আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৪৫): (২২- ২৮) ফেব্ৰুৱাৰী, ২০১৭ (চতুৰ্থ খণ্ড)
পৰ্যালোচক : বিচিত্ৰ কুমাৰ মেধি
পুনৰীক্ষণ (৪৫): (২২- ২৮) ফেব্ৰুৱাৰী, ২০১৭ (চতুৰ্থ খণ্ড)
পৰ্যালোচক : বিচিত্ৰ কুমাৰ মেধি
কবিতাৰ ক্ষেত্ৰখন
যিদৰে বিশাল, সেইদৰে ইয়াৰ সৃষ্টি-প্ৰক্ৰিয়াও
স্বৰূপাৰ্থত অত্যন্ত জটিল। সেয়েহে কবিতাৰ
বিচাৰ-বিশ্লেষণ তথা আলোচনা- পৰ্যালোচনা কৰাটো অতিশয় দুৰূহ কাম বুলি ক'ব পাৰি। কিয়নো ইয়াৰ ভাৱ- ভাষা, ৰূপ-ৰীতি সকলো বিচিত্ৰ ; সেয়ে আলোচক অনুসৰি কবিতাৰ বিচাৰ-বিশ্লেষণ
ভিন্ন হোৱাটো তেনেই স্বাভাৱিক। সি যি
কি নহওঁক, ফেব্ৰুৱাৰী মাহৰ অন্তিম সপ্তাহত 'আখৰুৱা'ত আপলোড হোৱা কবিতাসমূহৰ পৰা চাৰিটা কবিতা
নিৰ্বাচন কৰি পুনৰীক্ষণ শিতানত আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। উল্লেখযোগ্য যে এই খণ্ডৰ বাবে পৰ্যালোচকে নিৰ্বাচন কৰা কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
(ক) এখন গাঁও আছিল-> ৰূপম দাস
(খ) চকু-> চৈয়দ আহমদ শ্বাহ
(গ) এজাক বৰষুণ-> বিনু ফুকন
(ঘ) সুখ-দুখবোৰ আছে বাবেই-> মেঘালি গগৈ
(খ) চকু-> চৈয়দ আহমদ শ্বাহ
(গ) এজাক বৰষুণ-> বিনু ফুকন
(ঘ) সুখ-দুখবোৰ আছে বাবেই-> মেঘালি গগৈ
আজিৰ এই
পৰ্যালোচনাৰ বাবে প্ৰথমে বাছি লৈছোঁ ৰূপম দাসৰ 'এখন গাঁও আছিল' শীৰ্ষক কবিতাটো। আহকচোন আলোচনাৰ পদূলিতে
সম্পূৰ্ণ কবিতাটো ৰসাস্বাদন কৰি লওঁ…।
(ক) এখন গাঁও আছিল-> ৰূপম দাস
এখন গাঁও আছিল
মানুহবোৰ আছিল মাটিৰ
শেৱালি ফুলিছিল
বকুলৰ সুগন্ধ
ঢেকীৰ মাত আছিল
গৰু ছাগলীৰ
ঢোল বাজিছিল
ডবা বৰকাহ
আজান আছিল
আইনাম
এখন গাঁও আছিল
পাৰ চৰাই
সূৰ্য্য মৰিছিল
উপজিছিল
এখন গাঁও আছিল
নদী।
মানুহবোৰ আছিল মাটিৰ
শেৱালি ফুলিছিল
বকুলৰ সুগন্ধ
ঢেকীৰ মাত আছিল
গৰু ছাগলীৰ
ঢোল বাজিছিল
ডবা বৰকাহ
আজান আছিল
আইনাম
এখন গাঁও আছিল
পাৰ চৰাই
সূৰ্য্য মৰিছিল
উপজিছিল
এখন গাঁও আছিল
নদী।
