Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Saturday, 16 December 2017

উক্তি ৭-- কিশোৰ দাস

যিমান মহান আদৰ্শৰে নচলাইবা কিয়
নিজকে যিমানেই উদঙাই নিদিয়াইবা কিয়
কিছুমান কথা নোকোৱাকৈয়ে ৰৈ যাব
কলহৰ তলিৰ পানী টোপালৰ দৰেই।

টোকা : হাৰুকী মুৰাকামীৰ উপন্যাস 'Colorless Tsukuru Tazaki and His Years of 
Pilgrimage' ৰ এটি বাক্যৰ কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।


🖋কিশোৰ দাস

উক্তি ২---কিশোৰ দাস


দুৰ্ভাগ্যক্ৰমে, ঘড়ীটো বাজিয়েই আছে,
সময়বোৰো লগতে গৈয়েই আছে।
বৰ্ধমান অতীতত
ভবিষ্যত হ্ৰাসমান।
সুযোগবোৰো হেৰাই গৈ আছে,
হুমুনিয়াহবোৰে য'ত পাহাৰ সাজিছে।

টোকা : হাৰুকী মুৰাকামীৰ উপন্যাস 'Dance Dance Dance'ৰ এটি বাক্যৰ কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।

কিশোৰ দাস

ৰাজনীতিৰ চুচুংফাক্ ----- ৰীণা বুঢ়াগোঁহাই

ৰাজনীতিৰ চুচুংফাক্
ৰীণা বুঢ়াগোঁহাই



ৰাজনীতিৰ ৰাজ কোনেনো বুজি পায়
বৰ বৰ সেনানীও ধৰাশায়ী হাঁ‌য় ।
আয়াৰাম গয়াৰাম ৰাজনীতিৰ খেল
ইপক্ষই সিপক্ষক মাৰে বিষ শেল ।
মই বৰ ভাৱত প্ৰতিজন যোদ্ধা
সুযোগ পালেই লুটিপুটি পূৰাব ক্ষুধা ।
ক্ষুৰধাৰ সমালোচনাত সকলো পাকৈত
বিপক্ষক লেং মাৰি পেলাই খাৱৈত ।
চল পালেই চাপৰি বজাই কৰে হামোৰ-কামোৰ
যেন দহ দিন দহ ৰাতি নোখোৱা ভোকাতুৰ ।
দেশৰ হকে পিঠি দি নিজৰ সাতগোষ্ঠী উদ্ধাৰে
পাঁ‌চ বছৰতে গোটাই নললে যে জীৱন নেযায় সুখেৰে ।
ভোট বিচাৰি নমস্কাৰ দি হাতৰ বিষ উঠিল
পাঁ‌চ বছৰত মালিচ কৰি কথমপি ভাল কৰিল
কি কাৰনেনো তেওঁলোকে উদ্ধাৰ কৰিব দেশ
অভিনয় কৰি দেশসেৱকৰ ধৰিছিল বেশ ।।

শিল্পী---প্ৰশান্ত কলিতা

' শিল্পী '



শিল্পী সৈনিকৰ বেশত সৃষ্টিৰ যুদ্ধ ক্ষেত্ৰত
মহাসমৰৰ বিভীষিকাৰ ক্ষুধা সমাজৰ মাজত ,
লিও টলস্টয় আৰু লেলিন দেশৰ মাটিত খোজকাঢ়ি ফুৰিছো ,
পুৱাৰ শীতলতাৰ মাজে মাজে মেঘাচ্ছন্ন আকাশত , ভলগা নদীৰ পাৰত
মেক্সিম গৰ্কীৰ প্ৰতিমূৰ্তিৰ তলত বহি
'
মা' উপন্যাস, প্ৰাণ প্ৰাণৰ সৃষ্টি সুঁৱৰি ...
শতাব্দীৰ পৰা শতাব্দীলৈকে জীৱন্ত ছবি চাই,
স্বতন্ত্ৰতাৰ বিক্ষুভ উজাৰি সংগ্ৰামী সত্তা লেলিনৰ মুক্ত কণ্ঠত মই শুনিছো সেয়া
শ্ৰমিক, কৃষক , জোৱান সকলোৱেই সংস্কৃতিৰ মিলন তীৰ্থস্থানত ,
বিচাৰি আহিছো মই পূব ভাৰতীয়
অসমী আইৰ কোলাত জন্ম
সোণালী সূৰ্য্য , সেউজী পাতৰ বৰণ লৈ
উকা নদীত অলেখ ঢৌত মুখ চাই
ব্ৰহ্মপুত্ৰৰ চাপৰিত নাঙলৰ শিৰলুত
সোণালী ধাননি ডৰাত মোৰ মা
দাৱনী কাঁচিখন , সেয়া চোৱাচোন
ময়ো স্বতন্ত্ৰতাৰ বিক্ষুভ উজাৰি আছো

এনেকৈয়েই চলি থাকে--- শঙ্কৰ জ্যোতি দত্ত

:: এনেকৈয়েই চলি থাকে... ::

কবিতাবোৰ শব্দ হয়
শব্দবোৰ পখিলা হয়
পখিলাবোৰ ৰং হয়
ৰঙীন বাবেই পখিলাবোৰ উৰণীয়া ।
জীৱনবোৰ উৰণীয়া হয়
উৰণীয়া হয় বাবেই সপোন চুমে
সপোনবোৰ আৱেগ হয়
কিয়বা, আৱেগবোৰ নৈ হয় !
নৈ হৈ বোৱাই লৈ আহে
মনত সাঁচি থোৱা কথাবোৰ
আকৌ কথাবোৰ শব্দ হয়
আৰু এনেকৈয়েই চলি থাকে
এধৰীয়া মালা...


