দেৱ দানৱ ৰাৱণ
ৰঘুনন্দন...
ক'লীয়া ডাৱৰ। ক'লীয়া ডাৱৰ উৰি ৰক্তাভ সূৰুয প্রস্ফুটিত হোৱাৰ দ'ৰেই আঁৰকাপোৰ উত্তোলিত হৈ নাট্যমঞ্চত সূর্যবংশী ৰাঘৱ ৰাম উন্মীলিত হ'ল। বেকগ্রাউণ্ড সমুদ্রৰ কল্লোলেৰে মুখৰ । শত সহস্র বানৰ সেনাৰ প্রবেশ-প্রস্থান। পশ্চাতত উপবিষ্ট নল জাম্ববন্ত সুগ্রীৱ হনুমান। লজ্জানত শিৰেৰেই নাতিদূৰত বিভীষন।
ৰামে সাৰংগৰ গুণত শেষ টংকাৰ দিলে। দশগ্রীৱা দশানন ৰাৱণৰ চকু স্থিৰ ,অচ্যুত, নির্ভয়।
প্রেক্ষাগৃহত চেপা উত্তেজনা, অন্তিম হাত চাপৰিৰ বাবে উদ্যত দর্শকৰ হাত...! ৰাৱনৰ সমাহিত মুখ। কঁপি উঠিল ইক্ষাকুকোঁৱৰ ৰাম , ধনুৰ গুণ শিঠিল হৈ পৰিল...
লক্ষ্যভ্রষ্ট হ'ল ৰাম । দধিচীৰ অস্থিৰে নিৰ্মিত সাৰংগ ধনুৰ পৰা প্রক্ষেপিত অব্যর্থ বাণে ৰাৱণৰ বুকু
নাশালিলে।কাঁড়পাত ওপৰেৰে উৰি গৈ সূতাৰে বান্ধি লোৱা ৰাৱনৰ কৃত্রিম মুখাখনত
লাগিল । কাঁড়পাতে সূতাডাল চিগিলে। কাঠৰ মুখাখন সুলকি পৰিল। লাইটমেনৰ দায়িত্বত থকাজনে মঞ্চৰ লাইটবোৰ নুমুৱাই দিলে। মঞ্চ সজ্জাৰ দায়িত্বত থকা কোনোবাই
ৰচী খুলি খৰ-ধৰকৈ আঁৰকাপোৰখন নমাই দিলে। মঞ্চৰ পৰা আটাইবোৰ ভাৱৰীয়া নামি গ'ল। ৰৈ গ'ল মুখাবিহীন, মোচহীন, স্বর্ণ মুকুত বিহীন ৰাৱণ আৰু ম্লান মুখেৰে , হাতত ব্যর্থ ধনুৰে, খালি তূণেৰে ৰাম। মঞ্চৰ আন্ধাৰ আঁতৰাই দিগন্তত মৃদু আভা দেখা গ'ল। আঁৰাকপোৰৰ ভিতৰতেই , দর্শকৰ অগোচৰতেই অস্তগামী সূৰুযে
ৰাম-ৰাৱণ দুয়োৰে মুখখন উজলাই তুলিলে। ৰামে দেখিলে, কৃত্রিম মুখাৰ তলত লুকাই থকা বৈৰী ৰাৱণৰ
সমাহিত সমুজ্জ্বল মুখ। লংকাৰ পৰা আহি হনুমানে
তেন্তে ঠিকেই কৈছিল- বিশাল কলেৱৰৰ লংকাপতি ৰাৱণ এক প্রোজ্জ্বল ব্যক্তিত্ব-ৰামে ভাবিলে।
দুয়ো ধীৰে ধীৰে
সাগৰৰ পাৰে পাৰে খোজ ল'লে। ৰাৱণেই প্রথম আৰম্ভ কৰিলে-ৰঘুনন্দন, তুমি ধনুখন মাটিত ৰাখিব পাৰা। ইয়াত আমাক
কোনেও নেদেখে। ৰামে ধনুখন আৰু তূণটো সোলোকাই মাটিত থ'লে। এনেয়েও ৰাম অৱশ হৈ আহিছিল। গাৰ ওজন পাতলাত ভালেই
