"মাছ আকৌ কিয় আনিলে ?"
"মাই যে মাংস নাখাই তুমিচোন জানাই ৷ ইফালে আমি মাংস-ভাত খাম আৰু সিফালে মাই শুদা ভাত খাব ! বেয়া নালাগিবনে ?"
“শুদা ভাত নাখায় যদি নাখাব ৷ মই ইমানসোপা কৰিব নোৱাৰোঁ নহয় ৷”
সত্যনাথ আচৰিত হ’ল ৷ “ আৰে, কি কোৱা ? তুমিয়েতো ঘৰৰ গৃহিণী ৷ আৰু মাইতো সততে তোমাৰ হাত ধৰেই ৷” বাৰান্দাৰ এমূৰে চাউল বাচি থকা মাকলৈ কেঁৰাহিকৈ চাই সি পাৰ্যমানে সৰুকৈ ক’লে ৷
" ও তাৰমানে গৃহিণী মানে মই এতিয়া সকলোৰে আলপৈচান ধৰা বান্দীহে হ’লোঁ ৷ এইফালে নিজৰ দেহাটোৱেই চোঁচৰাব নোৱাৰা হৈছোঁ আৰু সেইফালে সকলোকে জুতি লগাই খুৱাব লাগে ! উহু নহ’বদেই, মোৰ দ্বাৰা এইবোৰ নহ’ব ৷", গুজুৰি-গুমৰি মহিমা পাকঘৰত সোমাল ৷

মহিমাৰ আচৰণে
সত্যনাথক হতভম্ব কৰিলে ৷
কেইদিনমানৰ পৰা
মহিমাৰ আচৰণৰ এই পৰিৱৰ্তন সি মন কৰি আছে ৷ তথাপি ইমানলৈ যাব বুলি কল্পনা কৰা নাছিল ৷ গুটি সিঁচি ওপৰলৈ চাওঁতেই আকাশ যেন ওন্দোলাই আনিলে ৷
অথচ আগতে মহিমাই
শাহুৱেকৰ বিছনাখন যতনাই দিয়া দেখি সত্যনাথৰ এনে লাগিছিল যেন তাই শাহুৱেকৰ নহয়, নিজ-মাকৰ বিছনাখনহে পাৰি আছে ৷ ভৰি ধুৱলৈ শাহুৱেকক গৰম পানী টুপি যতনাই দিওঁতেও তাইৰ মুখৰ
গানৰ কলিটো গুচা নাছিল ৷ সিহতৰ সংসাৰত যেন মহিমা এগছ
চাকি হৈহে সোমাল ! সকলোতে কেৱল পোহৰেই পোহৰ !
ৰাতিৰ ভাতমুঠি খাই বিচনাত বাগৰি সেই পোহৰতে সত্যনাথে ভাবে-এই বাৰ খেতি ভাল হ’লে ঘৰখন ভালকৈ সাজিব লাগিব৷ আজিকালি মনৰ মতে উশাহ এটা ল’ব খুজিলেও ঘৰৰ বেৰ কেইখনে কিবা শুনি থাকে যেন লাগে ; কিবা এটা সলাজ সংকোচে তাক সংকুচিত কৰে ৷
মহিমাইও পাকঘৰৰ জঞ্জাল সামৰি তাতেই কিছু সময় বহে ৷ মাজে মাজে তাই উমান ল’ব খুজে সেইফালে নিতাল মাৰিলে নে নাই ! এই অপেক্ষাৰ সময়খিনিহে তাইৰবাবে খুবেই যন্ত্ৰণাদায়ক ৷ অবাধ্য মনে একোৱেই মানিব নোখোজে ৷ কিবা এটা যেন পিৰ্পিৰাই তাইৰ দেহৰ ভিতৰলৈ বগুৱা বাই উঠে ৷ আৱেশত তাইৰ দুচকু মুদ খালেও মনৰ মাজৰ এই জোৱাৰ হেজাৰগুণে উথলি উঠে ৷
এসময়ত তাই লাহেকৈ শুৱা কোঠালীৰ দৰ্জাখন খুলে ৷ সন্তৰ্পণে শলখাডাল লগায় আৰু খুপি খুপি বিচনালৈ আগবাঢ়ে ৷
