Saturday, 18 March 2017

তথাপিও আমি সাৰে আছোঁණ লোপা বৰুৱা



তথাপিও আমি সাৰে আছোঁ
——————
তথাপিও আমি সাৰে আছোঁ
জীৱনৰ উমাল উপত্যকা বিচাৰি
দহো আঙুলিৰে সেউজীয়া পোহৰ
মুঠি মাৰি লৈ সাৰে আছে এজাক মানুহ;
এইখন পৃথিবীতে, 'ত এটুপি পানীৰ বাবে
যুঁজ হয় দেশে দেশে
দুভৰি মাটিৰ বাবে ভায়ে ভায়ে তেজৰ সপোন দেখে;
আকালৰ জুয়ে পোৰা কলিজাৰ জোনবিৰি মিনা কৰা হয় বাৰুদৰ উমাল ধোঁৱাৰে ৷
আকাশ আৰু বতাহৰ আশ্ৰয়তে জী আছোঁ
তুমি মই, একেই ছিৰলাছিৰলি হৃদয়
জী আছে দেশে দেশে একেজনী আমাৰ আই !
আমাক চিনাই দিব নালাগে আই
শত্ৰুৰ শিবিৰলৈ কোন বাটে যায় ৷
কৃষকক লাগেনে চিনাব
বহাগৰ বৰষুণ
ৰবাব ফুলৰ ৰং
মাটিৰ সুঘ্ৰাণ !
দুপতা মাটিতে আমি সাৰে আছোঁ
সাৰে আছে বিবেকৰ অশ্বমেধী পণ ৷
তোমাৰ বুকুত কাণ থ'লেই পাওঁ গম
শত্ৰুৰ গমনা গমন, অভিসাৰ কোন বাটে কাৰ ৷
আমিওতো জানো আই
ভদী়য়া ঢলত ঢেলপুঙা দিলেও ঘূৰিটো ভাদলে'
কিদৰে সপোন সাঁচিব লাগে
বিহমেটেকা আঁজুৰি পিজুৰি
বাট চাব লাগে
দোকমোকালিৰ সেন্দুৰী পুৱালে'
কবি:-
লোপা বৰুৱা

No comments:

Post a Comment