Saturday, 18 March 2017

পৰেশ অসমණপাৰ্থ প্ৰতিম কলিতা



পৰেশ অসম
-------------------
হেল্ল'
হেল্ল' শুনিছেনে
মই জানো মই শতিকাৰ জলন্ত অভিশাপ
তথাপিও আফচোচ নাই
উকা হাতত গুজি দিছো ঘামৰ শৰীৰ ।
বিশ্বাস কৰক
আপোনাতকৈ মোৰ প্ৰেম কম নহয়
প্ৰেমিক নহ'লে জানো সাম্যবাদী হ'ব পাৰি ?
জাতীয়তাবাদী নহ'লে জানো আন্তৰ্জাতিকতা গঢ়িব পাৰি ?
When dictatorship is a fact, revolution becomes right
নিশ্বাসে বিহ কৰি তোলে উশাহ
বৰ্তমানৰ চৌপাশে উপনিবেশ অথবা শোষণৰ ফান্দ
আমি স্বাধীন হোৱা নাই কোনো দিন
পৰাধীনতাহে স্বাধীন হৈ ঘুৰিছে
স্বপ্নৰ হাতত উপহাৰ দিছে সুস্বাদু এন্ধাৰ
এনেকৈয়ে বিপ্লৱ এটা উঠি বহিছিল
সেয়া আছিল আশীৰ দশক
শৰীৰত পিৰপিৰাই পূৰণি ভোক
মুখত সোপা দি ক'ত দোভাগ ৰাতি……
বোবাতো নহয় ¸ কথা কব আমিও পাৰো
The revolution is a dictatorship of the exploited against the exploiters.
সূৰ্যৰ পোহৰে পাহৰাব নোৱাৰে দুখ
পৃথিৱীত কিমান দিনৰ আয়ুস আমাৰ ?
বয়সৰ বাধা নাই
যেনেকৈ নাই দুস্যৰ সাগৰ
কমৰেড লং মাৰ্চ
লং মাৰ্চ কমৰেড
চোৱা¸ বেহেলাৰ ওচৰত আছে জলফাইৰঙী পোছাক আৰু ৰঙা চিঞাহী
কমৰেড¸ শুই নাযাবা
আকাশৰ বিৰাম নাই।
কবি:-
পাৰ্থ প্ৰতিম কলিতা

No comments:

Post a Comment