Friday, 24 March 2017

নamami (নমামি)ණমাধৱ দত্ত



amami (নমামি)
~~~~~~~~~~~~~
'ৰা ৰজা !
দেখা নাই অভিশপ্ত ব্ৰহ্মপুত্ৰক !
আশীৰ্বাদ কাৰ বাবে ?
ৰজাৰ বাবে !
নে
প্ৰজাৰ বাবে ??
ঠিকাদাৰৰ বাবে !
ইঞ্জিনীয়াৰৰ বাবে !!
কাৰ বাবে ?
কাৰ বাবে ??
খহনীয়াত সৰ্বশ্ৰান্ত হোৱা
মুহিৰামৰ ভগা পঁজা দেখা নাই ?
নে দেখা নাই
মথাউৰিৰ কাম কৰি
ৰাতিৰ ভিতৰতে
ধন কুবেৰ হোৱা
ৰামবাবুৰ ৰাজ অট্ৰালিকা ??
দেখা নাই !
শুনা নাই !!
সেই বাবেইতো নমামি ব্ৰহ্মপুত্ৰ !
সেই বাবেইতো
নমামি ঠিকাদাৰস্ত !
নমামি পুঁজিপতিস্হ !!
হেৰ ' 'ৰা ৰজা !
নালাগে সানিব আশীৰ্বাদৰ ৰং ,
পাৰা যদি ঘুৰাই দিয়া
মুহিৰামৰ ধন !
সেই ধন তোমাৰো হ'ব ৷
মুহিৰামৰো হ'
ব্ৰহ্মপুত্ৰৰো হ'
বিগ বিয়ে শুনেনে -
হতভগীয়া মুহিৰামৰ হিয়া ভঙা মাত ?
দালাই লামাই দেখেনে
উৱলি যোৱা ৰতনৰ স্কুলখন ?
কোনে দেখে ?
কোনে শুনে ??
সেয়েহে কৈছো ল'ৰা ৰজা !
ব্ৰহ্মপুত্ৰক ব্ৰহ্মপুত্ৰহৈ বৈ থাকিবলৈ দিয়া
পাৰা যদি ঘুৰাই দিয়া মুহিৰামৰ ধন
আশীৰ্বাদৰ ৰং চটিয়াই দিয়া -
অসমী আইৰ আকাশে বতাহে
ঠিকাদাৰী নমামি নালাগে
ইঞ্জিনীয়াৰৰ নমামি নালাগে
হেৰা ল'ৰা ৰজা !
নালাগে নালাগে !!
কবি:-
মাধৱ দত্ত

No comments:

Post a Comment