Saturday, 18 March 2017

উপন্যাস:ৰূপোৱালী মেঘৰ ছায়া:খণ্ড-(৭)ණ মৌচুমি বৰি



উপন্যাস:ৰূপোৱালী মেঘৰ ছায়া:
খণ্ড-(৭)
কোনো এক অলস আবেলি এটাত অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰিখন পঢ়িবলৈ বুলি মেলি ললে৷
:হোষ্টেলত থাকি ভালেই লাগিছে চোন ফৰিডা৷মই ভাবিছিলোঁ কেনেকৈ যে থাকিম?সকলোবোৰ অচিনাকী হদিনবোৰ চাগৈ ভয়ানক হব!
মোৰ কথা শুনি ফৰিডাই হাঁহিলে আৰু কলে
:
মোৰো ভাল লাগিছে৷ভিন্ন ঠাইৰ পৰা অহা ছোৱালীৰে হোষ্টেল ভৰি পৰে আৰু সকলোৱে এটা পৰিয়ালৰ দৰে একতাৰ ডোলেৰে বান্ধ খাই পৰে,নহয়নে প্ৰাপ্তি? হোষ্টেলত থাকি প্ৰতিজনী ছোৱালীৰে ৰুচিবোধ, স্বভাৱ-চৰিত্ৰ আদিৰ বিষয়ে জানিবলৈ বুজিবলৈ সুযোগ পোৱা যায় আৰু সৰু-বৰ বিভিন্ন অভিজ্ঞতাই ক্ৰমান্বয়ে চহকী কৰি গৈ থাকে জীৱন ৷
ফৰিডাৰ কথাত মই মূৰ ডুপিয়ালোঁ৷
:
বাৰু ফৰিডা,কোৱাচোন?তোমাৰ টেবুলত যে যীশুৰ ফটো!ডিঙিত যীশুৰ লকেট?
:
মোৰ মা খ্ৰীষ্টান!মোৰ মা আৰু দেউতাৰ প্ৰেম বিবাহ!
হঠাতে আমাৰ কোঠাৰ দুৱাৰ খুলি ঈপ্সিতা, মণিমালা, জুৰি আৰু প্ৰিয়া হুৰমুৰকৈ সোমাই আহিল৷
:
তহঁত দুজনী কি কৰিছ’? আমি আড্ডা মাৰিবলৈ আহিছোঁ প্ৰিয়াই কলে
:
আহ, আমিও কথা পাতিয়েই আছিলোঁ মই কলো
হা: হা: হা: হু: হু: হু: …….”
কৰিডৰত কৰিণা আৰু ৰেস্মা বাইদেউৰ বিকট অট্টহাস্য!!
:
বাপৰে কেনেকৈ যে হাঁহে!বৰ বেলেগ ধৰণৰ হাঁহি ন’?তেনেকৈ হাঁহিব পাৰিবি তহঁতে?
মণিমালাৰ কথা শুনি আমি গোটেই কেইজনী হাঁহি উঠিলো আৰু হাঁহি চালোঁ এবাৰ এবাৰ৷
আমি কথা পাতি থকাৰ মাজতে হঠাতে প্ৰিয়াই নিজৰ দীঘল চুলিকোছা মুখৰ আগলৈ লৈ আহিল আৰু চুলিৰে ঢাকখোৱা মুখখনৰ ওপৰত চছমা এযোৰ লগাই মনে মনে বহি থাকিল৷মই হঠাতে প্ৰিয়াক দেখি ভয়তে চিঞৰ এটা মাৰিলোঁ আৰু মোৰ চিঞৰ শুনি বাকীকেইজনীও চকখাই চিঞৰি উঠিল৷ আমাৰ এনে প্ৰতিক্ৰিয়া প্ৰিয়াৰ খুব ভাল লাগিল৷প্ৰিয়াই ফূৰ্তিতে