মিতভাষ -- ১৭৪
বাৰে বাৰে ভুল হয় বাট
বাৰে বাৰে ভুল হয় বাট
বাৰে বাৰে ভুল হয়
বাট --- নাজানো কিয় আহি পাওঁ এই নিৰ্জন ঘাট । বালি খান্দি খান্দি উঠি আহে ৰক্তাক্ত দুহাত --- দুচকুৰ শূন্যতাত
ওলমি ৰয় এখন ভগ্ন বীন। বুকু ধুনি বৈ যায় এটি সকৰুণ
সুৰ --- সেই সুৰতেই মই জীপ লওঁ আৰু ফুল হৈ সৰোঁ মোৰেই সমাধিত... ।
কবি:-
ණ অনিতা গগৈ ।
No comments:
Post a Comment