কোৱা বাহুল্য, মানৱ সভ্যতা অংকুৰিত হৈছিল গাঁৱৰ বুকুত।
তাহানিৰ গ্ৰাম্যজীৱনৰ নিৰিবিলি পৰিৱেশৰ পৰা কবি
যেন আঁতৰি আহিব বিচৰা নাই। সেয়েহে হয়তো কবিতাটোত গ্ৰাম্যজীৱনৰ আজন্ম চিনাকি সুবাসসিক্ত এক নষ্টালজিক ৰূপ মূৰ্ত হৈ উঠিছে। কবিয়ে প্ৰত্যক্ষ কৰিছে
ক্ৰমাৎ হেৰাই যাবলৈ ধৰা গ্ৰাম্য জীৱনৰ মোহনীয় ৰূপ। কিন্তু তাহানিৰ সেই গাঁওখন এতিয়া কবিয়ে বিচাৰি পোৱা নাই। প্ৰাচুৰ্যৰে ভৰপূৰ সেই বিনন্দীয়া
প্ৰকৃতিৰ ৰূপ-ৰং বিভিন্ন শক্তিয়ে যেন তচনচ কৰি পেলাইছে।
প্ৰকৃতাৰ্থত
গ্ৰাম্যজীৱনৰ সৰলতাৰ মাজতেই নিহিত হৈ থাকে জীৱনৰ আচল মাধুৰ্য। অৱশ্যে কবিয়ে সেই
সৰলতা বিচাৰি হতাশ হোৱা যেন ধাৰণা হ'ল।
ক'ব পাৰি ৰূপম দাসৰ আলোচ্য কবিতাটো পৰিশীলিত শব্দ প্ৰয়োগৰ এটা
নিটোল কবিতা। অৱশ্যে প্ৰকাশভংগী আৰু কিছু উন্নত
কৰাৰ থল আছিল। শেষৰ শাৰী দুটাই কবিতাটো কিছু দুৰ্বোধ্য কৰা যেন ধাৰণা হ'ল। সি যি কি নহওক, ৰূপম দাসৰ 'এখন গাঁও আছিল' এটা সাৰ্থক কবিতা বুলি ক'ব লাগিব।
এইবাৰ পৰ্যালোচনাৰ বাবে হাতত তুলি লৈছোঁ চৈয়দ আহমদ শ্বাহৰ 'চকু' শীৰ্ষক কবিতাটো। বাটচ'ৰাতে সম্পূৰ্ণ কবিতাটো ৰসাস্বাদন কৰি লোৱা যাওক…।
(খ) চকু-> চৈয়দ আহমদ শ্বাহ
ডিভাইডাৰৰ ওপৰতে
বহি
সি গাড়ীবোৰ চাই থাকে
এইফালৰ পৰা গাড়ীবোৰ যায়
সেইফালৰ পৰা আহে..
তাৰ লেতেৰা ডাঢ়িৰ মাজেদি
গাড়ীবোৰ অহা যোৱা কৰি থাকে...
যানজঁট হোৱা যেন দেখিলে
ডাঢ়িখিনি খঁজুৱাই পথটো সি ততাতৈয়াকে
মুকলি কৰি দিয়ে
সামান্য লৰচৰ কৰি গাড়ীবোৰ
আগৰ দৰেই পূৰ্ণগতিত যাবলৈ আৰম্ভ কৰে..
তাৰ লেতেৰা ডাঢ়িৰ মাজেদি লানি নিচিগাকৈ
গাড়ীবোৰ অহা যোৱা কৰি থাকে...
কোনদিনেই মই তাৰ খঙ উঠা দেখা নাই
সি অনবৰতে হাঁহিয়েই থাকে..
ব্যঙ্গ নাটক খনৰ একমাত্র দৰ্শক সি
সি নাহাঁহিলে কোনে হাঁহিব...।
সি গাড়ীবোৰ চাই থাকে
এইফালৰ পৰা গাড়ীবোৰ যায়
সেইফালৰ পৰা আহে..
তাৰ লেতেৰা ডাঢ়িৰ মাজেদি
গাড়ীবোৰ অহা যোৱা কৰি থাকে...
যানজঁট হোৱা যেন দেখিলে
ডাঢ়িখিনি খঁজুৱাই পথটো সি ততাতৈয়াকে
মুকলি কৰি দিয়ে
সামান্য লৰচৰ কৰি গাড়ীবোৰ
আগৰ দৰেই পূৰ্ণগতিত যাবলৈ আৰম্ভ কৰে..
তাৰ লেতেৰা ডাঢ়িৰ মাজেদি লানি নিচিগাকৈ
গাড়ীবোৰ অহা যোৱা কৰি থাকে...
কোনদিনেই মই তাৰ খঙ উঠা দেখা নাই
সি অনবৰতে হাঁহিয়েই থাকে..
ব্যঙ্গ নাটক খনৰ একমাত্র দৰ্শক সি
সি নাহাঁহিলে কোনে হাঁহিব...।
আলোচ্য কবিতাটোৰ
জৰিয়তে কবিয়ে প্ৰতীকৰ সহায়ত এখন চিনাকি ছবি পাঠকৰ সন্মুখত দাঙি ধৰিব খুজিছে। বহুসময়ত কবিতাই কিছুমান সাৰ্বজনীন সত্য
প্ৰকাশ কৰে। অৱশ্যে কোৱা নিষ্প্ৰয়োজন এই প্ৰকাশ যথাযথ
আৰু পোনপটীয়া হোৱাতকৈ কিছু প্ৰতীকধৰ্মী হোৱা ভাল।
কবিতাটো পঢ়ি উঠি
ধাৰণা হ'ল 'চকু', 'সি' আদি শব্দকেইটা প্ৰতীকী পৰ্যায়ৰ। সামগ্ৰিকভাৱে কবিতাটোৰ মাজেৰে প্ৰতীকময় ভাব সুন্দৰভাৱে প্ৰকাশ পাইছে। কবিতাটোত যেন
কবিয়ে এজন ভিক্ষাৰীৰ দৈন্য বৰ্ণাইছে। চাৰিওফালে পুঞ্জীভূত অন্ধকাৰ। ক্ষুধা আৰু দাৰিদ্ৰ্যৰ মাজত থকা ভিক্ষাৰীজনৰ দৃষ্টিত ধৰা দিয়া কৃত্ৰিম
পৃথিৱীখনৰ ছবি কবিয়ে সাৱলীলভাৱে অংকন কৰিছে। ইয়াত ভিক্ষাৰীজন যেন সৰ্বহাৰাৰ প্ৰতীক। ফুটপাথে ফুটপাথে লেবেজান হৈ পৰি থকা মানুহৰ কৰুণ জীৱন কবিৰ কাপত ধৰা
দিছে। অৱশ্যে কবিতাটোৰ মাজত আওপকীয়াকৈ বাৰ্ধক্যৰ কথা চিত্ৰিত কৰা যেন ধাৰণা হ'ল।
সূক্ষ্ম বিশ্লেষণ, প্ৰতীকী শব্দ তথা ব্যঞ্জনাধৰ্মী ভাষাৰে কবি চৈয়দ আহমদ
শ্বাহে আধুনিক জীৱনৰ মৰ্মস্পৰ্শী ৰূপটো অংকন
কৰিবলৈ সক্ষম হৈছে। আনহাতে কবিতাটোত অনুভূতিৰ তীব্ৰতা অনুভৱ কৰা যায়। কবিতাটোৰ ভাব-ভাষা-প্ৰকাশভংগীত কবিয়ে কিছু নতুনত্ব আনিবলৈ প্ৰয়াস কৰিছে। একে আষাৰে
ক'ব পাৰি কবিতাটোত প্ৰকাশ পোৱা এই দুখৰ উপলব্ধি অতি গভীৰ আৰু মৰ্মস্পৰ্শী।
এইবাৰ আলোচনাৰ
আওতালৈ আনিছোঁ বিনু ফুকনৰ 'এজাক বৰষুণ' শীৰ্ষক কবিতাটো। এইখিনিতে সম্পূৰ্ণ
কবিতাটো এবাৰ পঢ়ি লোৱা যাওক।
(গ) এজাক বৰষুণ-> বিনু ফুকন
এজাক বৰষুণত
ধূলিয়ৰি বতাহ জাকে গা ধুলে
কি যে নিৰ্মল !
