এক মিনিটৰ গল্প
পৌনঃপুনিক
ৰ'দজাকে আহি তাইৰ গালে মুখে ধৰা দি পুৱাৰ চিকুণ টোপনিকণত প্ৰতিবন্ধক হিচাপে থিয় দিছেহি। বহুসময় ইকাটি সিকাটি কৰি থাকিও জলঙাৰে সোমাই অহা ৰ'দজাকৰ হাতত তাই হাৰি গ'ল। চকুহাল মুদিয়েই কাষৰ গাৰুটো খেপিয়াই চালে, একো বিচাৰি নাপায় হাতখন গাৰুটোৰপৰা বিচনাখনলৈ নামি আহিল। নাই, উঠি গৈছে।
ফেচকুৰিয়ে বান্ধি ৰখা চকুকেইটা কোনোমতে মেলিবলৈ তাই সক্ষম হ'ল। ৰাতিটোৰ অৱসাদ যেন এতিয়াও দূৰ হোৱাই নাই, দূৰ হোৱা নাই নিচাও -- সেইবাবেই হয়তো অৰ্দ্ধচেতন মনটোৱে খেপিয়াই ফুৰিছিল বিচনাখন। গাৰুৰ পৰা মূৰটো সামান্য তুলি চাই দেখিলে, মানুহজনে একান্তমনে চাহ কৰিছে। বিচৰাটো নোপোৱাৰ দুখ এটাত তাই বুকুৰ এচুকত সামান্য বিষ অনুভৱ হোৱা যেন লাগিল।
-- আপুনি উঠিল। মোৰ হে আজি টোপনি পলমকৈ ভাগিল।
-- হুঁ, চাহ খাবানে?
-- ব্ৰাছ কৰি।
হাতত দুকাপ ধোঁৱা বলি থকা চাহ লৈ আগবাঢ়ি অহা মানুহজনলৈ চাই তাই গাৰ পাতল চাদৰখন নিজৰ ফালে টানি নাঙঠ শৰীৰটো ডিঙিলৈকে ঢাকি ললে। চাদৰখনে তাইৰ গাৰ ভাঁজবোৰত আলফুলে লিপিট খাই পৰিল। অলপ ইতস্ততঃ কৰিব লগীয়াত পৰিল তাই, দিন আৰু ৰাতিবোৰৰ মাজত কিয় যে আকাশ পাতাল তফাৎ!
ওঁঠৰ বাওঁকোণ সামান্য বেঁকা কৰি হাঁহি মৰাৰ দৰে এটা আকৰ্ষণীয় আঙ্গিক পদ্ধতিৰে তেওঁ চাহকাপ তাইৰ ফালে আগবঢ়াই দিলে -- "এতিয়াই খাই লোৱা, চেঁচা হ'ব।"
-- নেলাগে থওকচোন।
উপায়ন্তৰ হোৱা যেন দেখুৱাই শিতানৰ টেবুলখনতে চাহকাপ থৈ তেখেত কামত লাগিল। একান্তমনে লেপটপটো খুলি কিবা কৰাত লাগিছে। বগা কূৰ্ত্তাটোৱে ঢাকি ৰখা পিঠিৰ ফালটো খিৰিকীৰ জলঙাৰে সোমাই অহা ৰ'লকাঁচলিয়ে উদ্ভাসিত কৰি তুলিছে। চ'তৰ ৰ'দজাক ইমান প্ৰখৰ, তাতে পৰিছেহি উন্মুক্ত শুভ্ৰতাত -- এই যেন চকু চাট মাৰি ধৰিব। ৰাতিটোৰ আশীৰ্বাদত বিচনা চাদৰখন সোত মোচ খাই পৰি ৰৈছে, শুই পৰা মূৰবোৰৰ ওজনত গাৰুদুটা চেপেটা হৈ গৈছে, সামৰা হোৱা নাই মানুহজনে গাত লোৱা পাতল ব্লেংকেট খন। বিশৃংখল বিচনা, স্মৃতি বিজৰিত, পায়ো হেৰোৱাৰ বেদনাত ভাৰাক্ৰান্ত। চকুহাল পুনৰ মুদি দিলে তাই। হঠাতে কিবা এটা মনত পৰিল।
-- দেৰিয়ে হ'ল, চাহকাপ খাই মই ওলাওঁ।
-- ওম।
লৈ থকা চাদৰখনৰ তলতে টপটো আৰু জিন্সটো গাত সোমোৱাই তাই বাথৰুমৰ ফালে খোজ ললে। এহাতত টুথব্ৰাছডাল, কান্ধত টাৱেল। তাই উঠি যোৱাৰ ফালে মানুহজনৰ কোনো ধৰণৰ ভ্ৰূক্ষেপ নাই-- একান্ত দৃষ্টি লেপটপত নিবদ্ধ। তাই জানে, এইখিনি সময় তেওঁৰ ব্যক্তিগত, ব্যাঘাত জন্মাই লাভ নাই।
তাৰপিছত -- আগৰাতি ভৰাই থোৱা বাল্টিটোৰ ঠাণ্ডা পানীখিনিয়ে ৰাতিটোৰ অৱশিষ্ট ঘঁহি পিহি ধুই নিয়ে। পৌনঃপুনিক দিনবোৰৰ বাবে তাই নিজকে সাজু কৰে।
কবি:-
ණ প্ৰতীক্ষা প্ৰিয়্ম ।
No comments:
Post a Comment