Showing posts with label ৰহঘৰা. Show all posts
Showing posts with label ৰহঘৰা. Show all posts

Wednesday, 28 June 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
                -- মৌচুমী বৰি

ভাইটি হিমুৱে এদিন কাগজ এখন জেৰক্স কৰিবলৈ গ'ল৷তেনেতে এগৰাকী চাদৰ-মেখেলা পিন্ধা মহিলা কোবাকোবিকৈ দোকানলৈ আহি বেগৰ পৰা ভোটাৰ কাৰ্ড অাৰু ফটো এখন উলিয়াই দোকানীজনক ক'লে-- "এইখন ফটোটেট কৰি দিয়ক আৰু ফটোখন পাঁচফুট বনাই দিয়ক৷"

Thursday, 25 May 2017

অনলাইন -অফলাইন



অনলাইন -অফলাইন
গধুলিৰ আগে আগে flipkart ককাইটি গোলালৈ গৈ সুধিলো,,কেৰাচিন তেল এপোৱা দিয়াহে কাইটি,,,সেইবুলি তৰ্জনী আঙুলিত ওলমাই অনা চিচা বটলটো আগবঢ়াই দিলো,,
নাই নহয়,,
',,তেন্তে ধেলা চাবোন এপিচ্ কাটি দিয়া,,
সেইবিধো নহ',,
উৱা,,তেন্তে বহী আধা দিস্তা আৰু জ্বলা চানা পাঁচ টকা বান্ধি দিয়া,,পাৰিলে টেঙা মৰ্টন দুটকাও দিবাহে,,,
সেইবোৰ নেপাই অ' ইয়াত,,,আপুনি বেলেগ দোকানত যাৱক,,
কিয় নেপাম হে,,চবেই মৌবিল টিপিলেই জোতা চেণ্ডেলৰ পৰা আদি কৰি ঠুটত ঘঁহা লিপিষ্টিকো পাই,,মই বিচৰাকেইবিধ কিয় নেপায়, ,,! কেছ্ দিম,,পুলিচ মাতিম,,নহ'লে নিউজ চেনেল মাতিম,,ইইহ্ দুখীয়া হ'লো বুলি নিদিবি আৰু হাতত মৌবিল থকা মানুহকে দিবি,,,,তঁহতৰ দোকানত কোনোদিন নাহোঁ আৰু,,ইমান অহংকাৰ,,! মই সৌ Amazon দাইটিৰ দোকানলৈকে যাওঁ,,মোৰ বস্তু কেইপদ তাতে পাম, চাই থাকা,,,,সেইবুলি ফিফিয়াই গুচি আহি amazon দাইটিৰ দোকানত সোমালো,,,
হেৰা দাইটি,,,কেৰাচিন এপোৱা দিয়াহে,,লগতে ধেলা চাবোন এপিচ্ আৰু জ্বলা চানা পাঁচটকা,বহী আধা দিস্তা,টেঙা মৰ্টন দুটকা,,সাউতকে দিয়া সৌ অহংকাৰি flipkart কাইটিক দেখাই ঘৰলৈ যাব লাগে,,,
আপুনি ভালে ভালে দোকানৰ পৰা যাবনে,,নহ'লে দোকানৰ পৰা বাজ কৰি দিম,,এইখন মহাজনৰ গোলা পাইছিল,,? গাঁৱলীয়া জাত চব,,যা ফুট্
হৌৰা,,তুমিচোন এখোপ চৰা দেই,,এনে মইমতালি নে তোমালোকৰ ৷ মোৰ হাতত মৌবিল নাই কাৰণে এনে দুঃব্যৱহাৰ কৰিছা,৷ হেৰৌ তোমালোকৰ বাপেৰেহঁতেনো কি একেবাৰে ৰজা হৈ জন্মিছিল যে একেবাৰে ৰাজকোঁৱৰৰ দৰে মাত মাতিছা,,সামান্য শিষ্টাচাৰ খিনিও নাজানা,,থুইই নাহো আক',,,তোমালোকৰ এনে দোকানত নিকিনাকৈয়েই বুঢ়ী হ'লো বুইচা,,,!
ফুফুয়াই দোকানৰ পৰা ওলাই আহি কলৈ যাওঁ কি কৰো বুলি snapdeal ভতিজাটোৰ দোকানৰ ফালে তৰ্জনি আঙুলিত চিচা বটলটো জোকাৰি জোকাৰি খোজ 'লো,,ই বেটাই মোক নিশ্চয় বস্তু কেইপদ দিব দেই,,,সেইবুলি ডাঙৰ ডলা খনৰ সমান আইনা থকা দুৱাৰখন আমাৰ দমৰা গৰু টনাৰ দৰে ঠেলা এটা মাৰি ভিতৰলৈ সোমাব লৈছোহে,,,ঐ ওলা ওলা,,গধুলি ধূপ জ্বলোৱা সময়ত ভিক্ষা দিয়া নহয়,,,
খং আৰু বেজাৰে খুন্দা মাৰি ডিঙিৰ ওচৰত সোপা মাৰি ধৰিলে,নাকৰ পাহি দুটা পুদুম ফুলাৰ দৰে ফুলিব ধৰিলে,,,ইয়াক সৰুতে কিমান মৰম কৰিছিলো,খেলাইছিলো,,খোৱাইছিলো,,বুকুচাত লৈছিলো,,এতিয়া বৰ মানুহ হ'ল কাৰণে মোৰ দৰে দুখীয়াক মানুহ বুলিয়েই নেভাবে,,,,একো নক'লো,,,দুচকুত চকুলো দুধাৰি লৈ ওলাই আহি কেঁকুৰিৰ পাৰৰ চেনীমাই দোকানৰ পৰা বস্তু কেইপদ লৈ ঘৰমূৱা হ'লো ৷
এৰা ,,,মৌবিল নহ'লে আজিকালি সকলো মিছা ৷ ঘৰত আলু পিতিকাই ভাত খালেও হাতত কৰট খনৰ সমান মৌবিল এটা লাগে দেই চবকে,,,,
কবি:-
নিভা গগৈ

Tuesday, 16 May 2017

গল্ফীৰ ডায়েৰি:



গল্ফীৰ ডায়েৰি:
মাজনী বাইদেৱে বাতৰি কাকতখন লৈ ডাঙৰ ডাঙৰকৈ পঢিছে ..."....জিলাৰ বিশিষ্ট সমাজ কৰ্মী ভোলা কাকতিৰ পৰলোকপ্ৰাপ্তি..."
বীৰু:- ৰিপ! !!

Friday, 12 May 2017

গল্ফীৰ ডায়েৰি:- মৌচুমি বৰি



গল্ফীৰ ডায়েৰি:-
ভদ্ৰ এজন তেনেই নিমাখিত লোক৷ তেওঁ খঙত কোৱা কথাটোও শুনিবলৈ খঙত কোৱা যেন নালাগে৷ এবাৰ তেওঁ ৰিক্সা এখনত উঠি এঠাইলৈ বুলি গৈ আছিল৷ ৰিক্সাৱালাজনে বাৰে বাৰে ৰিক্সাখন ৰাস্তাৰ গাঁতত পেলাই পেলাই নিয়াত ভদ্ৰৰ ইমান খং উঠিল যে খঙেৰে ৰিক্সাৱালাজনক ক'লে--" অ ৰিক্সাৱালা,অ ৰিক্সাৱালা গাঁতত পেলাই পেলাই ৰিক্সাখন কিয় নিছা?ভালকৈ চলোৱা নহ'লে মই তোমাক এক চৰ লগাই দিম,বুজিলা৷"