কি যে নিৰ্মল !
পিয়াহত আতুৰ হোৱা
প্ৰকৃতিৰ কোলাত
অমৃতৰ জল ,
যেন সদ্যস্নাতা ন বোৱাৰীৰ
চুলিৰ পানীৰে
ভিজা ভিজা আঁচল ।
তাকে দেখি
বনৰ হৰিণী জনীয়ে
মূৰ দাঙি চালে
ফাগুন বনত ,
কি যে অপূৰ্ব !
কি যে অপূৰ্ব !
ধূলিয়ৰি বতাহ জাকে গা ধুলে
কি যে নিৰ্মল !
কি যে নিৰ্মল !
পিয়াহত আতুৰ হোৱা
প্ৰকৃতিৰ কোলাত
অমৃতৰ জল ,
যেন সদ্যস্নাতা ন বোৱাৰীৰ
চুলিৰ পানীৰে
ভিজা ভিজা আঁচল ।
তাকে দেখি
বনৰ হৰিণী জনীয়ে
মূৰ দাঙি চালে
ফাগুন বনত ,
কি যে অপূৰ্ব !
কি যে অপূৰ্ব !
উল্লিখিত কবিতাটো
পঢ়ি অতোৱাৰ পাছত ধাৰণা হৈছে কবিতাটোত এটা কেন্দ্ৰীয় সুৰ আছে। সেয়া হ'ল প্ৰকৃতিৰ বুকুত থকা এক প্ৰাণস্পন্দনৰ ৰূপ আৰু এই ৰূপটো কবিতাটোত মূৰ্ত হৈ উঠিছে। আৰম্ভণিতে কবিতাটোত এক উন্মাদনা
তথা অধীৰতাৰ আৱেগ প্ৰকাশ পাইছে।
বৰষুণ মানেই সপোন।
চেতাৰৰ গুঞ্জনৰ দৰে সৰা বৰষুণত ভাবুক কবিমনে নানা ৰঙীন কল্পনাৰে বোলাই লয়। বৰষুণৰ আগমনত কবিৰ কল্পনাই পাখি মেলে দূৰ দিগন্তলৈ। এজাক বৰষুণে কবিৰ
মনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। আনহাতে কবিয়ে বৰষুণৰ আশাৰ প্ৰতীক হিচাপে লৈ নিজৰ মনত উদয় হোৱা ভাৱৰাশি সুন্দৰকৈ প্ৰকাশ কৰিছে। দেখাত সহজ-সৰল আৰু
পোনপটীয়া যেন লাগিলেও বিনু ফুকনৰ আলোচ্য কবিতাটো অৰ্থঘন আৰু ব্যঞ্জনাময়। আনহাতে কবিতাটোৰ বিষয়বস্তুৰ সৈতে ভাবৰ সংগতিও অৰ্থপূৰ্ণ।
আজি আলোচনাৰ বাবে
হাতত লোৱা অন্তিম কবিতাটো হ'ল মেঘালি গগৈৰ 'সুখ-দুখবোৰ আছে বাবেই' শীৰ্ষক কবিতাটো। কবিতাটোৰ অন্তৰ্ভাগলৈ যোৱাৰ পূৰ্বে সম্পূৰ্ণ কবিতাটো এবাৰ পঢ়ি লোৱা যাওক।
(ঘ) সুখ-দুখবোৰ আছে বাবেই-> মেঘালি গগৈ
দুখবোৰ আছে বাবেই
সুখৰ সন্ধান
সুখবোৰ সপোনৰ বাট
সপোন আছে বাবেই জীৱন সুন্দৰ
পোৱা নোপোৱাক নেওচি
উদাস আকাশত মেঘৰ বৰষুণ টোপাল টোপাল ।
সৰুতে আইয়ে শিয়ালীয়ে নাহিবি ৰাতি
যি সুৰৰ মূৰ্চ্ছনা কাণত উনাই দিছিল
থাওকতে শিয়ালটোৰ পিছে পিছে লৌৰি
ৰতনপুৰ পাইছিলো গৈ
টঙীঘৰত বহি হুৰ হুৰ বতাহ চৰাই
জীৱনৰ উমাল হেঁপাহ
মায়াসনা আশা ।
ফটাকানিৰ দৰা কইনা