কিন্তু তাই যিমান সতৰ্কতাৰে এইবোৰ কৰিব খুজিলেও দৰ্জাৰ সেই সামান্য শব্দটোৱে বেৰৰ সিফালে থকা ৰমলাক নাতিৰ চিন্তাত বিভোৰ কৰি তোলে ৷
তাই পৰম আবেগেৰে সত্যনাথৰ পিঠিত হাতখন থয় ৷ পিছে উদয়াস্ত পৰিশ্ৰমে লবেজান কৰা সত্যনাথৰহে টোপনি নাভাঙে ৷ মন অবাধ্য হ’ব খুজিলেও পৰিশ্ৰমী মানুহ জনলৈ চাই তাইৰ কিবা এটা অবুজ মৰমো লাগে ৷ তপত হুমুনিয়াহ এটা কাঢ়ি তাই বিচনাত বাগৰি থাকে ৷
পিছে তাই ৰাতিৰ আন্ধাৰত শুনাব খুজা সেই সাধুৰ ক্ষণিক আভাষো সত্যনাথে নাপায় ৷ তাক কিবা এটা বুজাম বুলি তাই ভাবেহে; পিছে দিনৰ এই পোহৰৰহে যেন লাজটো বেছি ৷ সত্যনাথ হ’ল চিধা-চাধা মানুহ, গায়ে-গাৰিয়ে গছডাল ঠিক যেন দেখিলে শিপা বিচৰাৰ কথা মনলৈ নাহে ৷ দিনটো পথাৰত কাম কৰি থাকোঁতে ৰাতিপুৱা মহিমাই চাহকাপ আগবঢ়াই দিওঁতে তাইৰ মুখত লাগি থকা হাঁহিটোৱে তাৰ জগৎখন পোহৰাই ৰাখে ৷
সেইজনী মহিমাৰে এই ৰূপান্তৰ ? সেইজনীয়েই এইজনীনে ? সত্যনাথে বুজি নাপায় কেনেকৈ যে ফুলে-পাতে জাতিষ্কাৰ গছ এডালৰ পাত সৰি এনেদৰে হঠাতে লঠঙা হৈ পৰে ! সি একো উৱাদিহ নাপায় ৷
আৰু মাকেওতো মহিমাৰ কমখন যত্ন নলয় ৷ তাতেই খবৰটো শুনাৰ পৰা মাক ৰমলাৰেই আনন্দ বেছি ৷ খবৰ নহয় যেন একেবাৰে নাতিয়েই পালে ৷ বোৱাৰীৰ নহয়, এতিয়া যেন নাতিৰহে চোৱা-চিতা ৷ বাঞ্চিত নাতিৰ আকাংক্ষাই ৰমলাৰ বোৱাৰীৰ প্ৰতি থকা সেই মৰম বহুগুণে বঢ়াই তোলে ৷ মহিমাৰ প্ৰতি খোজতে ৰমলাই এতিয়া নজৰ ৰাখে," হে চাবা চাবা ! কি কৰা ? কুঁৱাৰ পাৰলৈ এতিয়া তেনেকৈ নাযাবাচোন; পিছলি পৰিবা ৷ মই কৰিব পৰা হৈ আছোঁ নহয়, পানী মইয়েই আনিম ৷ তুমি জিৰণি লোৱা ৷ ভাতো মই ৰান্ধিমদেই ৷"-মৰমৰ আবদাৰত মহিমা কেতিয়াবা অতিষ্ঠ হ’লেও কিবা এটা ভালো লাগে ৷
সত্যনাথে কয়,"আৰে মা মহিমা কৰ্মী ছোৱালী ৷ তই কিয় একো কৰিব নিদিয় ? অলপ-অচৰপ তেওকো কৰিব দিবিচোন ৷ একো নহয় দে, সাৱধানে কৰিব ৷ ডাক্তৰেও কৈছে , এতিয়া কিছু কাম কৰা ভালহে ৷"
মাকে ভেকাহি মাৰি উঠে , “ইহ মই হ’বলা নাজানো কেতিয়া কি কৰিব লাগে ৷ নজনাকৈয়ে তহঁতক ডাঙৰ কৰিলোঁ ৷”
