Thursday, 30 March 2017

‘প্ৰকাশ’ আলোচনীৰ কবিতাৰ সমালোচনা



প্ৰকাশআলোচনীৰ কবিতাৰ সমালোচনা
সমালোচক- হীৰকজ্যোতি বৈশ্য
সদস্য, আখৰুৱা
°°°°°°°°°°°°°°°°°°
কবি এজন যেতিয়া নিজেই দক্ষ সমালোচক হয়, তেতিয়া তেওঁৰ কবিতাৰ ৰসাস্বাদন কৰাটো পাঠকৰ বাবে এটা সাংঘাতিক কচৰতৰ কাৰবাৰ হৈ পৰে৷ 'চানেকি' শিতানৰ বাবে 'প্ৰকাশ' আলোচনীৰ পৰা কবি এম. কামালুদ্দিন আহমেদৰ কবিতাটো তুলি লওঁতে এক মৰ-সাহ কৰা যেনেই লাগিছিল৷ যি হওঁক, পায়স-সান্দহ খাই খাই আমাৰ কেতিয়াবা পেট চলিলে আপেক্ষিকভাৱে টান কাঁচ কল খাব লগা হয়৷ সেইদৰে, মাজে-মধ্যে শুকান মটৰ চোবাই খালে সোৱাদ পোৱাৰ লগতে দাঁতবিলাকো মজবুত হয়৷
আমি অন্ধ মানুহ দেখিছোঁ, কলা মানুহ দেখিছোঁ, কিন্তু গোন্ধ নোপোৱা মানুহ জানো আছে? ঘ্ৰাণ শক্তি সকলো মানুহৰে এক অমোঘ শক্তি আৰু ই প্ৰাণীকুলৰ প্ৰাচীনতম ইন্দ্ৰীয়৷ ঘ্ৰাণক লৈ বহু কবিতা ৰচনা কৰা হৈ আহিছে৷ ইমেজিষ্ট আন্দোলনৰ অন্যতম হোতা ৱিলিয়াম কাৰ্লোছ ৱিলিয়ামে 'Smell' কবিতাটোত নিজৰ নাকৰ লগত কথা পাতিছে-
"Oh strong-ridged and deeply hollowed
nose of mine! what will you not be smelling?"
যিকোনো পৰিস্থিতিতেই নাকৰ গোন্ধ লোৱাৰ কৌশলক কবিয়ে শেষত ভৰ্ৎসনা কৰিছে-
"Must you taste everything? Must you know everything?
Must you have a part in everything?"
অসমীয়া কবিতাতো গোন্ধৰ বিশ্বজনীনতাৰ প্ৰতিফলন ঘটি আহিছে৷ অজিৎ বৰুৱাৰ বিখ্যাত "জেংৰাই ১৯৬৩" কবিতাত গোন্ধক এবাৰ যদি আৰ্তনাদৰ উৎস হিচাপে দেখুৱাইছে (এয়ে নেকি সে-ই বাঘটোৰ গোন্ধত উজাৰ খোৱা/মহৰ জাকৰ ঘণ্টাৰ আত্ৰাণি?…) অইন এবাৰ দেখুৱাইছে বিশৃংখলাৰ মাজেৰে ধ্বনিময়তাৰ কাৰক হিচাপে (ডকা ফুটা গোন্ধ তৰা ফুলা গোন্ধ/ডকা ফুটা গোন্ধ টকা ফুটা গোন্ধ)৷ মন কৰিবলগীয়া কথাটো হৈছে ডকা, তৰা, টকা এইবোৰৰ কোনো গোন্ধ নাই, তথাপি কবিয়ে গোন্ধ পাইছে সকলোৰে৷ গোন্ধৰ সাৰ্বিক ইন্দ্ৰিয় গ্ৰাহ্যতালৈ চাই কব পাৰি যে গোন্ধ ইয়াত মেটাফিজিকেল কনচিট (Metaphysical conceit) হিচাপে ব্যৱহৃত হৈছে৷
