ছাতি
বৰষুণত টোপালবোৰ গা পাতি লবলৈ
মূৰৰ ওপৰত এটা ছাতি
ৰ’দতো ছাঁ দি দি ছাঁ হৈ থকাকৈ এটা ছাতি
আৰুনো কি লাগে
ছাতিটো হৈ আছিল বাটৰ প্ৰহৰী
যাৰ সাহচৰ্যত সাহসী হৈছিলোঁ
হৈ গৈছিল বাটৰ লগৰী
যাৰ ভাৰসাত নিৰ্ভয়ে গৈছিলোঁ
হঠাৎ এদিন ছাতিটো হেৰাল
ছাতিটো থকালৈকে উন্মত্ত বেলিক চিনি পোৱা নাছিলোঁ
বৰষুণৰো নাছিল কলিজা কঁপোৱাৰ সাহ
আগতে কোনোদিন নভবা ছাতিটোৰ কথা এতিয়া সদায় ভাবোঁ
ছাতিটো হেৰুৱাই বুজিলোঁ
সিহঁতেই সাহসী
যাৰ নিজৰ বুলিবলৈ এটাও ছাতি নাছিল
কবি:-
ණ দুলাল হাজৰিকা।
No comments:
Post a Comment