Thursday, 23 March 2017

নিৰন্তৰ গতি



নিৰন্তৰ গতি

ভঙা হৃদয়ৰ তাঁত
তাতে বৈ উলিয়াই
ৰঙা বুটা বচা এখনি চাদৰ
সেইখন তাইৰ দুখৰ আঁচল
লাজ ঢাকিবলৈও তাকে মেৰিয়াই
সুন্দৰতা বিলাবলৈও তাকে মেৰিয়াই
তাই যে নিঃস্ব প্ৰেমিকৰ একমাত্ৰ সম্বল
তাকে লৈ পাৰ হয় তাই দুখৰ এখনি নৈ
সুখৰ এখনি নাও চলাই চলাই তাই আগুৱাই
জীৱনে দি যায় অভিলাস জীয়াবলৈ সকলোকে
হাত পাতি ল'ব নাজানিলে তাতেই আন্ধাৰ নামে
তাই জানে...........সেয়ে তাই আগবাঢ়ে মাথোঁ আগবাঢ়ে...
কবি:-
নীৰুপমা ডেকা

No comments:

Post a Comment