Thursday, 30 March 2017

কবিতা ණ মাধৱ দত্ত



কবিতা
~~~~~
কবিতা এটাই সুৰসুৰাই থাকে,
গান এটাই গুনগুনাই থাকে ,
কিন্তু .....
কবিতাটো ঠিক কবিতা নহয়
কোনোবা প্ৰেমাস্পদৰ আত্মকথা ৷
বুকু ভাঙি ওলাই আহে
ঠিক প্ৰেম আৰু বিস্বাস হেৰুওৱা
কেতেকী চৰাইৰ দৰে -
সুগন্ধ -
কেতেকী ফুলৰ দৰে ৷
'ত প্ৰাপ্তিৰ প্ৰাচুৰ্য্যত
মোহগ্ৰস্ত অমানুহ বোৰে
মানুহৰ দৰে -
ঠিক মানুহৰ দৰে
পৈশাচিক হাঁহি মাৰে ৷
অট্ৰহাস্য ৷
উদভ্ৰান্ত -
উদভ্ৰান্ত প্ৰেমৰ
পৈশাচিক বাসনা
গানটো -
গানটো ঠিক গানৰ দৰে ৷
চিৰ সেউজীয়া নহলেও
ঠিক সেউজীয়াৰ দৰে ৷
চিৰকাল হৃদয়ত অনুৰণন
তোলক বা নোতোলক
সিও এটা গান ৷
মোৰ হৃদয়েৰে নিগৰি নিজৰি
সৰ্পিল গতিত তোলা অনুকম্পন ৷
ঠিক যিদিনা হেৰাই গৈছিল মোৰ প্ৰেয়সী,
কবিতা এটাই খোচ মাৰি ধৰিছিল ,
গান এটাই আগভেটি ধৰিছিল,
প্ৰেয়সী হেৰোৱাৰ বাটত !
আজিৰ গানটোৱেই সেই গানটো .....
আজিৰ কবিতাটোৱেই সেই কবিতাটো ......৷
কবিতাৰ জন্ম ভগ্ন হৃদয়তে হয় ৷
গানৰ জন্ম বিৰহৰ বাবে ৷
কবি:-
মাধৱ দত্ত

No comments:

Post a Comment