ৰজা ৰাণীৰ ৰাজপ্ৰসাদ
শৈশৱৰ আছিল সপোনৰ ভোগজৰা ।
তেজৰঙী পলাশ শিমলু ,ফাগুনৰ পচোৱা বা
আইয়ে ক'লে নেজাবি নেজাবি
এইবোৰ বাউলি বতাহ
নাসাজিবি নাসাজিবি চকৰি ,চিলা
খিৰিকীৰে জুমি চা ।
জীৱনৰ সন্ধানত জীৱন বিচাৰি
সুখতে দুখ ,দুখতে সুখ
একোলা -দুকোলাকৈ বাঢ়ি আহে
এৰাব নোৱাৰাকৈ পুৰণি অসুখ ।
সুখবোৰ সপোনৰ বাট
সপোন আছে বাবেই জীৱন সুন্দৰ
পোৱা নোপোৱাক নেওচি
উদাস আকাশত মেঘৰ বৰষুণ টোপাল টোপাল ।
সৰুতে আইয়ে শিয়ালীয়ে নাহিবি ৰাতি
যি সুৰৰ মূৰ্চ্ছনা কাণত উনাই দিছিল
থাওকতে শিয়ালটোৰ পিছে পিছে লৌৰি
ৰতনপুৰ পাইছিলো গৈ
টঙীঘৰত বহি হুৰ হুৰ বতাহ চৰাই
জীৱনৰ উমাল হেঁপাহ
মায়াসনা আশা ।
ফটাকানিৰ দৰা কইনা
ৰজা ৰাণীৰ ৰাজপ্ৰসাদ
শৈশৱৰ আছিল সপোনৰ ভোগজৰা ।
তেজৰঙী পলাশ শিমলু ,ফাগুনৰ পচোৱা বা
আইয়ে ক'লে নেজাবি নেজাবি
এইবোৰ বাউলি বতাহ
নাসাজিবি নাসাজিবি চকৰি ,চিলা
খিৰিকীৰে জুমি চা ।
জীৱনৰ সন্ধানত জীৱন বিচাৰি
সুখতে দুখ ,দুখতে সুখ
একোলা -দুকোলাকৈ বাঢ়ি আহে
এৰাব নোৱাৰাকৈ পুৰণি অসুখ ।
কবিতাৰ অন্যতম
শ্ৰেষ্ঠ সম্পদ হ'ল অন্তৰ্লীন ভাব। আনহাতে প্ৰকাশিকা শক্তিয়েই হ'ল কবিতাৰ প্ৰধান আকৰ্ষণ। কোৱা বাহুল্য, কবিতাৰ ভাষা আৰু আংগিক সদায় পৰিৱৰ্তনশীল।
সময়ৰ দ্ৰুত
পৰিৱৰ্তনৰ লগে লগে গ্ৰাম্য জীৱনৰ সৰলতাৰ মাজলৈ ক্ৰমশঃ সোমাই আহিছে নাগৰিক সভ্যতাৰ বীজাণু। সাধু শুনি ভোল যোৱা সহজ-সৰল গ্ৰাম্য জীৱনলৈ নতুনকৈ আহি
পৰা শংকাপূৰ্ণ অস্থিৰ অৱস্থাৰ চিত্ৰ কবিয়ে সুন্দৰভাৱে কবিতাটোত অংকন কৰিছে। স্মৃতিকাতৰতাই যেন কবিক অতীতৰ শৈশৱৰ দিনবোৰলৈ ওভতাই নিছে। কবিতাটোৰ
আৰম্ভণিটোৱেই কঢ়িয়াই আনিছে এক সুন্দৰ ব্যঞ্জনা।
কবিতাটোত কবিয়ে
সহজ-সৰলভাৱে বৰ্ণনা কৰিছে জীৱনৰ কেতবোৰ গভীৰ সত্য। আনহাতে জীৱন আৰু জগত সম্পৰ্কে গভীৰ অধ্যয়ন কবিতাটোত বিৰাজমান। কবিতাটোৰ সামৰণিৰ কাব্যিক ব্যঞ্জনা মন
কৰিবলগীয়া। অৱশ্যে কবিতাটোৱে আমাক পুলকিত কৰিছে যদিও শব্দ প্ৰয়োগত কবিগৰাকী কিছু সচেতন হোৱা ভাল।
সি যি কি নহওক, মেঘালি গগৈৰ 'সুখ-দুখবোৰ আছে বাবেই' কবিতাটো এটা সাৰ্থক অনুভূতিশীল কবিতা।