পিছে ডাক্তৰৰ এই কথাটো মাকক বুজাব খুজিলেও ডাক্তৰে কৰিব দিয়া পৰীক্ষা-নিৰীক্ষাবোৰ কিন্তু সি কোনোমতে টকা-পইচাৰ অভাৱত কৰিব পৰা নাই ৷ বানে খেতিডৰা ধুই নিনিয়া হ’লে খেতিৰ ধানেৰে অইনকাল সিহঁতৰ ভড়াল ভৰি থাকে ৷ ধান বেচি পোৱা পইচাৰে বছৰটোৰ খৰচ মিলে ৷ ডাক্তৰে কৈছে মহিমাক এতিয়া ভাল ভাল বস্তু খুৱাব লাগে ৷ বাৰীৰ শাক-পাচলিখিনি আছে বুলিহে ! মাছ-মাংসতো দূৰৈৰ কথা, দাইলৰ নামত অলপ পানীৰ বাহিৰে সিনো বেলেগ কি খুৱাব পাৰিছে ? ছাগলীজনীয়ে অলপতে পিয়ান ছাৰাৰ পৰা গাখীৰৰো মুদা মৰিল ৷
ৰমলাইও কৈ আছে," কিবাকৈ মিলাব চা, এইবোৰত সিমান পলম কৰিব নালাগে ৷ নহ’লে এইটোকে লৈ বজাৰলৈ যা ৷", পঠাটোলৈ আঙুলিয়াই ৰমলাই সত্যনাথক ক’লে ৷
"ইচোন মাকৰ গাখীৰ বাদ দিয়া দিয়া দুদিনো হোৱা নাই ৷ অলপ ডাঙৰ হ’লেহে দাম পালোঁহেঁতেন ৷"

ডাক্তৰে কৰিব দিয়া
পৰীক্ষা নকৰালেও নহয় ৷ উপায়হীন সত্যনাথে সেইটো লৈয়েই বজাৰ পালে ৷ সত্যনাথৰো কপাল ভাল ৷ দেৱতাক উচৰ্গা কৰিবলৈ
এজনক একেবাৰে নিখুঁত কলা পঠাহে লাগে ৷ দেখাত সৰু হ’লেও সি ভাল দামেই পালে ৷ ডাক্তৰে দিয়া হিচাপতকৈ কিছু বেছি ৷
সমুখত মাংসৰ
দোকানখন দেখি তাৰ মনত পৰিল মাংস যে মহিমাৰ খুবেই প্ৰিয় ৷ কিমানদিন যে সি ঘৰলৈ মাংস নিয়াই নাই ! চৎফটাই থকা মাছ দেখি মাকৰ কথাও মনত পৰিল ৷ জেপত হাত
দি চালে ; হ’ব,পইচাৰে আটিব ৷
বহুদিনৰ মূৰত মাছ-মাংসৰে উদৰ পুৰাই এসাজ খাম বুলি বজাৰৰ মোনা লৈ ঘৰ সোমোৱা সত্যনাথে এতিয়া মহিমাৰ কথাত মূৰে-কপালে হাত দিব লগাহে হ’ল ৷ বজাৰ কৰা সেই আনন্দত মুহূৰ্ততে কলীয়াপানী পৰিল ৷
মাকক বিচাৰি সি মাকৰ কোঠালি পালে ৷ গা বেয়া, বিচনাত বাগৰি আছে ৷
মাকৰ গাটোওনো আজিহে বেয়া হ’ব লাগেনে ? তথাপিও কপাল ভাল, মাকে যে মহিমাৰ কথাবোৰ নুশুনিলে-মাছ বাছি বাছি সত্যনাথে তাকেই ভাবিলে ৷
ভাত সাজি সি মাকক খাবলৈ মাতিলে ৷ তথাপিও মাক বিচনাৰ পৰা নামি অহা নেদেখি মাকৰ কাষলৈ গৈ সি কপালত সি হাত দি চালে ৷
পিছে বিচনাত সিফাললৈ মূৰ কৰি পৰি থকা মাকৰ চকুপানীহে তাৰ চকুত নপৰিল ৷ চকুপানী টুকি টুকি ৰমলাই ভাবিলে- ঘৰ খনৰ সুখ-শান্তিতকৈ মাছ এপিচ ডাঙৰ নহয় !
