Friday, 24 March 2017

মাত -- দুলাল হাজৰিকা



মাত

জাক পাতি আহে উৰণীয়া চৰাই
পাত সৰাই বাহ সাজে,
পুৱা গধূলি অস্থিৰ কলৰৱেৰে
টোপনি ভাঙে
ক্ৰমশঃ হেৰায় চিনাকি মাত
চেপা খাই ওলোৱা অস্ফুট মাতবোৰ
ইমান অচিন
পাৰ ভগা নদীৰ যে নাথাকে বল
উতলা বতাহত কাৰ মাত কোনে শুনে
ঠেৰু ছিগা কাৰ হাতত কোনে ধৰে
মাতৰ ভৰত হেৰায় মাত
হে মোৰ সহোদৰ,
মোৰ বুকুৰ মাত তোমালোকৰো মাত
হেৰাই যাবলৈ জানো দিব পাৰি
আইৰ মুখৰ মাত
বতাহত বাৰে বাৰে উভাল খালেও
আহাঁ, শিপা ধৰাই আকৌ ৰুই লওঁ মাটি
বি:
দুলাল হাজৰিকা

No comments:

Post a Comment