Friday, 24 March 2017

দুখে জুৰুলা কৰা মানুহ -উইল চিদ্দিকুৰ ৰহমান



দুখে জুৰুলা কৰা মানুহ 

দুখে জুৰুলা কৰা মোৰ দেশ,
দেশৰ মানুহ
আজিকালি মই
বৰ অলপতে ভাগৰি পৰোঁ
সাত-সাগৰ তেৰ-নদী সিপাৰে
কোনে খুলিছে নৈপৰীয়া মাটি
কেনেকৈ ৰাখো
নকটা খেৰ ন-শৰ লেখ
কুৰুৱা উৰা ৰাতি
দুখে জুৰুলা কৰা মানুহ
কি সতে কও,
মোৰ দেশ মোৰ মাটি
মোৰ নদী মোৰ পানী
আন আছেইবা কি?
নৈয়ে এৰা সুঁতি।
কি সতে বন্ধকীত ৰাখো
আইৰ শিপিনী হাতে বোৱা
পিতাইৰ চেলেং কাপোৰ!
দুখে জুৰুলা কৰা মানুহ
বুকুত নিৰন্তৰে বওঁ
নামডাঙৰ শিলৰ সাকোঁ.....
বি:
-উইল চিদ্দিকুৰ ৰহমান

No comments:

Post a Comment