পালে। এজাক শীতল বতাহ বলিছিল, ৰাম-ৰাৱণ দুয়োকেই ধুৱাই নিছিল। নগ্ন ভৰিৰেই দুয়ো খোজ লৈছিল অন্তৰীপ গৰকি, সমুদ্রৰ পাৰে পাৰে।
ৰামৰ সোঁবাহুৰ পৰা
তেজ নিগৰিছিল, বোধহয় যুদ্ধত আহত হৈছিল। ৰাৱণে এডাল লতা বিছাৰি উলিয়ালে । তাৰ পাতটো মোহাৰি
নিজৰ বস্ত্র এটুকুৰা ফালি ৰামৰ তেজ নিগৰা ঠাইত বান্ধি
দিলে। নিমিষতে তেজ ৰৈ গ'ল। ৰামৰ যন্ত্রণাৰ উপশম ঘটিল। ৰামে ক'লে-ৰাৱণ, তুমিতো এজন অসাধৰণ চিকিৎসক! ৰাৱণে মৃদু হাঁহিলে। মুখাখন নাথাকিলে ৰাৱণ
সঁচাকৈয়েই সুন্দৰ।
মই তোমাৰ লগত যুদ্ধ কৰি সঁচাকৈয়েই অন্তৰত বহুত দুখ
পাইছো-ভগবান কণ্ঠেৰে ৰামে ক'লে- কিন্তু তুমি মোৰ পত্নীক হৰণ কৰি
সঁচাকৈয়েই যে পাপ কৰিছা ! মই নিৰুপায়।
ক্ষণিকৰ বাবে
ৰাৱণৰ দুচকুত গ্লানিৰ কাজল পৰিল। মুখেৰে একো নামাতিলে ৰাৱণে। সাগৰৰ পাৰত শিল আছিল। দুয়ো তাত বহি ল'লে। দূৰত ৰাৱণৰ লংকাৰ ধ্বংসস্তূপ। ৰাৱণে তাৰ পৰা চকু আঁতৰাই আনিলে। ভনীয়েক শূর্পনখাৰ হৃদয় বিদাৰক চিঞৰটোৱে পুণৰবাৰ বুকু খহালে। সমাহিত
কণ্ঠেৰেই ৰাৱণে ক'লে-ৰাম, শূর্পনখা মোৰ বৰ মৰমৰ ভনী আছিল। আঁকৰী তাই। মৰম পাগলী। ককায়েকৰ শৌর্যৰে সুৰক্ষিত। স্বামী হেৰুওৱা তাই কিমান কান্দিছিল মোৰ
বুকুত পৰি পৰি! কান্দি কান্দি তাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। তেনেকুৱা মানসিক অবস্থাত তাই এদিন তোমাৰ ভাতৃ লক্ষ্মণক দেখিছিল। তাই আকঁৰী। তোমালোকৰ সমাজৰ দৰে তাই প্রেম নিবেদিব নাজানে। অনুভৱক কলাত্মক ৰূপ
দিবলৈ তাই নিশিকিলে। তাই যি কৰে অন্তৰৰপৰাই কৰে !লক্ষ্মণক দেখি তাইৰ কিবা এক অনুভৱ হৈছিল। আৰু সভ্য লক্ষ্মণে কি কৰিলে চোৱা !এগৰাকী মহিলাক
প্রেম নিৱেদন কৰাৰ অপৰাধত নাক কাটি বীৰত্ব দেখুৱালে। তেনে অবস্থাৰে তাই যেতিয়া দেশৰ অধিপতি ককায়েকৰ ওচৰলৈ আহিছিল-ৰাম ময়ো পাগল হৈ গৈছিলো। বেদ
শাস্ত্র বিশাৰদ ময়ো বিবেকহীন হৈ গৈছিলো।
ৰামে একো নক'লে। শুনি গ'ল। ইমান দিনে তো ৰাৱণৰ লগত যুদ্ধই কৰি আহিল। আজি ৰামে শুনিলে।
'কিন্তু ৰাম'-ৰাৱণ ৰ'ল।
'কোৱা'- ৰামে ক'লে।
মোৰ মৃত্যুলৈ বেছি
পৰ নাই। স্বীকাৰ কৰো..