মূৰটো জোকাৰি জোকাৰি হাতেৰে ভিন্ন অংগী-ভংগী কৰি জিভা উলিয়াই আমাক খেদি আহিল ৷ প্ৰিয়াক দেখিবলৈ সঁচাকৈয়ে এজনী ভূতুনীৰ দৰে লাগিছিল আৰু গোটেইকেইজনীয়ে ভয় খাই ৰূমটোৰ ভিতৰতে ধোপধোপ ধাপ ধাপ কৰি দৌৰিবলৈ লাগি লোঁ৷ তাৰপিছত আমাৰ এই খেলটো ইমান ভাল লাগিল যে আমি প্ৰতিজনীছোৱালীয়ে প্ৰিয়াৰ দৰে এবাৰ এবাৰ চুলিকোছা আগলৈ আনি মুখখন ঢাকি চছমা লগাই ভূতুনীৰ দৰে হৈ একেই চিঞৰ-বাখৰ কৰি গোটেইকেইজনীয়ে ফূৰ্তি কৰিবলৈ ধৰিলোঁ পিছে সেই আনন্দত যতি পৰিল যেতিয়া দুৱাৰত সজোৰে শব্দ হবলৈ ধৰিলে৷দুৱাৰৰ ফালৰ পৰা অহা শব্দ শুনি আমাৰ গোটেইকেইজনীৰ মুখৰ মাত সৰিল৷ ভালকৈয়ে যে গালি এচাট খাম আমাৰ আৰু বুজিবলৈ বাকী নাথাকিল৷ মই গৈ দুৱাৰখন খুলি দিলোঁ, বাহিৰত ৰূপালী বাইদেউ খঙৰ মূৰ্তি ধৰি ৰৈ আছে
:
কি হৈছে এইবোৰ ? কাৰোবাৰ যে পঢ়া-শুনাত ডিষ্টাৰ্ব হব পাৰে সেইবোৰলৈ তহঁতৰ মন-কাণ নাই নেকি? এইবাৰলৈ বাচি গলি আকৌ যদি কেতিয়াবা এনে হুলস্থুল শুনোঁ তেন্তে চুপাৰক ৰিপৰ্ট কৰিম, এতিয়াই সকিয়াই দিলোঁ৷
---
এইবুলি কৈ ৰূপালী বাইদেউ ফো-ফোৱাই আঁতৰি গল৷ ৰুপালী বাইদেউ যোৱাৰ পিছত গোটেইকেইজনীয়ে ইজনীয়ে সিজনীৰ মুখলৈ চাই চকুটিপ মাৰি হাঁহিলো ৷
:
, ব অলপ বেচি বেচি কৰে৷ এনে পণ্ডিতনীজনী উলাইছে!প্ৰিয়াই কলে ৷
০০০০০০০০০০০০০০০০
মোৰ আৰু ফৰিডাৰ ৰূম সলনি হৈছিল৷ ইতিমধ্যে আমি অভিযান্ত্ৰিক মহাবিদ্যালয়ত এবছৰ অতিক্ৰম কৰিছিলোঁ৷ফৰিডাই পিছে শিলচৰ এন. আই. টিলৈ ট্ৰান্সফাৰ লৈ গুচি গৈছিল৷মই আজিও অনুভৱ কৰোঁ মোৰ প্ৰতি থকা ফৰিডাৰ আন্তৰিকতা আৰু মৰম৷ফৰিডাই শিলচৰৰ পৰা চিঠি পঠাইছিল মোলৈ,চিঠিত কথাৰ মাজে মাজে হিন্দী গানৰ কলিও লিখি পঠাইছিল তাই৷প্ৰথম চিঠিত লিখিছিল— “খিলতে হ্যে গুল য়হাঁ,খিলকে বিখৰনে ’/মিলতে হ্যে ডিল য়হাঁ, মিলকে বিছড়নে ক’……”
(
আগলৈ)
কবি:-
মৌচুমি বৰি

No comments:

Post a Comment