পিছে ৰমলাই তেনেকৈ ভাবিলে কি হ’ব ? মহিমাই যে সৱতে আজিকালি মাছেই দেখে ! আগতে শাহুৱেকক দেখি লোৱা ওৰণিখন আজিকালি যেন ফেট হৈহে উঠে!

ৰমলাই সত্যনাথক ক’লে,"কোনোবাই কিবা আহুদী-চাহুদীও কৰিব পাৰে
বোপা ৷ যাচোন যা,বেজৰ ওচৰলৈ গৈ চাই-চিতি আহ ৷" কিবা এটা নহ’লে বোৱাৰীয়ে এনেখন কৰেনে ?
বেজৰ বিধানো মানি চালে ৷ কিন্তু নাই, মহিমাৰ ৰণচণ্ডী মুৰ্তি বাঢ়িলহে ৷

সত্যনাথৰ জীৱনটোৱে
খেলিমেলি হৈ পৰিল ৷ সি এতিয়া কি কৰিব ? মাকৰ প্ৰতি যিদৰে টান মহিমাৰ প্ৰতিও তেনেই ৷ হাজাৰ হ’লেও অগ্নিক সাক্ষী কৰি মহিমাক গ্ৰহণ কৰিছে ৷ চিন্তাৰ পাকে তাৰ মূৰটো ফাটি চিৰা-চিৰ কৰি পেলাব যেন পায় ৷
মাকে কৈ আছে, "মোক বাৰীৰ মূৰত চালি এখন উঠাই দে ও বোপা ৷ তেনেকৈয়ে যদি হয় ঘৰখন ঘৰ হৈ থাকক দে ৷”
সত্যনাথে ক’লে, “লাগিলে নিজেই মৰিম ৷ তোক এৰি কিন্তু তেনেকৈ থাকিব নোৱাৰিম ৷”
“মই দূৰলৈ নাযাও নহয় ৷ তাৰ পৰাই তহঁতক চাই থাকিম দে ৷ আৰু মোৰে শপত বোপা, মৰাৰ কথা যাতে দুনাই নকৱ ৷ তোৰ ভৰা সংসাৰখনহে চাব মন আছে ৷”
"তেনে কৰিলেই কি সৱ আগৰ দৰে হ’ব ? দেখা নাই আজিকালি মোকো কেনেকুৱা কৰে ৷"
কিন্তু সত্যনাথেও বুজিলে এবাৰ বাজিল যেতিয়া দুয়োপাত তাল একেলগে থাকিলে সঘনেহে বাজিব ৷ তাৰ নিজ বিবেচনাইও ক’লে অন্ততঃ আহিব লগা সন্তানটোৰ বাবেই এই পৰিৱেশ ঠিক নহয় ৷ নাই নাই তাক অভিমন্যু নালাগে, কিন্তু গান্ধাৰীয়ে এতিয়া জ্বৰৰ দাহত বেৰত লাঠ নামাৰিলেই হ’ল ৷ ঘিউৰ কলহ লৈ সেইয়া জীয়াই তুলিবলৈ তাৰ কোনো বেদব্যাস নাই !