কি?-ৰামে সুধিলে।
মই সীতাক অন্তৰৰ
অতল গহনতাৰ পৰাই ...
সীতাক মই সঁচাকৈয়েই...'
ৰাৱণৰ জন্মবধি অহং
চকুত এটোপাল অশ্রু তিৰবিৰাইছিল, প্রেম-বিষাদ-প্রাপ্তি-অপ্রাপ্তিৰ
অনন্ত অনুভৱেৰে কোমল হৈ পৰিছিল সেই দুনয়ন। সীতাৰ গহন মনত বা কি চৰায়ে বাহ বান্ধিছিল!মানিব নোখোজা স্বর্ণস্পর্শা সপোন এটাই থিতাপি লৈছিল নেকি নিমি জানকীৰ
হৃদয়ত ! ৰাম সামান্য সন্ত্রষ্ট হৈ উঠিল।
ৰাৱণে বুজিলে।
ৰাৱণে কথা সলালে।
শুনিছো তুমিতো মুনি বিশ্বমিত্রৰ প্রিয় শিষ্য?
ৰামে মূৰ
ডুপিয়ালে।
বিশ্বমিত্রইতো
মহামুনি হৈও ছলনা, কৌশল চাতুৰীৰে প্রেম নকৰাকৈয়েই কিমান নাৰীৰ... !
ৰাৱন ৰ'ল। সংস্কাৰ ভিন্ন, মূল্যবোধ ভিন্ন, নহয়নে ৰাম?
ৰাৱন ৰ'ল। সংস্কাৰ ভিন্ন, মূল্যবোধ ভিন্ন, নহয়নে ৰাম?
সূর্যবংশী তুমি
ৰাম। সূর্যওতো কলংকিত, একে দোষেৰেই । কর্তাৰ বংশৰ ওপৰত নির্ভৰ কৰি একেই কর্ম কাৰোবাৰ কাৰণে
অপৰাধ, কাৰোবাৰ কাৰণে পূজা হয়। নহয়নে ৰাম?
নিৰ্বাক ৰাম।
সাগৰত ঢৌ আহিছে। দূৰত পৰি আছে শত সহস্র বানৰৰ ৰক্তাক্ত মৃতদেহ। ইয়াৰ অধিকাংশই নাজানিছিল ৰাম কোন, কোন সীতা , ৰাৱণ অথবা শিলৰ সেঁতু কিয় বান্ধিব লাগিছিল। ইহঁতক পুনৰ প্রাণ দি সিহঁতৰ নিজ নিজ অৰণ্যলৈ ওভটাই পঠিয়াই দিব পৰা হ'লে !-ৰামৰ অন্তৰ গধূৰ হৈ আহিছিল।
ৰাৱণে বীণখন কোলাত
তুলি ল'লে। আজি ৰূদ্রতান নাবাজিল। ৰাৱণৰ আঙুলিয়ে
আজি বিষাদ গধূৰ অস্তৰাগ বজালে। সেই সুৰে সমস্ত
সমুদ্র তীৰক শান্ত কৰি পেলালে। ঢৌবোৰ ৰৈ গ'ল। বীণাৰ তানত সাগৰীয় বতাহেও সঁহাৰি
দিলে। সেই সুৰে যোদ্ধা ৰামক কঁপাই তুলিলে। বিষাদৰ স্বৰ এটা কলিজাৰ পৰা উজাই আহিল ৰামৰ । যেন শেষ নহয় বিষাদ মধুৰ এই বীণাৰ হৃদয় জোকাৰি যোৱা
তান! ৰামে ৰাৱণৰ সংগীত মুখ'নিলৈ চালে- এই ৰাৱণেই ৰাৱণ-নিধন যজ্ঞৰ মুখ্য পূজাৰী আছিল। সকলো
জানি শুনিও ৰামৰ অভীপ্সা সিদ্ধিৰ বাবেই সেই যজ্ঞৰ কুণ্ডত
ঘৃতাহুতি ঢালিছিল! সঁচায়ে বিশাল ৰাৱণ !!