'
প্ৰকাশ' আলোচনীৰ মাৰ্চ মাহৰ এটা কবিতা হৈছে কবি এম. কামালুদ্দিন আহমেদৰ 'তপত'৷ ওপৰৰ পাতনিখিনি এইকাৰণেই মেলিব লগা হৈছে যে এই কবিতাটোতো কবিৰ চেতনাত গোন্ধে, এটা অগতানুগতিক গোন্ধে ক্ৰিয়া কৰিছে, অগতানুগতিক ধৰণে৷
তপত
কবি- এম. কামালুদ্দিন আহমেদ
তপত এটা গোন্ধে
গোটেইখন সী পেলায়
আঙুলিয়াই দিব নোৱৰাঃ
উৎস তাৰ
গাঁতৰ পৰা এইমাত্ৰ ওলাই অহা শিয়ালজাকৰ গা
নে
অইন কিবা
ফুৰফুৰীয়া হাবিয়লি ফুলৰ গোন্ধটো
বিদিৰ্ণ কৰি
জোনাক বঢ়াই তোলা হাচনাহানাৰ গোন্ধটো
বুকুৱে পিঠিয়ে শালি
তপত এই গোন্ধৰ অহা-যোৱা
ইমানদিনে সি
অন্ধকাৰত বন্ধী হৈ আছিল
ঘনীভূত হৈ আছিল
কঠিন ৰূপ লৈ আছিল
আজি ওলাই আহিছে৷
(শেষৰ স্তৱকৰ দ্বিতীয় শাৰীত থকা 'বন্ধী' শব্দটো ছপা ভুল যেন লাগিছে৷ এইটো হয় 'বন্ধ' নহলে 'বন্দী' ব লাগিছিল)
--------------------------------
কবিয়ে ইয়াত মেটাফিজিকেল কনচিটৰ ব্যৱহাৰেৰে পাঠকৰ চেতনাৰ পৰিসীমা বহলাই দিছে৷ সেই আপাহত কবিয়ে তপত(অৰ্থ- অতিশয় গৰম) গোন্ধ পাইছে৷ যেন হাড় কপোঁৱা জাৰত গা সেকিব পৰা তপত৷ "গোটেইখন সী পেলাই" বুলি কওঁতে এখন কাপোৰৰ কথা আমাৰ মনলৈ আহে আৰু তপত 'গোন্ধ'ৰ উল্লেখেৰে কবিয়ে এই ভাৱক ব্যাপ্তি দিছে৷ এই ব্যাপ্তিয়ে এটা মাত্ৰা পাইছে দ্বিতীয় স্তৱকত, ত কবিৰ মনৰ দোধোৰ-মোধোৰ স্থিতি পৰিস্ফুট হৈছে যদিওবা তেওঁ কিছু দূৰলৈ গোন্ধৰ উৎসৰ লগত "গাঁতৰ পৰা এইমাত্ৰ ওলাই অহা শিয়ালজাকৰ" সামঞ্জস্য বিচাৰি পাইছে৷ শিয়ালৰ প্ৰতীক সাধাৰণতে চতুৰ, ষড়যন্ত্ৰকাৰী, অন্যায়ৰ ৰক্ষক হিচাপে ব্যৱহৃত হয়৷ গতিকে প্ৰশ্ন হয় কবিয়ে শুঙিব পোৱা গোন্ধটোৱে কিবা অশনি সংকেত কঢ়িয়াইছে নেকি? সমাজ-ৰাজনীতিৰ পংকিলতাৰ কথালৈ আঙুলিয়াইছে নেকি? "নে/অইন কিবা" বুলি কৈ উৎসৰ অনিৰ্দিষ্টতাৰ কথা কৈছে যদিও এটা কথা ঠিক যে উৎস যিয়েই নহওক তাৰ গোন্ধটো 'তপত'৷ তৃতীয় স্তৱকত কবিৰ চেতনাত প্ৰাকৃতিক গোন্ধৰ টান অনুভূত হৈছে, কিন্তু এই প্ৰাকৃতিক গোন্ধ(হাবিয়লি ফুলৰ গোন্ধ, হাচনাহানাৰ গোন্ধ) বিলুপ্তিৰ গৰাহত৷ 'তপত গোন্ধ'টোৰ প্ৰভাৱত সহজাত গোন্ধবোৰ সংকটত অৱস্থান কৰিছে৷ "বুকুৱে পিঠিয়ে শালি" বুলি কওঁতে মন কৰিবলগীয়া কথাটো হৈছে "শালি" শব্দটোৰ দ্ব্যৰ্থতা৷ শালিয়ে ইয়াত লা গলাই মজবুত কৰা বুজাইছে নে শালি ধানৰ কথা বুজাইছে সেয়া পাঠকৰ বাবে প্ৰশ্ন৷ যদিও কবিয়ে এই স্তৱকটো কৌশলগতভাৱে জটিল কৰিছে, এটা কথা ঠিক যে স্তৱকটোত নিৰাশাৰ মাজেৰে আশা সঞ্চাৰিত হৈ আছে৷
গোন্ধটোক মানৱীয়কৰণ কৰা হৈছে শেষৰ স্তৱকত, ত কবিয়ে গোন্ধটোৰ আত্ম-নিৰ্মাণৰ আভাস দিছে৷ "ইমান দিন" মানে অজস্ৰ দিন, হয়তো মাহ-বছৰ-যুগ; "অন্ধকাৰত বন্দী হৈ আছিল/ঘনীভূত হৈ আছিল/কঠিন ৰূপ লৈ আছিল"- এইকেইশাৰীয়ে এটা বৈপ্লৱিক পৰিশ্ৰম বা কুচকাৱাজৰ ইংগিত দিয়ে, যিটো হয়তো অন্ধকাৰতহে সম্ভৱ৷ সাধাৰণভাৱে চাবলৈ গলে ই নেতিবাচক অৰ্থত কোনোবা গাঁতৰ শিয়ালজাকৰ গোপন ষড়যন্ত্ৰ সূচায়; কিয়নো, এই আত্ম-নিৰ্মাণে প্ৰাকৃতিক গোন্ধৰ চেতনা (হাবিয়লি ফুলৰ গোন্ধ, হাচনাহানাৰ গোন্ধ) মষিমূৰ কৰিব ওলাইছে৷ আকৌ, কবিতাটোৰ শিৰোনাম 'তপত'ৰ অৰ্থগত ব্যাপ্তিলৈ চাই কব পাৰি যে কবি নীলমণিয়ে "এন্ধাৰতহে ধানে গেৰ ধৰে কিয়" বুলি যিধৰণৰ ইতিবাচক সমাজ পৰিৱৰ্তনকামী বিপ্লৱৰ কৌতুহলৰ ইংগিত দিছিল, তাৰেই ই (অন্ধকাৰত হব পৰা) এটা বাস্তৱিক সমিধানৰ ইংগিত দিছে৷
তপত উষ্ণতা বা ইয়াৰ প্ৰভাৱ সাধাৰণে আমাৰ পৰম্পৰাত ক্ষতিকাৰক বা নেতিবাচক নহয়৷ তপতৰ লগত গৰমৰ পাৰ্থক্য আছে৷ চিকিৎসাজনিত কাৰণত আমি পানী তপতাই খাওঁ, ভাত-আঞ্জা জুইত তপতাই ৰান্ধোঁ, কিন্তু সাৱধান নোহোৱাজনক তপত কেৰাহীয়ে পুৰি হাতত পানীজ্বলাও বান্ধিব পাৰে৷ গতিকে 'তপত' কবিতাটোৰ দ্ব্যৰ্থতা অতিক্ৰমি এক কথাত উপনীত হবলৈ হলে কব লাগিব যে সমাজৰ জটিল পংকিলতাবোৰ আঁতৰাবলৈ আমাৰ সহজাত পন্থাবিলাক নস্যাৎ কৰি গাঢ় কৌশল (চতুৰালি) সম্পন্ন বৈপ্লৱিক আন্দোলন এটা পোহৰলৈ অহাৰ উমান পাইছে কবিয়ে৷ এই সময়ৰ সমাজ-পৰিস্থিতি যি পাক লগা পংকিলতাৰে ফাঁট মেলিছে, সেয়া "সী পেলাবলৈ" নিশ্চয়কৈ সিয়নিটো পাক লগা (চতুৰ) হব লাগিব, আৰু সেই পাক লগা/চতুৰ সিয়নিৰ সম্ভাৱনীয়তা ইমানেই গাঢ় যে ই কবিৰ চেতনাত 'তপত গোন্ধ' হিচাপে ধৰা দিছে৷ সেই হিচাপে কবিতাটোক মই আশাবাদৰ কবিতা বুলিম৷