মহিমাই বাচন-বৰ্তন ধুই অহাৰ পিছত নিজৰ বাচন-বৰ্তন সোপা কুঁৱাৰ পাৰলৈ নিওঁতে ৰমলাই ভাবে- কাষৰে কোনোবাই দেখিলে নেকি ? হুমুনিয়াহ এটা ওলালেও নাতিৰ মৰমলগা মুখখনে ৰমলাক উদবাউল কৰে, বুকুৰ মাজত নাতিক এবাৰ সোমাই ল’বলৈ মনটোৱে ইচাৎ-বিচাৎ কৰে ৷ তাইৰ চকু পানী ওলায়-তাই নাতিক মৰমহে কৰিব খুজে, মহিমাই কোৱাৰ দৰে কুমন্ত্ৰ কৰি তাৰ অহিত চিন্তা কৰিব কেতিয়াও নোৱাৰে ৷

কেঁচুৱাটোৱে
চোঁচৰি চোঁচৰি তেনেদৰে চোতাল পোৱা দেখি ৰমলাৰ মনে আৰু নসহিলে ৷ তাই সাউতকৈ আহি তাক কোঁচত তুলি ল’লে ৷ বহুদিনৰ হেঁপাহ যেন সেই মুহূৰ্ততে পলুৱাব ৷
এপাকত চিলাই চোঁ মাৰাদি আহি মহিমাই কেঁচুৱাটো ৰমলাৰ কোঁচৰ পৰা আজুৰি নিলে ৷
ৰমলাই চকুপানী টুকিলে ৷ যেন নিজৰ গাৰ মঙহ এচকলহে কিহবাই চিঙি নিলে ৷
পথাৰৰ পৰা আহি পদূলি পোৱা সত্যনাথে সকলো দেখিলে ৷
গোঁ-গোঁ কৰে সি ঘৰৰ ভিতৰত সোমাল ৷
পিছে সি নোৱাৰিলে ৷ ভবামতে একোৱেই কৰিব নোৱাৰিলে ;মহিমাই কেঁচুৱাক পিয়াহ দি আছে ৷ খঙৰ সেই হুতাশন ৰূপক একোৰেই সৈমান কৰিব নোৱাৰি যিদৰে ঘৰত সোমাইছিল সেইদৰেই সি বাহিৰলৈ ওলাল ৷
কি কৰিব সি নিজেও নাজানে ৷ আৰে মহিমাৰ সুখৰ বাবেই মাক তেনেদৰে অকলশৰে পৰি আছে, তথাপিও তাইৰ চেতনা নাই ! সি আৰু কিমান সহিব ?এনে সময়তে তাৰ জীৱনটোৰ প্ৰতি মোহ নাইকিয়া হৈ পৰে ৷
কি কৰিব সি ? নাই উপায়তো বহুতেই আছে ৷ অলপ দূৰৈত ৰেললাইনটোও আছে ৷ ট্ৰেইন সময়ে সময়ে আহিয়েই থাকে ৷ সেইবাটেই সি পোনালে ৷

"আৰে তোৰ কি হ’ল ? হাড়ে-চালে লাগিল যে ? এনেদৰে ক’লৈ যাৱনো ?”
সত্যনাথ উচপ খাই উঠিল ৷ নিজৰ ফালে চাই দেখিলে হাত-ভৰিত তেতিয়াও বোকা লাগিয়েই আছে ৷ পথাৰলৈ যোৱা সেই সাজেৰে সি তাৰমানে চহৰেই পালে ৷
সমুখত সঞ্জয় ৷ তাৰ একালৰ অন্তৰংগ বন্ধু ৷ অন্তৰৰ তলি উদং কৰিবলৈও এনে কাৰোবাকেই লাগে ৷
সঞ্জয় ষ্টেচনত নামি গাঁৱৰ ঘৰলৈ আহি আছে ৷ দুয়োৰে কথা চলিল ৷
" মই এতিয়া কি কৰিম তয়েই কচোন ? কেঁচুৱাটোৰ মুখ চাই এতিয়া মৰিবও নোৱাৰা হ’লোঁ ৷ মাৰো দোষ নোহোৱা নহয় দেচোন ৷ কি কৰিবি পুৰণি ঢঙৰ মানুহ ৷ তাতেই অভিমানী ৷ সেইবুলি মহিমাই এনে খন কৰিব লাগেনে ? তাইতো আজিৰ দিনৰ ছোৱালী ৷ তেনে ঘৰতকৈ ফুটপাথৰ জুপুৰিতো সুখ বেছি ৷ "
সঞ্জয়ৰ মানসপটত কেইখনমান ছবি অহা-যোৱা কৰিলে আৰু তাৰ মুখেৰে হাঁহি ওলাল ৷
"হাঁহিলি যে ?"