ৰাৱণ বীণাৰ
অস্তৰাগত মোহিত বেলিও সিদিনা স্তব্ধ হৈ পৰিছিল সেই কিছু ক্ষণ। ৰাগিণী শেষ হ'ল। ৰাৱণে বীণখন চকু পানীৰে ধুৱালে। লাহেকৈ সাগৰৰ ঢৌত এৰি দিলে। ৰামে সুধিলে-ৰাৱণ, তোমাৰ ৰন্ধ্রে ৰন্ধ্রে সংগীত। দেখিছিলানে তোমাৰ সুৰত কেনেকৈ ৰৈ গৈছিল
সময়! বীণখনৰ উত্তৰাধিকাৰ তুমি কাৰোবাক দি নিদিয়া কিয়? পৃথিৱী বঞ্চিত নহওঁক সেই ৰাগিনীৰ পৰা!
ৰাৱণ আহি ৰামৰ ওচৰত বহিল। 'সংগীত বীণত নাথাকে ৰাম। ই থাকে হৃদয়ত, স্নায়ুতন্ত্রত। তুমি চাগে' জানাই- মোৰ ভগবান
শিৱক আৰাধনা কৰিবলৈ নিজৰ হাতৰ স্নায়ুতন্ত্রী আজুৰি ছিঙি তাৰেই তাঁৰ সজাই মই এই বীণখন সাজিছিলো। শিৱ
স্ত্রোতম সংৰচনা কৰি যেতিয়া মই গাইছিলো
মোৰ দেৱ শিৱই মোক ৰাৱণ নাম দিছিল। গান বীণত নাথাকে ৰাম, থাকে কলিজাত, স্নায়ুতন্ত্রত, যাতনাত, বিষাদত...অভিশপ্ত কোনো হৃদয়ত।
সাগৰৰ সিপাৰে
স্বর্ণ লংকা তেতিয়াও জ্বলি শেষ হোৱা নাছিল। ৰাৱণে চাই থাকিল ভস্মিত লংকাৰ ফালে। 'দুখ নকৰিবা ৰাৱণ। লংকাখন তোমাৰ নাছিলেই। কুৱেৰৰ পৰা হে তুমি আজুৰি লৈছিলা-ৰামে ক'লে। লংকাখন কুৱেৰৰো নাছিল। শিৱৰ পৰা কূট কৌশল কৰিহে কুৱেৰে লৈছিল। আৰু দেৱসকলেই তো কুৱেৰক অভিশাপ দিছিল-
তই মোক যেনেকৈ বঞ্চিত কৰিলি মোৰ মানস কাৰেঙৰ পৰা; তাত তয়ো থাকিব নাপাবি। -এয়া আছিল কুৱেৰৰ ওপৰত অভিশাপ। মই তো নিমিত্ত হে মাথোঁ।
সম্পদ কাৰোৱেই নিজা নহয় ৰাম। কাৰোৱেই নিজা নহয়। চোৱা, যোৱাৰ পৰত মই
বীনখনো এৰি গ'লো।-ৰাৱণে
সাগৰৰ পানী এচলু আনি ছটিয়ালে।
সাগৰৰ পানী এচলু আনি ছটিয়ালে।
ৰাৱণ, তোমাক মাৰিবলৈ মোক নিয়তিয়েই নিয়োগ কৰিছে।
ইয়াত মোৰ কোনো হাত নাই। ইয়াত ইচ্ছা
-অনিচ্ছাৰ অৱকাশ নাই। কিন্তু তুমি যেতিয়া সীতাক অপহৰণ কৰিছিলা, সঁচাকৈয়েই মই ভীষণ ক্ষুণ্ণ হৈছিলো।
মই বুজিছো ৰাম।
হুমুনিয়াহ কাঢ়িলে ৰাৱণে। তোমাৰ স'তে যুদ্ধত সকলোকে
হেৰুৱাই মই যেতিয়া নিসংগ হৈ পৰিছিলো, মই শেষ যজ্ঞ কৰিবলৈ বহিছিলো। সেই যজ্ঞ
সম্পূর্ণ কৰিব পৰা হ'লে যুদ্ধৰ গতি ওলোটা ফালে বোৱাই দিলোহেতেঁন। কিন্তু ৰাম, তুমি যজ্ঞত উপবিষ্ট নিৰ্বাক মোক অত্যাচাৰ কৰিবলৈ বানৰ সেনা লগাই দিলা। সিহঁতে মোৰ
যজ্ঞস্থলী লণ্ড-ভণ্ড কৰি পেলালে। তথাপি মই স্থিৰ
আছিলো। কিন্তু তোমাৰ সেনা অংগদে যেতিয়া মোৰ মহিয়ষী মন্দোদৰীক চুলিত ধৰি চোঁচৰাই লৈ গ'ল....! মই জ্বলি উঠিছিলো ৰাম। মই বুজি পাও সেয়ে তোমাৰ মনোবেদনা।
ৰাম, মন্দোদৰীক মই লংকাতকৈ অধিক ভাল পাওঁ। মই স্থিৰেৰে নাথাকিলো। যজ্ঞ আধৰুৱা
হ'লে মোৰ পতন অনিবার্য বুলি জানিও মই মন্দোদৰীক সুৰক্ষা দিবলৈ যজ্ঞ ত্যাগ
কৰিলো। কোৱাচোন ৰাম, যি স্থলত মই তোমাৰ যজ্ঞৰ পুৰোহিত হৈ নিজৰ মৃত্যু আৰাধনা
কৰিলো, মোৰ যজ্ঞত তোমাৰ কোনটো মহীয়ান গুণে মোৰ নির্দোষী পত্নীক চোঁচৰাই
আনিলে? তোমাৰ সীতাৰ আল-পৈচান ধৰিবলৈ দাসীৰ দৰেইতো কাম কৰিছিল মোৰ মহিয়ষী মন্দোদৰীয়ে...!!!
ৰাৱণ সামান্য উষ্ম
হ'ল।
আঁতৰত অধোমুখ হৈ বিভীষণ বহি আছিল। আৰু চোৱা ৰাম, সেয়া মোৰ ভ্রাতা বিভীষণ। নিসংগ মই আজি। সি কেনেকৈ মন্ত্রণা কৰি আছে মোক নিধন
কৰাৰ। মই তোমাৰ স'তে কথা পাতিব পাৰো ৰাম, কিন্তু তাৰ স'তে নোৱাৰিম। সি মোৰ কোনোৱেই নাছিল।
গম্ভীৰ কণ্ঠেৰে
ৰামে ক'লে-সি নির্দোষ। সি তোমাক প্রথম
সু-মন্ত্রণাই দিছিল। তুমি তাক অপমান কৰিলা। সি ধর্মৰ সংগ দিছে।
কথাখিনি দূৰৈত ৰৈ
থকা বিভীষনে শুনিলে চাগে'। মুখত হাত দি বিভীষণ উচুপি উঠিল।
'ৰাম, তুমি যেতিয়া একমত্র তোমাৰ উদ্দেশ্য সিদ্ধিৰ বাবেই সুগ্রীৱক
বচাই নিৰাপৰাধ বালিৰ বুকুৰে তোমাৰ ধর্ম কাড়
সৰকাই দিছিলা, তোমাৰ ভাই লক্ষ্মণে তোমাক বাধা দিছিল?
