স্বপ্ন-দুঃস্বপ্ন
বাক স্বাধীনতা
থাকিল বুলিয়েই
কাউৰীৰ দৰে কাঁ কাঁ কৰা
মোৰ দেশৰ জাতীয়তাবাদীৰ ঘৰত
কুলিয়ে কণী পাৰে ৷
কাউৰীৰ দৰে কাঁ কাঁ কৰা
মোৰ দেশৰ জাতীয়তাবাদীৰ ঘৰত
কুলিয়ে কণী পাৰে ৷
আথে বেথে উমনি
দিয়া
নিজৰ সন্তান বুলি
মুখত আহাৰ দি প্ৰতিপালন কৰা
কুলিৰ পোৱালীটো
নিলগলৈ উৰা মাৰে ৷
নিজৰ সন্তান বুলি
মুখত আহাৰ দি প্ৰতিপালন কৰা
কুলিৰ পোৱালীটো
নিলগলৈ উৰা মাৰে ৷
কবি:-
ණ মাধৱ দত্ত
No comments:
Post a Comment