"হেই তইয়ো আৰু চিন্তা নকৰিবি ৷ সকলো ঠিক হ’ব৷ কেৱল দুদিনমান লাগিব ৷"
কিবা এটা আশা পাই সত্যনাথে সঞ্জয়ৰ মুখলৈ কিছুপৰ চাই থাকিল ৷ তাৰ পিছত উৎসাহেৰে সুধিলে, "কচোন বুজাই ক’৷ কি ক’ব খুজিছ তই ?"
"চা তইয়ো জান, গাঁৱৰ পৰা যোৱাৰ পৰা মই চহৰৰ এখন ফাৰ্মাচীতেই আছোঁ৷ আমাৰ ডাক্তৰ এজনৰ ওচৰলৈ এনে সমস্যালৈ বহু ৰোগী আহে ৷ ডাক্তৰজনে এনে বহু ৰোগী আৰু আত্মীয়ৰ মুখৰ হাঁহি ঘূৰাই আনিছে ৷”
কথাষাৰ শুনি সি এখোজ আগবাঢ়িল আৰু কিবা এটা সকাহ পোৱাৰ ভাবত তাৰ মুখলৈ চাই থাকিল ৷
"আচলতে কি জান, তাত দেখি দেখি মই অলপ যি বুজিছোঁ গৰ্ভাৱস্থাত ঘাইকৈ অইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন নামৰ দুবিধ হৰমোনে ক্ৰিয়া কৰি থাকে৷ হৰমোন মানে আমাৰ তেজৰে কিবা আৰু ৷ এই দুই হৰমোনৰ বিসংগতিয়ে গৰ্ভাৱস্থাত প্ৰভাৱ পেলাব পাৰে৷ এনেয়ো গৰ্ভকালৰ পাঁচ/ছয় মাহৰ পৰা নাৰী চিন্তাগ্ৰস্ত হৈ উঠে- নিজৰ শৰীৰ আৰু সন্তানৰ বিষয় লৈ ৷ কাৰোবাৰ ৰক্তচাপো বৃদ্ধি হব পাৰে, কাৰোবাৰ আন কিবা সমস্যাও হ’ব পাৰে ৷ সেইসময়ত তোৰ অভাৱৰ বাবে ডাক্তৰে কৰিব দিয়া দৰকাৰী পৰীক্ষা-নিৰীক্ষাবোৰ কৰোঁতেও আহুকালত পৰাৰ কথা ক’লি ৷ নিশ্চয়কৈ সেই সংবেদনশীল সময়ত নাৰীগৰাকীৰ মনলৈ এইবোৰে হতাশা আৰু ক্ৰোধ আনিব পাৰে, সেয়া স্বাভাৱিক প্ৰবৃত্তি ৷ মহিমাৰো এই হতাশা আৰু ক্ৰোধৰ কাৰণো যে এইবোৰেই সেইটো মই বুজিব পাৰিছোঁ ৷ "

সত্যনাথৰ মনটো ভাল
লাগিল ৷ অৱশ্যে সঁচা যে সি কথাবোৰ সিমান বুজা নাই ৷ কিন্তু সঞ্জয়ৰ ওপৰত তাৰ ভৰষা আছে ৷ সঞ্জয়ে যেন তাৰ ঘৰৰ সেই অস্তমিত চাকিগছাৰ শলিতাহে লৈ
আহিছে ৷ কিন্তু চিকিৎসাৰ সাম্ভাব্য খৰছৰ
তাক কিছু চিন্তাক্লিষ্ট কৰিলে ৷ সি ভাবিলে খৰচৰ বাবে লাগিলে সদ্যহতে মাটি অলপেই বিক্ৰী কৰিব ৷ মন ঠিকে থাকিলে কম সময়তে
তাতকৈ দুগুণ কৰিব পাৰিব ৷ কিছুপৰ তলমুৱা হৈ থাকি সি
সুধিলে,"পইচা-পাতি কিমান লাগিব অ’ ?"