মুক্তক ছন্দত লিখা এই কবিতাটোৱে বাৰুকৈ সোঁৱৰাই দিয়ে টি এছ এলিয়টৰ 'Tradition and individual talent" প্ৰৱন্ধটোলৈ৷ এলিয়টে যি ইতিহাস চেতনাৰ (historical sense) ওপৰত জোৰ দিছিল সেয়া এই কবিতাটোত মৰ্মে মৰ্মে পাওঁ, অথচ কবিয়ে সেই চেতনাত লীন নগৈ নিজস্ব এটা সৃষ্টি সম্ভৱ কৰি তুলিছে৷
আৰম্ভণিতে উল্লেখ কৰা পেছাত এজন চিকিৎসক ৱিলিয়াম কাৰ্লোছ ৱিলিয়ামে নাকক যি সকলো বস্তুৰে গোন্ধ লোৱাৰ অদ্ভূত শক্তিৰ বাবে ভৰ্ৎসনা কৰিছিল, সেই একেই শক্তিকে অতিৰঞ্জিত কৰি অজিৎ বৰুৱাই ডকা ফুলা গোন্ধ পাইছিল আৰু এই অতিৰঞ্জনৰ বিস্তাৰ হিচাপে কবি কামালুদ্দিন আহমেদে গোন্ধৰ লগত উষ্ণতাক সাঙুৰি এক আশাবাদৰ সঞ্চাৰ কৰিছে৷
এলিয়টৰ ভাষাত- "the most individual parts of his (the poet's) work may be those in which the dead poets, his ancestors, assert their immortality most vigorously." এই ইতিহাস চেতনাই মাথোঁ সাহিত্য-ইতিহাসৰ অনুসংগ উল্লেখ কৰাটোৱেই নুবুজাই, ই বুজাই সাহিত্য-ইতিহাসৰ এক গভীৰ হৃদয়ংগম৷ 'তপত' কবিতাটোত আমি সেয়াই দেখিবলৈ পাওঁ৷
পৰ্যালোচক-হীৰকজ্যোতি বৈশ্য
সদস্য¸ আখৰুৱা
°°°°°°°°°°°°°°°°°
ব্যৱস্থাপকৰ টোকা---
'
আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি হীৰকজ্যোতি বৈশ্য ডাঙৰীয়াই যুগুতোৱা প্ৰকাশআলোচনীৰ মাৰ্চ, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হল৷ মাননীয় সকলো সদস্যৰে সহযোগিতা আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায়ক হব। পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
ধন্যবাদ
পাৰ্থ প্ৰতিম কলিতা
অচ্যুত মাধৱ দাস
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক,
চানেকি শিতান
৩০ মাৰ্চ,২০১৭

No comments:

Post a Comment