নাই দিয়া।-চিন্তিত
ৰামে ক'লে।
'এইটো তুমি ধর্ম কাম কৰিছিলা?'
নিমাত নিস্পন্দ হৈ
গ'ল ৰাম।
'তেতিয়া কিয় লক্ষ্মণে বালিৰ লগ লাগি তোমাক
নিধন কৰাৰ মন্ত্রণা নকৰিলে?
চোৱা ৰাম, তোমাৰো ভাই লক্ষ্মণ, মোৰো ভাই বিভীষণ!
মইতো ৰাম তোমাৰ
স্ত্রীক হৰণ কৰি সম্পূর্ণ সুৰক্ষাৰেই মোৰ প্রিয় অশোক বনত ৰাখিছিলো। তুমিতো নির্দোষ বালিক হত্যা কৰিছা ৰাম। তুমি বালি
পত্নীক বিধবা সাজিছা। দুখ সার্বজনীন ৰাম।
তুমি শুনিছানে বালি পত্নী তাৰাৰ হিয়া ভঙা কান্দোন!?
উচুপি উঠিল ৰাম।
তুমি শুনিছানে বালি পত্নী তাৰাৰ হিয়া ভঙা কান্দোন!?
উচুপি উঠিল ৰাম।
কান্ধত ধনুখন
নাথাকিলে তেনেই সাধাৰণ ৰঘুনন্দন। ৰামৰ প্রতি ৰাৱণৰ অলপ দুখো লাগিল। অসহায় দুৰ্বল পিতৃৰ বাক্য পালন কৰি অবৈধ বুলি জানিও
ৰাজকোঁৱৰ ৰাম ওলাই আহিছে বনবাসলৈ। নৱ পৰিণীতা স্ত্রীক
লগত লৈ। কৈকেয়ীৰ ষড়যন্ত্রৰ বলি বেচেৰা ৰাম! দণ্ডকাৰণ্যৰ সেই অসুৰক্ষিত আন্ধাৰ। ৰাৱণৰ কোলাতেই টোপনি গ'ল সূর্যবংশী। মোহ
উপজিল ৰাৱনৰ। ভাগৰুৱা ৰাম।
ৰাৱণৰ কোনো শৈশৱ নাছিল। কোনো কৈশোৰ নাছিল। কিন্তু
তাতকৈওটো দুখৰ ৰামৰ কৈশোৰ। ধনু হাতত উঠাই দিয়া হ'ল। বিশ্বামিত্রৰ নির্দেশত এফালৰ পৰা নিধন
কৰি গ'ল অন্য সভ্যতা, অন্য সংস্কৃতি। চিন্তাৰ কোনো অবকাশেই
দিয়া নহ'ল। মুনিগণৰ স্বার্থত কাঁড়েৰেই ভেদি গ'ল বুকুৰ পিছত বুকু। ৰামে বাগৰ সলালে। গছৰ পাত এখিলাৰে বিচি দিলে ৰাৱণে। শয়নৰত সুন্দৰ নীলাভ
নেত্রপল্লৱ।
পোহৰ ঢুকাই আহিল। সাগৰখন ক্রমাৎ শান্ত হৈ আহিল।
সাগৰৰ পানীত ওপঙি থকা তেজবোৰ নীলা হৈ কজলা বৰণ ধৰিলে। বেলি অপসৃয়মান হৈ
পাতত উঠিল। অনিচ্ছা সত্বেও ৰাৱণে ৰামক জগালে-উঠা ৰঘুপতি। ৰামে চকু মেলিলে। আৰু উভটনি খোজ ল'লে। ৰাৱণে সাৰাংগ ধনুখন আৰু তূণ হাতত তুলি দিলে।
