নদী আৰু গতি
নৈখনৰ গতি নিৰৱধি
হো-হোৱাই যায়নো ক'লৈ
সাগৰলৈ তাৰ লক্ষ্য
সংগমেই তাৰ উদ্দেশ্য
অবোধ তাৰ চাৱনি
অশান্ত তাৰ মন ।
বাটৰ কাঁইট আঁতৰাই
ল'ব জানে সি
তাৰযে গতি নিৰৱধি ।
সাগৰীয় গৰ্জনো তাৰ চিনাকি
সময়ত দুৰ্দান্ত হোৱাৰো আছে
তাৰ অভিজ্ঞতা ।
সমাজৰ কলুষতা পংকিলতা
ধুই নিকা কৰিবলৈ
কেতিয়াবা প্ৰয়োজন হয়
এনে অভিনয়ৰ ।
অভিমানৰ নামত
গুৰু গোঁসাই নমনা
নদীখনৰ নিৰৱধি গতি
মোৰ তেনেই চিনাকি ।।
হো-হোৱাই যায়নো ক'লৈ
সাগৰলৈ তাৰ লক্ষ্য
সংগমেই তাৰ উদ্দেশ্য
অবোধ তাৰ চাৱনি
অশান্ত তাৰ মন ।
বাটৰ কাঁইট আঁতৰাই
ল'ব জানে সি
তাৰযে গতি নিৰৱধি ।
সাগৰীয় গৰ্জনো তাৰ চিনাকি
সময়ত দুৰ্দান্ত হোৱাৰো আছে
তাৰ অভিজ্ঞতা ।
সমাজৰ কলুষতা পংকিলতা
ধুই নিকা কৰিবলৈ
কেতিয়াবা প্ৰয়োজন হয়
এনে অভিনয়ৰ ।
অভিমানৰ নামত
গুৰু গোঁসাই নমনা
নদীখনৰ নিৰৱধি গতি
মোৰ তেনেই চিনাকি ।।
কবি:-
ණ ৰীণা বুঢাগোঁহাই ।
No comments:
Post a Comment