Thursday, 16 March 2017

ৰেহৰূপ ණ জ্যোতিষ কুমাৰ দেৱ



ৰেহৰূপ


সলনি নহয় মানুহ বোৰ
অপৰিবর্তিত থাকে বাতাৱৰণ
পৰিস্থিতিয়ে সলায় ৰেহৰূপ
নতূন গঢ় লয় সাতামকলীয়া মন
অহাযোৱাৰ বাটত কেতিয়াবা
দুবৰি বনৰ পয়োভৰ
দাপোনৰ অন্তঃকৰণত দেখো
খঁহা ৰূপোৱালি স্তৰ
জিৰনি লবলে পাহৰে কেতিয়াবা
উৰণীয়া মৌ জাক
নৈয়ে এঙামুৰি লয় মাজে মাজে
গড়া খহাই ললে বাঁক
সময়ৰ সোঁতে হিয়াক চুৱে
বয়সে আঁচোৰে গা'
চিনাকি জোনৰো হানি দেঢ়ি
জগৰ ধৰিবা জানো তাত !
কবি:- জ্যোতিষ কুমাৰ দেৱ ।

No comments:

Post a Comment