'তুমি জানানে লংকাপতি, তুমি মই একেই বংশোদ্ভৱ? তোমাৰ পিতা বিশ্রবা
মহামুনি পুলস্ত্যৰ বংশজ? পুলস্ত্য ব্রহ্মাৰ মানসপুত্রৰ সন্ততি? তুমি ব্রহ্মজ ৰাৱন। তুমি অর্ধ ব্রাহ্মণ।
আমি সকলো কুটুম্ব নহয়নে ৰাম?-নিষ্পৃহ কণ্ঠেৰেই ৰাৱণে ক'লে। কিন্তু দেৱ-দানৱ এইবোৰ তো মহামুনি সকলেই বিভাজন কৰিলে। ব'লা ৰাম-মোৰ মোক্ষৰ সময় সমাগত।
ৰামৰ চকু সজল হ'ল। তুমিও অস্ত্র লোৱা ৰাৱণ।
হাঁহিলে ৰাৱণে।
ৰাম, মোৰ এতিয়া আৰু কোনো অস্ত্র নাই! এপাত আছে, কিন্তু মই ব্যৱহাৰ নকৰো। তোমাৰ তূণত যিপাত অস্ত্র আছে, সমানেই শকতিৰ একেই অস্ত্র মোৰো আছে। দুয়ো যদি একে সময়তে ব্যৱহাৰ কৰো
ব্রহ্মাণ্ড প্রলয় হব। নাথাকিব তোমাৰ অযোধ্যা, মোৰ লংকা। নাথাকিব এই তৰু-তৃণ, এই ধৰা। ব'লা ৰাম। মঞ্চলৈ ব'লা ৰাম। দর্শক সকল ৰৈ আছে মোৰ নিধন চাবলৈ। ধীৰে-ধীৰে দুয়ো
মঞ্চলৈ উঠি গ'ল। ৰামে ক'লে-তোমাক মই বন্ধু
হিচাবে পোৱাহেতেঁন!!!
ৰাৱণে সহাঁৰি দিলে-হয় ৰাম।
ৰাৱণে সহাঁৰি দিলে-হয় ৰাম।
ৰাৱণ, অনুগ্রহ কৰি তুমি তোমাৰ অহংকাৰী মুখাখন
পিন্ধি লোৱা। নহ'লে এইবাৰো মোৰ লক্ষ্যভ্রষ্ট হব। তোমাৰ মুখাহীন তোমাক মই শৰবিদ্ধ কৰিব
নোৱাৰিম। ৰাৱণে মুখাখন পিন্ধি ল'লে। প্রকাণ্ড মোচেৰে তীক্ষ্ন চকুৰে ৰাৱন মঞ্চত উঠিল। মঞ্চসজ্জাৰ দায়িত্বত থকাজনে আঁৰকাপোৰ
ডাঙিলে। লাইটমেন জনে মঞ্চ পোহৰাই তুলিলে। পশ্চাতপটত ৰণ দুন্দুভি বাজি উঠিল। মঞ্চৰ সমুখৰ সমূহ দর্শক ৰূদ্ধশ্বাস, হাত চাপৰিৰ বাবে উদ্যত অসংখ্য হাত। ৰামে
সাৰংগৰ গুণ টানিলে...
বিকট চিঞৰেৰে
মঞ্চত পতিত হ'ল ৰাৱণৰ শৰবিদ্ধ কায়া। হ'লঘৰত জাউৰি জাউৰি হাত চাপৰি...
মঞ্চসজ্জাৰ
মানুহজনে ওপৰত লুকাই লুকাই ৰামৰ গাত নার্জি ফুলৰ পাহি ছটিয়ালে...
এইখিনিতেই নাটখনিৰ
যৱনিকা পৰিল....
কবি:-
ණ জয়ন্ত আকাশ বৰ্মন ।
No comments:
Post a Comment