ডায়েৰী
বহুদিনেই হ'ল
তোক বিচাৰি নোচোৱাৰ
উৱলি যোৱা ৰঙবোৰৰ
ঠিকনা হেৰুৱাৰ....
.
তোক বিচাৰি নোচোৱাৰ
উৱলি যোৱা ৰঙবোৰৰ
ঠিকনা হেৰুৱাৰ....
.
যৌৱনৌদীপ্ত হাতেৰে
এদিন
সাৱতি লৈছিলোঁ তোক
আৱেগৰ চিঁয়াহীৰে
সজাই তুলিছিলো প্ৰতি পৃষ্ঠা...
,
,
শুকুলা আঁচলত
কিমান আৰু আঁকিবি
উষ্ম বতাহজাকে আলিংগন কৰা
আবেলিবোৰৰ কথা
উজাগৰি নিশাত
দিক্-বিদিক্ হেৰুৱা
সপোনবোৰৰ কথা...
,
আঁচুতীয়া কোণত তই
বাঁহ সজাৰ পৰাই
হৃদয়ত বন্দী হ'ল অশ্ৰুকণা
সোঁৱৰণিবোৰ পি পি
বন্দীশালত অন্তঃসত্বা হ'ল শব্দ...
,
এতিয়া কলমটোৱে জানে
বেদনাবোৰ ডায়েৰীটোত
প্ৰসৱ কৰিলেই
উপশম ঘটিব
কেইবামহীয়া বিষ....
সাৱতি লৈছিলোঁ তোক
আৱেগৰ চিঁয়াহীৰে
সজাই তুলিছিলো প্ৰতি পৃষ্ঠা...
,
,
শুকুলা আঁচলত
কিমান আৰু আঁকিবি
উষ্ম বতাহজাকে আলিংগন কৰা
আবেলিবোৰৰ কথা
উজাগৰি নিশাত
দিক্-বিদিক্ হেৰুৱা
সপোনবোৰৰ কথা...
,
আঁচুতীয়া কোণত তই
বাঁহ সজাৰ পৰাই
হৃদয়ত বন্দী হ'ল অশ্ৰুকণা
সোঁৱৰণিবোৰ পি পি
বন্দীশালত অন্তঃসত্বা হ'ল শব্দ...
,
এতিয়া কলমটোৱে জানে
বেদনাবোৰ ডায়েৰীটোত
প্ৰসৱ কৰিলেই
উপশম ঘটিব
কেইবামহীয়া বিষ....
কবি:-
ණ ডুলুমণি ৰয়।
No comments:
Post a Comment