Friday, 24 March 2017

মৰিচীকা ණ ডুলুমণি ৰয়



মৰিচীকা


গৈ থকা সময়ক
থমকিব কোৱা নাই
নাইবা সোধাও নাই
সুখৰ পিয়লাত
শূণ্যতাৰ মদিৰা কিয়...
.
দুটা বসন্তৰ চিনাকি বাটৰুৱাজাকে
ৰৈ চোৱা নাই কেতিয়াও
নাইবা জানিবও খোজা নাই
কিমান বাট বুলিলে
পোৱা যায় ঘন সেউজীয়া
এৰা যায় উদাসীনতা ....
.
উতনুৱা বতাহজাকে কেতিয়াবা
ধূসৰ আস্বাদন ফালি
এটি ছাঁয়ামূৰ্তি দেখুৱাই
কিন্তু এতিয়াও
ভালকৈ চাব পোৱা নাই
সেয়া তুমি নে
তোমাৰ মৰিচীকা...

 কবি:-
ডুলুমণি ৰয়

No comments:

Post a Comment