।। শঙ্কৰ জ্যোতি দত্ত ।।

কবিতাৰ আঁৰৰ কবিতা--- পৰশমনি কাশ্যপ

কবিতাৰ আঁৰৰ কবিতা

কবিতা এটা পঢ়িছিলো
অচিন দেশৰ অনুদিত¸
মাথা-মুণ্ড নুবুজা শব্দৰ খেল খেলিছিল লেখকে¸
খং উঠিছিল¸ মুৰ্খ আচলতে পাঠক নে সেই কবি
যাৰ নাছিল মোৰ ওচৰত পৰিচয়¸
চানাচুৰ খোৱা কাগজত পাইছিলো কবিতাটো
যিটো আছিল অনুদিত
অনুবাদকৰ নামটো নাছিল
হয়তো ৰৈ গৈছিল
ফটা কাগজৰ আনটো পাৰে¸
দুবাৰ চাৰিবাৰ দহবাৰ পঢ়িও নুবুজিলো
মুৰ্খৰ কবিতা
মোহাৰি দলিয়াই দিলো
আকৌ বুটলি আনিলো¸
মই নজনাকৈয়ে কবিতাটোহে সৃষ্টি কৰিছিল কৌতুহল
নভবাকৈয়ে হৈ গৈছিল মুখস্হ
যদিও বিন্দুমাত্ৰাও সাৰমৰ্ম বুজা নাছিলো¸
প্ৰিয় পাঠক¸ সহায় কৰক
এটা অদৰকাৰী কথাই বাহ ললে মগজুত
উলিয়াই দিব পৰাৰ জোখাৰে বিশ্লেষণ নাই
কবিতাটো আছিল এনেধৰণৰ
মুৰ্খ কবি অজান দেশৰ
হয়তো মৃত আছিল
------
যিটো গল্প লিখা হোৱা নাছিল
এটা দুৰন্ত কমেডিয়ান পেটুৱা
যিয়ে ডাল ডাল কৰে পেটৰ নাড়ী
বয়স বোলে বেছি হোৱা নাছিল
অলপতেহে তাৰ বিবাহ বিচ্ছেদ হৈছিল
জোকৰৰ দৰে সি হহুৱাইছিল চবকে
আচলতে সি আছিল এটা হত্যাকাৰী
চাইকৰ দৰে সি হাঁহিছিল¸ কান্দিছিল
অকলে অকলে কথা কৈছিল
জোকৰৰ সাজৰ তলত পিন্ধিছিল গোপন সাজ যি ভয়াবহ
প্ৰতিটো হত্যাত নতুন টেকনিক্
এনে এটি কাহিনীয়েই লিখিছিল লেখকে
চিন্তাৰ আটিগুৰি নথকা
দিশ নমনা শব্দ পুজাৰী
আচলতে চাইকভিলেইন নাছিল
ফ্লেচবেকত ছবিখন আঁকিছিল লেখকে
হয়তো এবুকু দুখ
এবুকু সুখ
সাধাৰণ হিৰোজনে পিন্ধিছিল বেশ
য়দা য়দাহি ধৰ্মস্য নিজ দেশৰ ধৰ্ম
সেয়া বাজিছে আৱহ সংগীত
চাইকৱে মাতে হেমলেটৰ সংলাপ
মই এখন চিনেমা বনাম
যত নাথাকিব হিৰো
ভিলেইন জিকিব
আৰম্ভনিৰ পৰা শেষলৈ দপদপাই থাকিব ভিলেইন
হিৰোইন প্ৰেমত পৰিব ভিলেইনৰ
ৰিয়েলিটি এয়াই
বিভিষিকাৰ অন্য নাম ভিলেইনে
ধ্বংস কৰিব সকলো
চাইককমেডিয়ানে গান এটা গাব
দৌৰি আহিব অপ্সৰাৰ দৰে হিৰোইন
হলত বেচিবলৈ নাথাকিব টিকট
পাৰ ভাঙি বৈ যাব জোৱাৰ
কিন্তু নাটকখন নহব কেতিয়াও
কিয়নো নাথাকিব বিনোদন
নাথাকিব পুতৌ
ভিলেইনবোৰে জিঘাংসাৰে খেদি আহিব ভিলেইন
গল্প এটা লিখিম বুলি দৌৰিছিল মানুহজন
ধ্বংসৰ বন্দনাহে আহিল
পুবত সুৰ্যাস্ত
পশ্চিমত উদয়
উল্টাপুল্টা নিয়ম নমনা লেখকৰ চিঞাহী শেষ
সংলাপবোৰ গান হৈ গুছি গল
সুৰবোৰ দুখ হল
সুৰাৰ নিচাবোৰে বতাহত নাচিলে
চকুলোৰে বানপানী হল
আৰু আৰুগৈয়েই থাকিল বাটতো
কাহানিও শেষ নহল
গতিৰ গতি গৈয়েই থাকিল
কাহিনীটো আধৰুৱা হৈ ৰল
নায়ক পলাল
যিটো গল্প লিখা নহল।
উল্টা-পুল্টা কথাৰ সমাহাৰ। কাব্যিক নান্দনিকতা বিচাৰি মুৰ নঘমাব। মাথো মেচেজটো পঢ়ক।
----

এনেকৈয়ে শেষ হৈছিল কবিতাটো।