ঞান'ৰ সম্ভেদ সম্ভৱপৰ হৈ উঠিছে। কাৰণ কবিতাৰ শেষৰ স্তৱকলৈ আহি, কবিৰ নিজৰ ব্যক্তিনিষ্ঠাৰ অৱস্থানলৈ আহি ৰবীন্দ্ৰনাথৰ দৰে
নৱকান্তও আচৰিত হ'ব খুজিছে, কিন্তু আচৰিত হ'ব পৰা নাই। ইতিমধ্যেই জ্ঞান-গৰ্বী, বুদ্ধিত অহংকাৰী হৈ উঠা মানুহৰ সন্মুখত প্ৰকৃতিৰ ৰহস্য উন্মোচিত হৈ হৈ গৈ
থাকি মানৱ মন- এটা নিৰ্লিপ্ত অৱস্থান পাইছেগৈ। এই
নিৰ্লিপ্তিয়েই মানৱ সভ্যতাৰ আটাইতকৈ ভয়াবহ বিপৰ্যয় হৈ উঠিবগৈ পাৰে - সেই কথা কবিতাটোত ফঁহিয়াই বুজাই নিদিলেও অনুভৱ কৰা হৈছে। এনে পৰিপ্ৰেক্ষিততেই
ঈশ্বৰৰ প্ৰতি কবিৰ প্ৰাৰ্থনা।
এই ঈশ্বৰৰ
ধাৰনাটোও মন কৰিবলগীয়া। এই ঈশ্বৰ ধন দে, বল দে, বুদ্ধি দে বুলি বন্দনা কৰি থকা ব্ৰাহ্মণ্য ঈশ্বৰজন নহয়।
ধন, বল, বুদ্ধিতো দূৰৰে কথা আনকি 'মুক্তিতো নিস্পৃহ' হৈ বন্দনা কৰা ভকতীয়া ঈশ্বৰজনো এইজন নহয়। বৰঞ্চ সৰ্বমানৱৰ মুক্তিৰ কথা যাৰ সন্মুখত
সম্বোধন কৰিব পাৰি তেনে এক সত্বাহে মাথোন। সেই প্ৰথম মানুহটোৰ পৰা অৰম্ভ কৰি বৰ্তমানলৈকে এক মহাকাব্যিক পৰিসৰৰ ইংগিত বহন কৰাৰ বাবে নহয়, 'পূৱফালৰ সেই বিৰাট কাৰবাৰটো'ৰ পৰা সত্যৰ মুখ আচ্ছন্ন কৰি ৰখা হিৰন্ময় পাত্ৰৰ কথা কোৱাৰ বাবে নহয়, সেই সকলোবোৰৰ ব্যতিৰেকেও কৌতুহলৰ পৰা আঁতৰি আহি স্থবিৰ হৈ পৰা সৰ্ব মানৱৰ
মুক্তিৰ কামনাখিনিৰ কাৰণেহে নৱকান্ত বৰুৱাৰ
"বুৰঞ্জী" এটা সাৰ্বজনীন আৰু উৎকৃষ্ট কবিতা হৈ চিৰকাল মানুহৰ মাজত ৰ'ব।
+++++++++
[টোকা- আখৰুৱা দলৰ অসমীয়া সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি
আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি
এলানি সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি সমালোচনা অথবা পৰ্যবেক্ষণৰ
বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই
প্ৰয়াস। এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা
খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।
আলোচ্য কবিতাটি হ’ল নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এই লানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট) বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। - সমুদ্ৰ কাজল শইকীয়া]

_____________________________________
প্ৰশাসকৰ মন্তব্য:
ইতিমধ্যে ঘোষণা
কৰা অনুসৰি নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী” শীৰ্ষক কবিতাটোৰ ভিন্ন দৃষ্টিভংগীৰে সমুদ্ৰ কাজল শইকীয়াই কৰা আলোচনাৰ পাঁচটা
পাঠৰ অন্তিমটো পাঠ আখৰুৱালৈ আজি আগবঢ়ালোঁ।
পৰৱৰ্তী তথা
অন্তিম পাঠটো অচিৰেই প্ৰকাশ কৰা হ'ব। আশাকৰোঁ আখৰুৱাৰ পাঠক, কবি, পৰ্যালোচকসকলে এইলানি পাঠ মনযোগেৰে পঢ়িব আৰু অসমীয়া সমালোচনা সাহিত্যৰ বিষয়ে সঠিক ধাৰণা ল'বলৈ যত্ন কৰিব।
ধন্যবাদ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati
৭ মাৰ্চ, ২০১৭
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati
৭ মাৰ্চ, ২০১৭
No comments:
Post a Comment