Wednesday, 29 March 2017

'অহেতুক'ණ প্ৰতীক্ষা প্ৰিয়ম



'অহেতুক'

-- কি হৈছে বাৰু?
--
কি হোৱা দেখিলি?
--
এই যে ৰাতি টোপনি নাহিলে তোলৈকে ফোনটো লগাওঁ, এইবোৰ দেখোন কিবা মেনিয়া টাইপ হৈ গৈছে।
--
তাতে? মই দিগদাৰ নাপাওঁ নহয়! ৰাতি দেখোন মোৰো টোপনি নাহে। মনত পৰিলে ফোন কৰিবি আৰু...ইমান ভাবি থাকিবলৈ কিটো আছে।
---
হুঁ। ভালেই নহয় তোৰ?
---
কালিলৈকে ভালেই থকা ছোৱালীজনীৰ আজি দিনটোৰ ভিতৰতে কি হ'ব পাৰে বাৰু?
---
এহ্ সুধিবলৈ একো নাছিল দেখি একেটাকেই সুধিলো।
দিনটো কোনোমতে পাৰ হয় ইটো সিটো ব‍্যস্ততাৰ মাজেৰে। ৰাতিটোৱে নামি আহিয়েই গেজু কৰিবলৈ ধৰে, খেদা খেদি খেলখনত তাৰ হাতত হাৰি যায় বহুতো।
সিহঁতৰো একেই কাহিনী, বাহিৰত জোনাক থাকিলেও মনবোৰ যে আন্ধাৰ, ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই তাইৰ নাম্বাৰটোকেই ডায়েল কৰিবলৈ ধৰে সি।
যোৱা বছৰলৈকে তাৰ সকলো ঠিকেই আছিল, আকালো নাছিল ভঁৰালো নাছিল। প্ৰাইভেট কোম্পানীৰ চাকৰিটোৱে তাক আৰ্থিকভাৱে সচ্ছল কৰি ৰখাৰ উপৰিও মনটোত এক ধৰণৰ সকাহ যোগাই থাকিব পাৰিছিল -- যে অন্ততঃ ভৰিৰ তলৰ মাটিকণৰ ওপৰত তাৰ সবল খোজকেইটা এতিয়াও থৰক বৰক হোৱা নাই। দুবেলা দুমুঠিৰ ভাতকেইটা মোকলোৱাৰ লগতে সৰু সুৰা দুই এটা সপোন পূৰণৰ নামত বিলাসিতা। জীয়াই থাকিবলৈ মানুহক আৰু কি লাগিছে? মৰম? এৰা, মৰমৰ ভোকহে আচল ভোক, তাৰ জীৱনত মৰমো আছিল। মাকজনীৰ সহজাত মৰমৰ ওপৰিও প্ৰেয়সীৰ মৰমো পাইছিল সি। দেউতাক ঢুকাইছিল কলেজত পঢ়ি থাকোতেই, তেতিয়াৰ পৰা মাকেই সকলো, হঠাতে আগমন ঘটিছিল প্ৰেয়সীৰ। চাৰিটা বছৰৰ গভীৰ প্ৰেম এষাৰিমান বাক‍্যতে অন্ত পেলাই তায়ো গুচি গৈছিল ঘৰে চাই দিয়া 'ৰালৈ বিয়া হৈ, বৰ্তমান থাকে দিল্লীত। ৰৈ গ'ল আমাৰ ই -- প্ৰস্তৰতাৰ দিশে ধাৱমান হৃদয়খনে যেন কান্দিবলৈও পাহৰি গৈছিল। মাথোঁ ৰাতিবোৰতহে....
আৰু তাই! ছমাহৰ পিছতে তাইৰ বিয়া, দৰা গুৱাহাটীৰ। অনলাইন চিনাকি হৈ ভাল লগাত দুয়ো পাৰস্পৰিকভাৱে বিয়া হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুয়োখন ঘৰেই সিহঁত দুয়োটাক লৈ সুখী। নিজে ঠিক কৰিছে যেতিয়া তাইকো সুখীয়েই বুলিব পাৰি। বেছ কিছুদিন সকলো ঠিকেই আছিল, হঠাৎ ৰাতি ৰাতি আহিবলৈ ধৰা এই ফোনকলটোৱে তাইক ক্ৰমান্নয়ে বিহ্বল কৰি তুলিছে। ভাবি পোৱা নাই কি অহেতুক মৰম সোমাই গৈছে এই 'ৰাজনৰ প্ৰতি যাক সৌ সিদিনাখনলৈকে চিনিয়ে পোৱা নাছিল।
সুখ দুখৰ কথাবোৰ পাতি থকাৰ মাজতে তাই তাক গান এটা গাই শুনাবলৈ কয়, তাৰ মাতটো বৰ শুৱলা, কণ্ঠ সুৰীয়া--- সি গান গাওঁতে তাই চকুহাল মুদি দিয়ে, সেমেকা বতাহ এছাটিয়ে চুই যায় শৰীৰ, মন। কথাৰ ফাঁকে ফাঁকে সিহঁতি হাঁহে, হুমুনিয়াহ কাঢ়ে, অবাইচ ভাষাৰে গালি পাৰে, তেতিয়া হেঁচি ৰখা কান্দোনবোৰেও মূৰ পোলোকা দিয়ে। হাৰি যোৱা ৰাতিটোৰ হাতত যেন পুনৰ জিকি যায় দুয়ো..
---
'ব দে শু। তোৰ বিয়ালৈ আৰু কেইদিন?
---
দিনৰ কথা নাজানোঁ, মাহৰ হিচাপত গোট ছমাহ।
---
বেলেগ আৰু। মুখৰ পৰা গালি নুগুচেই, গিৰিয়েৰ গ'ল আৰু তোৰ।
---
তাকেই পায়। ঐ মোৰ প্ৰেমত পৰি নাযাবি আকউ।
---
ধুৰ (অবাইচ), তোৰ প্ৰেমত আৰু মানুহ পৰে নেকি!
কথাবোৰ লাহে লাহে হামিলৈ পৰিণত হয়, ক্ৰমাৎ চকুৰ পটাসমূহ গধুৰ হৈ আহে। ইকাটি সিকাটি কৰি বাগৰি থকা উমাল শেতেলীৰ চেপেটা গাৰুটো সাৱটি দুয়ো দুৰ্ঘোৰ টোপনিত লালকাল দিয়ে।
(সমাপ্ত)
বি:
প্ৰতীক্ষা প্ৰিয়ম

No comments:

Post a Comment