-------------------------------------------------------------
ব্যৱস্থাপকৰ মন্তব্য:
---------------------------
-------------------------------------------------------------
ব্যৱস্থাপকৰ মন্তব্য:
---------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা
কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ
সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ
পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
(ক) এখন গাঁও আছিল-> ৰূপম দাস
(খ) চকু-> চৈয়দ আহমদ শ্বাহ
(গ) এজাক বৰষুণ-> বিনু ফুকন
(ঘ) সুখ-দুখবোৰ আছে বাবেই-> মেঘালি গগৈ
(খ) চকু-> চৈয়দ আহমদ শ্বাহ
(গ) এজাক বৰষুণ-> বিনু ফুকন
(ঘ) সুখ-দুখবোৰ আছে বাবেই-> মেঘালি গগৈ
৪) এই পৰ্যালোচনাই
সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ
কৰিলোঁ।
মূল কবিতাত
বৰ্তমানলৈ চকুত পৰা ভুলসমূহ :
(ক) এখন গাঁও আছিল-> ৰূপম দাস
ঢেকী-> ঢেঁকী
ডবা-> দবা
বৰকাহ-> বৰকাঁহ
ডবা-> দবা
বৰকাহ-> বৰকাঁহ
(খ) চকু-> চৈয়দ আহমদ শ্বাহ
ডাঢ়িৰ-> দাঢ়িৰ
অহা যোৱা-> অহা-যোৱা
খঁজুৱা-> খজুৱা
ততাতৈয়াকে-> ততাতৈয়াকৈ
নিচিগা-> নিছিগা
নাটক খনৰ-> নাটকখনৰ
খঙ-> খং
অহা যোৱা-> অহা-যোৱা
খঁজুৱা-> খজুৱা
ততাতৈয়াকে-> ততাতৈয়াকৈ
নিচিগা-> নিছিগা
নাটক খনৰ-> নাটকখনৰ
খঙ-> খং
(গ) এজাক বৰষুণ-> বিনু ফুকন
ধুলে-> ধূলে
ন বোৱাৰীৰ-> ন- বোৱাৰীৰ
ন বোৱাৰীৰ-> ন- বোৱাৰীৰ
(ঘ) সুখ-দুখবোৰ আছে বাবেই-> মেঘালি গগৈ
সুখ দুখ-> সুখ-দুখ
বতাহ জাক-> বতাহজাক
থাওকতে-> থাউকতে
ৰাজ প্ৰসাদ-> ৰাজ-প্ৰাসাদ
নাজাবি-> নাযাবি
বতাহ জাক-> বতাহজাক
থাওকতে-> থাউকতে
ৰাজ প্ৰসাদ-> ৰাজ-প্ৰাসাদ
নাজাবি-> নাযাবি
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা
পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২৩ মাৰ্চ, ২০১৭
জনজিৎ গোস্বামী
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২৩ মাৰ্চ, ২০১৭
No comments:
Post a Comment