শব্দ - সন্ধান --
২৬
----------------------------
----------------------------
এইবাৰৰ শব্দ -
সন্ধান শিতান সমৃদ্ধ কৰিছে অসমৰ এজন লেখত ল’বলগীয়া ভাষাবিদ আমাৰ শ্ৰদ্ধাৰ ড° খগেশ সেন ডেকা চাৰে ৷ চাৰৰ এই লেখাৰে
আখৰুৱাৰ সদস্যসকল উপকৃত হ’ব বুলি আশা ৰাখিলোঁ ৷
অসমীয়া ভাষাত -তা
(তল্), -্য (ষ্ণ্য) আৰু -ইক (ষ্ণিক্) প্ৰত্যয়ৰ
ব্যৱহাৰ
——————
——————
তৎসম শব্দত -তা
প্ৰত্যয়ৰ সংযোগে বিশেষ্য বা বিশেষণ শব্দক গুণবাচক বিশেষ্যৰ ৰূপ দিয়ে ৷ তাৰ কিছুমান
উদাহৰণ এনে ধৰণৰ—
দীন—দীনতা,
এক—একতা,
অতিশয়—অতিশয়তা,
সুজন—সুজনতা
চঞ্চল—চঞ্চলতা,
সহযোগী -- সহযোগিতা
প্ৰতিযোগী -- প্ৰতিযোগিতা , আদি ৷
এক—একতা,
অতিশয়—অতিশয়তা,
সুজন—সুজনতা
চঞ্চল—চঞ্চলতা,
সহযোগী -- সহযোগিতা
প্ৰতিযোগী -- প্ৰতিযোগিতা , আদি ৷
সংস্কৃতৰ ষ্ণ্য
প্ৰত্যয় সংযোগ হ'লে ষ্ণ্য-ৰ ষ্ণ লোপ পায় আৰু অকল ্য-কাৰ
থাকে আৰু মূল শব্দৰ আদি স্বৰৰ বৃদ্ধি হয়; যেনে—
এক—ঐক্য
সুজন—সৌজন্য
সুহৃদ—সৌহাৰ্দ্য
অনুগত—আনুগত্য
দৰিদ্ৰ—দাৰিদ্ৰ্য,
সকল—সাকল্য
প্ৰধান—প্ৰাধান্য
চঞ্চল—চাঞ্চল্য
দীন—দৈন্য
বিচিত্ৰ—বৈচিত্ৰ্য
সুন্দৰ—সৌন্দৰ্য/সৌন্দৰ্য্য
একমত (একমতিত্ব)—ঐকমত্য, আদি ৷
এক—ঐক্য
সুজন—সৌজন্য
সুহৃদ—সৌহাৰ্দ্য
অনুগত—আনুগত্য
দৰিদ্ৰ—দাৰিদ্ৰ্য,
সকল—সাকল্য
প্ৰধান—প্ৰাধান্য
চঞ্চল—চাঞ্চল্য
দীন—দৈন্য
বিচিত্ৰ—বৈচিত্ৰ্য
সুন্দৰ—সৌন্দৰ্য/সৌন্দৰ্য্য
একমত (একমতিত্ব)—ঐকমত্য, আদি ৷
ইক (ষ্ণিক)
প্ৰত্যয়ৰ সংযোগতো আদি স্বৰৰ বৃদ্ধি হয়; যেনে—
অভিধান—আভিধানিক
উপভাষা—ঔপভাষিক
উপন্যাস—ঔপন্যাসিক
ঈশ্বৰ—ঐশ্বৰিক
উদ্যোগ—ঔদ্যোগিক
যন্ত্ৰ—যান্ত্ৰিক
এক—ঐকিক
যোগ—যৌগিক
প্ৰশাসন—প্ৰাশাসনিক
প্ৰমাণ—প্ৰামাণিক
পৰিৱাৰ—পাৰিৱাৰিক
ব্যৱহাৰ -- ব্যাৱহাৰিক , আদি ৷
অভিধান—আভিধানিক
উপভাষা—ঔপভাষিক
উপন্যাস—ঔপন্যাসিক
ঈশ্বৰ—ঐশ্বৰিক
উদ্যোগ—ঔদ্যোগিক
যন্ত্ৰ—যান্ত্ৰিক
এক—ঐকিক
যোগ—যৌগিক
প্ৰশাসন—প্ৰাশাসনিক
প্ৰমাণ—প্ৰামাণিক
পৰিৱাৰ—পাৰিৱাৰিক
ব্যৱহাৰ -- ব্যাৱহাৰিক , আদি ৷
এই ক্ষেত্ৰত
সাধাৰণতে ভুল হোৱা শব্দবোৰ এনে ধৰণৰ—
(বন্ধনীৰ ভিতৰত শুদ্ধ ৰূপবোৰ দিয়া হৈছে)
ঐক্যতা (ঐক্য, একতা), দৈন্যতা (দৈন্য), মৌনতা (মৌন), সৌন্দৰ্যতা (সৌন্দৰ্য/সৌন্দৰ্য্য, সুন্দৰতা), প্ৰসাৰতা (প্ৰসাৰ), বৈচিত্ৰতা (বৈচিত্ৰ্য, বিচিত্ৰতা), উৎকৰ্ষতা (উৎকৰ্ষ), নিৰ্ভৰতা (নিৰ্ভৰ), ঐক্যতান (ঐকতান), ঐক্যমত (ঐকমত্য), বাহুল্যতা (বাহুল্য), ভাৰসাম্যতা (ভাৰসাম্য), মতদ্বৈধতা (মতদ্বৈধ), দাৰিদ্ৰতা (দাৰিদ্ৰ্য, দৰিদ্ৰতা), সখ্যতা (সখ্য), সৌজন্যতা (সৌজন্য, সুজনতা), সৌহাৰ্দ্যতা (সৌহাৰ্দ্য, সুহৃদতা ) ৷
(বন্ধনীৰ ভিতৰত শুদ্ধ ৰূপবোৰ দিয়া হৈছে)
ঐক্যতা (ঐক্য, একতা), দৈন্যতা (দৈন্য), মৌনতা (মৌন), সৌন্দৰ্যতা (সৌন্দৰ্য/সৌন্দৰ্য্য, সুন্দৰতা), প্ৰসাৰতা (প্ৰসাৰ), বৈচিত্ৰতা (বৈচিত্ৰ্য, বিচিত্ৰতা), উৎকৰ্ষতা (উৎকৰ্ষ), নিৰ্ভৰতা (নিৰ্ভৰ), ঐক্যতান (ঐকতান), ঐক্যমত (ঐকমত্য), বাহুল্যতা (বাহুল্য), ভাৰসাম্যতা (ভাৰসাম্য), মতদ্বৈধতা (মতদ্বৈধ), দাৰিদ্ৰতা (দাৰিদ্ৰ্য, দৰিদ্ৰতা), সখ্যতা (সখ্য), সৌজন্যতা (সৌজন্য, সুজনতা), সৌহাৰ্দ্যতা (সৌহাৰ্দ্য, সুহৃদতা ) ৷
ড° দীপালী বৰা
ব্যৱস্থাপক , শব্দ - সন্ধান
আখৰুৱা
ব্যৱস্থাপক , শব্দ - সন্ধান
আখৰুৱা
No comments:
Post a Comment