" পইচা বেছি নালাগে নহয় ৷ ই একপ্ৰকাৰ মানসিক ৰোগ ৷মানসিকভাবে সন্তুষ্ট ৰাখিব পৰাটোৱে প্ৰধান ঔষধ ৷ ডাক্তৰে তহঁতক সেই সম্পৰ্কে পথ দেখুৱাব ৷ তাতেই অভিজ্ঞ চিকিৎসক এজনৰ কথা আৰু সংস্পৰ্শতে বহু ৰোগ নিৰাময় হয়৷ এইখিনিৰ লগতে দুটামান ঔষধে ৰোগীৰ বেমাৰ কমদিনতে নাইকিয়া কৰে ৷ ভাল কথা এয়েই যে মহিমা আগৰে পৰাই সু-বিবেচনাৰ ছোৱালী ৷ তোৰ মাৰও মৰমীয়াল, তইও মৰমীয়াল ৷এনে ক্ষেত্ৰত মহিমাৰ বাবে মানসিক খোৰাকৰ মুঠেও অভাৱ নহ’ব৷ সেই সময়ৰ সাময়িক মান-অভিমানহে দুয়োৰে মাজত এতিয়া এখন প্ৰচীৰ হৈ আছে ৷ এইবোৰ ভালকৈ শিপাই মনৰ বেমাৰ নিগাজী কৰাৰ আগতেই পুলিয়ে-পোখাই উভালি দে ৷ চিন্তাৰ কাৰণ নাই ৷ পিছে তোৰ এইবাৰ খেতি কেনেকুৱা হ’ল ?”
“বতৰ খুব ভাল নহ’লেও খেতি এইবাৰ ভালেই হৈছে ৷ বছৰটো কুলাইও অলপ বিক্ৰী কৰিব পাৰিম বুলি ভাবিছোঁ ৷”
"বঢ়িয়া, তই আৰু চিন্তা নকৰিবি ৷ মহিমাক সোনকালে লৈ আহিবি ৷ মই আছোঁৱেই,একো চিন্তা নকৰিবি ৷ "
ডাক্তৰৰ লগত কথা পাতিও সত্যনাথে ঘৰৰ চাকি গছ পুনৰ জ্বলি উঠা যেন পালে ৷ ডাক্তৰে কৈছে বৰ বেছি ছমাহমান ঔষধ খালেই বোলে সৱ ঠিক হ’ব ৷ এই দুমাহমানতে মহিমাৰ আচৰণত সি বহুখিনি পৰিৱৰ্তন দেখিছে ৷ তাৰ সমুখ মুকলি মুকলি লাগিল ৷ বহুদিনৰ মূৰত সি দুচকু মেলি বাহিৰলৈ চালে ৷ পাত সৰি লঠঙা হোৱা সমুখৰ গছডালেও নতুন পানি পাই কুঁহিপাত মেলিছে-কেইদিনমানতে আগৰদৰে ফুলে-ফলে জাতিষ্কাৰ হৈ উঠিব ৷

“হেৰি শুনকচোন ৷” মহিমাৰ মাতত সি ঘূৰি চালে ৷ তাইৰ মুখৰ
হাঁহিটোৱে তাক উন্মনা কৰিলে ৷
“পিছে আপুনি এতিয়া কি ভাবিছে ?”
