Friday, 24 March 2017

নলীয়া কটাৰী আৰু বহেমিয়ান প্ৰেমණ ৰক্তিম গগৈ



নলীয়া কটাৰী আৰু বহেমিয়ান প্ৰেম
--------------------------------------------
শোৱাপাটীৰ তলত তাই সযতনে ৰাখে
নলীয়া কটাৰীখন।
কটাৰীখন তাইৰ বৰ বিশ্বাসী ।
আধাখোৱা আপেলৰ বগাখিনিত
জীৱনৰ মোহ বোৰ সোমাই থাকে ।
মই নহয় , তাইহে কৈছিল ।
সোণালী নদীখনৰ পাৰত আমি সদায় বহো।
তাই কথা কৈ যায়, মই শুনি যাওঁ ।
তাই আকৌ কথা কয়, মই শুনি যাওঁ ।
আবেলিটো ৰঙা হৈ পৰে বেলিৰ হাতত ।
তাই আৰু মইও লাহে লাহে ৰঙা হওঁ ,
তাই সুখী নে অসুখী কেতিয়াও মোৰ সোধা নহ'ল !
হাতত আধা খোৱা আপেলৰ টুকুৰাটো লৈ
জীৱনৰ মোহ বোৰ আকৌ এবাৰ জী উঠে।
সেইদিনা তাইৰ আহি পোৱা দেৰী হ'ল।
ৰঙচুৱা আবেলিটো মই অকলেই পাৰ কৰিলোঁ ।
হঠাৎ আহি তাই চটফটাই কৈ উঠিল
"
আবেলিৰ ৰঙাবোৰে মোক বৰ অসুখী কৰে ।"
অকণমান নিস্তব্ধ পল পাৰ হ'ল !
"আজিৰপৰা আমি আৰু আবেলিবোৰত লগ নহওঁ",
মই লাহেকৈ উত্তৰ দিলোঁ ।
ৰাতি তাই সদায় শোৱাপাটীৰ তলত কটাৰীখন চুই চাই মনতে ভাৱে,
এই কটাৰীখনৰ বাবেই তাই বাৰু বহেমিয়ান প্ৰেমত বন্দী হোৱা নাইতো !!
কবি:-
ক্তিম গগৈ

No comments:

Post a Comment