Friday, 24 March 2017

জখলা ණ লীনা হাজৰিকা



জখলা

বেৰৰ জোলোঙাৰে
বিশ্বায়নৰ পোহৰ পৰি
ইপাৰৰ পৰা সিপাৰ হোৱা
এইখন হেঁপাহৰ পৃথিৱীত
আজিও সৰু মানুহৰ সত্বাবোৰক লৈ
ৰাজনে দাও লগাই
বাজি খেল খেলে !
ছলনাৰে মুখ ভৰাই
নিষ্পেষণৰ পৰিকেন্দ্ৰত নিৰ্ব্বাসন দি
প্ৰতিঘাটৰে প্ৰতাৰিত কৰা
সেই নিঃকিন জনতাক
নিতৌ পোতাশালত দিয়ে ।
কি যে দুৰ্কপলীয়া !
জখলা বগাই আকাশ স্পৰ্শ কৰি
মহাকাশৰ বুকুত টিঘিলঘিলাই থকা
পূঁজিপতি মানুহবোৰ কিন্তু
বাওনা হৈয়ে থাকিল ।
কবি:-
লীনা হাজৰিকা

No comments:

Post a Comment