"মইনো আৰু কি ভাবিম ? তুমিয়েই কোৱা ৷”
"হেই, মই আৰু কি ক’ম ? আপুনি মাৰ লগতো আলোচনা কৰকচোন ৷ ৰ’ব মই মাক মাতি আনো ৷"
মহিমা পিছফাললৈ দৌৰিলে ৷
সত্যনাথৰ কিবা সপোন সপোন লাগিল ৷ সি চাই থাকোঁতেই মহিমাৰ হাতত ধৰি ৰমলা ঘৰত সোমাল ৷ এদিন এই ৰমলাইয়ে মহিমাক এই ঘৰলৈ আদৰণি জনাইছিল ৷
“নাতিৰ ভাত মুখত দিয়া পাতিব লাগে মা ! এইবোৰত লাগি থাকোঁতে সময়ত পাতা নহ’ল ৷ সময়ত নহ’লেও নিয়মটো কিদৰে পালিব পাৰি ভাবকচোন ৷”
ৰমলাৰো থৌকি-বাথৌ লাগিল ৷
"আজিৰপৰা মাও আৰু আমাৰ লগতে থাকিব লাগিবদেই ৷ যি হ’লতো হ’লেই ৷ আপুনি আৰু মোক ভুল বুজি নাথাকিব, কি হৈছিল মই নিজেও নাজানো ৷ এতিয়াৰ পৰা অকলসৰে তাত থাকিব নোৱাৰে ৷ “
সত্যনাথে ক’লে,”এইবাৰ খেতিও খুব ভাল হৈছে ৷ আগৰ ভড়ালটোৰে নুজুৰিব ৷ মা থকা ঘৰটোৱে আমাৰ ভড়াল ঘৰ কৰিব পাৰিম ৷"
সত্যনাথৰ গোটেই ঘৰখনেই পোহৰ পোহৰ লাগিল ৷ সি ভাবিলে এই পোহৰত উজলি থাকিব পৰাকৈ ঘৰখনো নতুনকৈ সজাব লাগিব ৷ ডাক্তৰে তাক বুজোৱা কথা কেইটামান তাৰ মনলৈ আহিল

"নহ’লে এইবোৰ আলোচনা পিছতো কৰিব পাৰিব ৷ এটা কাম কৰকচোন ৷ ডাক্তৰৰ ওচৰলৈ নিওঁতে আপুনি মোৰ হাতত দিয়া টকাৰ কেইটামান
সাঁচি থৈছিলোঁ ৷ আপুনি বজাৰলৈ গৈ ভাল চাই মাছ এটা আনক ৷
বহুদিন একেলগে খোৱা নাই ৷"
মহিমাই নাতিয়েকক
আইতাকৰ কোঁচত দি পাকঘৰত সোমাল ৷ অচিন কোঁচত কেচুৱাটোৱে প্ৰথমে অসহজ পালেও
পিছমুহূৰ্ততে খিল্খিলাই হাঁহি দিলে ৷
(ব্যক্তিগত ব্যস্ততাৰ বাবে এই বাকৰিৰ
আপোনবোৰো প্ৰায় অচিন হোৱাৰ উপক্ৰম হৈছে ৷ আশাকৰো কোনেও যাতে ভুল নুবুজে ৷
গল্প বুলি কৈছোঁ যদিও গল্প এটাৰ ধৰ্ম ই কিমানখিনি অক্ষুণ্ণ ৰাখিব পাৰিছে নাজানো ৷ কি যোগ-বিয়োগে ইয়াক সঠিক ৰূপ দিব আশাকৰোঁ বিনা দ্বিধাই মতামত আগবঢ়াব ৷ আপোনালোকৰ নিৰ্মোহ বিশ্লেষণেহে মোক উপকৃত কৰিব ৷
ভিতৰৰ কথাখিনিৰ স’তে ৰজিতা খুৱাই ঘৰখনৰ সুখ-শান্তিৰ প্ৰতীক হিচাপে গল্পটোৰ নাম প্ৰথমতে 'মাছ' ৰাখিম বুলি ভাবিছিলোঁ যদিও পিছলৈ নিমিলা যেন লাগিল ৷ এইক্ষেত্ৰতো আপোনালোকৰ মতামত একান্তই কাম্য ৷)

কবি:-
ණ মহেন্দ্ৰ কুমাৰ শৰ্মা ।
No comments:
Post a Comment