Saturday, 25 March 2017

নদীয়ে জানে : ණজয়ন্ত আকাশ বৰ্মন



নদীয়ে জানে :
আয়ে কয় মোৰ হেনো জন্ম নদীৰ পাৰত। শাওন মাহৰ দুপৰ ক্ষণত। বুঢ়াদিয়া নৈৰ পানীবোৰ সিদিনা ৰ'দত জিল্ মিলাই আছিল। এটা দুটা উৎসাহী মাছে পিঠি দেখুৱাই জপিয়াই নদীৰ পানীত ফুল সিঁচিছিল। পিতা তেতিয়া ধনো মণ্ডলৰ পথাৰলৈ গৈছিল, গৰুক পানী খুৱাবলৈ। আয়ে দুপৰীয়াৰ ভাতৰ বাবে নদীৰ ঘাটলৈ গৈছিল চাউল ধুবলৈ। নদীৰ পাৰত তেতিয়া কোনো মানুহ নাছিল। গেৰি মাৰিলে শুণা দূৰত্বত আঘোনা জেঠাই নদীত নমাই ম'হ কেজনীৰ গা ধুৱাই আছিল। অলপ আগৰ জানটোত মথো আতাই বৰশী বাই আছিল। আৰু তেনে এক ক্ষনতেই নদীৰ পাৰৰ বালিতেই বিৰিণাৰ বুকুতেই মোৰ জন্ম হৈছিল। আয়ে কৈছিল, পিতাই হেনো মনৰ আনন্দতেই নৈপৰীয়া আমাৰ সৰু ৰ গাওঁখনিৰ সকলোকে মাতি গাওঁৰ নামঘৰত এসাজ খুৱাইছিল। নৈৰ পাৰত উপজা কাৰনেই পিতাই মোৰ নাম সুজল ৰাখিছিল। নদীৰ পাৰত জন্ম হোৱা কাৰণেই নেকি বুঢ়াদিয়া নদীখনৰ প্ৰতি মই এক অজান টান অনুভৱ কৰিছিলো। সততাৰে কব গ'লে নদীখনক মই মোৰ দ্বিতীয় আই হিচাপে অন্তৰেৰে গ্ৰহণ কৰিছিলো। আয়ে নজনা মোৰ অলেখ কাহিনী বুঢ়াদিয়াই জানিছিল। মোৰ কৈশোৰৰ অসূৰ্যস্পৰ্শা সেই কাহিনীটোও, যাক মই অতি গোপনীয়তাৰে লালন কৰি ৰাখিছো।
আমাৰ এজনী ক'লী গাই আছিল। মোৰ শৈশৱৰ সংগী। মই নাম ৰাখিছিলো ক'লী বাখৰী, বাখৰৰ দৰেই উজ্জ্বল আৰু তজ্ বজীয়া আছিল তাই। ক'লী বাখৰীক মই বহুত মৰম কৰিছিলো। পঢ়াশালিৰ পৰা আহি আয়ে বাঢ়ি দিয়া ভাতকেটামান কানে মুখে গুজি দৌৰ মাৰিছিলো। নৈৰ পাৰৰ মথাউৰিৰ কাষৰ পথাৰখনত মোৰ ক'লী বাখৰী মোৰ অপেক্ষাত ৰৈ থাকিছিল। মই ওচৰ পোৱাৰ লগে লগে তাই উজ্জ্বলতৰ হৈ উঠিছিল আৰু মোক চেলেকি দিছিল। মই তাইৰ মোলায়েম গল বিচনীখনত হাত ফুৰাই দিছিলো- কি কোমল আছিল সেই গলবিচনীখন!! আৰু খুটি উঘালি তাইক এৰালমুক্ত কৰি দিছিলো। মূৰটো লৰাই-লৰাই তাই মুক্তমনে ঘাঁহ খোৱাত লাগি গৈছিল। গ্ৰীষ্মকালী দুপৰীয়া নৈ পৰীয়া বতাহ মেলিছিল। জোপোহাৰ ওচৰত গছৰ তলত গামোচা পাৰি মই শুই দিছিলো কেতিয়াবা। ক'লী বাখৰীক তাৰ আগতে কৈ লৈছিলো- বেছি দূৰলৈ নাযাবি। আনৰ খেতিত নোসোমাবি। মোৰ ওচৰতেই থাকিবি। মূৰ লৰাই ক'লীবাখৰীয়ে শলাগিছিল।মই আমেজেৰে , নদীয়াল পখীৰ মাত শুনি শুনি তন্দ্ৰামগ্ন হৈছিলো। মই কাণ পাতি শুনিছিলো এক অপূৰ্ব সংগীত। গাইজনীয়ে যেতিয়া পথাৰৰ ঘাঁহ ছিঙি খাইছিল, এক অনবদ্য সাংগীতিক লয়ৰ সৃষ্টি হৈছিল, এবাৰ জিভাৰে ঘাঁহখিনি পাক মাৰি লোৱাৰ শব্দ, তাক অনুসৰণ কৰি দ্বিতীয়বাৰ ঘাঁহখিনি আংশিক ভাবে ছিঙি, তৃতীয়বাৰ সম্পূৰ্ন বনখিনি ছিঙি আনি এপাৰি দাঁতৰে মুখত সোমোৱাৰ মধুৰ শব্দই মোৰ বুকুত কোমলকৈ এক প্ৰাকৃতিক অনুৰণনৰ সৃষ্টি কৰিছিল। মাটিত কাণ পাতি মই শুনিছিলো সেই শব্দ। সেই শব্দৰ মাত্ৰা শুনি চকু মুদিয়েই মই কৈ দিব পাৰিছিলো ক'লী বাখৰী ঘাঁহ খাই খাই কিমানখিনি দূৰ পালেগৈ। মাজে মাজে ক'লীবাখৰী মোৰ কাষ চাপি আহিছিল, এনেয়ে। মই তাইক ডিঙিৰ ওচৰতেই কান্ধত সাবটি ধৰি মৰম কৰি দিছিলো। তায়ো মৰমতে কান্ধৰ সেইটুকুৰা কঁপাই দিছিল, আৰু আমি একাত্ম অনুভব কৰিছিলো।
পহিলা ফাগুনৰ এদিন দুপৰীয়া। মই বাখৰীক পানী খুৱাবলৈ নৈৰ ঘাটলৈ নমাই নিলো। শিং জোকাৰি তাই পানী খোৱাত লাগিল। মই চাই থাকিলো। ভাবিলো- নদীখন অকল মোৰেই নহয়, বাখৰীৰো আই। এনেতে নদীৰ সিপাৰৰ পৰা কোনোবাই মোক ৰিঙিয়ালে- সুজল। মাতটো প্ৰতিধ্বনি হ'ল- সুজল...সু-জ-ল....সু--জ---ল.... মই সিপাৰলৈ চালো। এখন হাতত কাপোৰেৰে মেৰিয়াই অনা এটা টোপোলা আৰু আনখন হাতত 'লা কেট্লি এটা লৈ সেয়া লাৱনী। লাৱনী সিখন গাঁওৰ গাওঁবুঢ়াৰ ছোৱালী। 'কি..ই..ই......'- মই উকিয়ালো।
'
সিটো পাৰৰ পৰা বগৰীকেটামান পাৰি দে চোন। খাব মন গৈছে।'-তাই চিঞৰিলে।
'
কেনেকৈ দিম? মই এতিয়া সাতুঁৰিব নোৱাৰো। এখনেই গামোচা আছে। তিয়াব নোৱাৰো।'
সিটো পাৰে লাৱনীয়ে খিলখিলাই হাঁহি উঠিল। মোৰ অলপ খং উঠিল। এইজনী মোৰ শ্ৰেণীতেই পঢ়িছিল মোৰ লগতেই। কিন্তু পঢ়াত একেবাৰে কেঁচা। ধীৰেন চাৰৰ কোব খাই খাই পঢ়াশালি এৰি দিলে। পঢ়া- শুনাত একেবাৰেই মন নাই। খালি বগৰী, আম এইবোৰেই চিন্তা। অৱশ্যে তাই ধুনীয়াকৈ গান গাব পাৰিছিল। শ্ৰেণী আৰম্ভ হোৱাৰ আগৰ প্ৰাৰ্থনাটো তায়েই লগাই দিছিল।
'
হাঁহিছ কেলেই? নিদিওঁ যা।'- মই খং দেখুৱালো।
'
তোৰ ওচৰতেই দেখোন নাও খন আছে! চলাব নাজান নেকি?'-হাঁহি সামৰি তাই ক'লে।
মই দক্ষ নাছিলো যদিও মোটা মুটি নৈ পাৰ হব পৰাকৈ নাও চলাব জানিছিলো। নাও চলাব নাজান নেকি বুলি কৈ তাই মোৰ অকনমানি আত্মসন্মানত লগাই দিছিল।
'
ৰহ। গৈছো। বগৰীটো পাৰি থৈ দিয়া নাই । অলপ ৰৈ থাক।'
ইটো পাৰৰ প্ৰতিজোপা বগৰীৰে সোৱাদ মোৰ মুখস্থ আছিল। মিঠা বগৰীডালৰ পৰা ফৰ্মুটিয়াই বগৰী এহালিছা পাৰি গামোছাখনেৰে বান্ধি লৈ মই সিটো পাৰলে নাও চলালোঁ। যোৱাৰ আগতে বাখৰীক কৈ গ'লো- বাখৰী, তই অকমান ইয়াত শুই ল দেই। মই সিটো পাৰৰ পৰা পৎকিনে আহি আছো। সিপাৰে লাৱনী গছ এজোপাৰ তলত ভৰি নচুৱাই বহি থাকিল।
নাও বাই মই পাৰত উঠিলো। গছ এজোপাৰ তলত দুয়ো বহিলো। তাই ক'লে- অলপ জোপোহাৰ আৰলে' আহ। পিতাই এইফালেই আছে খেতি পথাৰত। দেখিলে খং কৰিব।
মই বগৰীবোৰ তাইক দিলো। তাই বগৰী এটা লৈ সৰু ঠাৰিডালত ধৰি কামুৰি খাবলৈ ধৰিলে। মই ক'লো- পিতাই তোৰ কিয় নো খং কৰিব? মইহে গাইজনীক এৰি এইফালে আহিছো। মোৰ পিতাইহে খং কৰিব মোক!
তাই বেৰীয়া দাঁতটো উলিয়াই আকৌ হাঁহিলে। বগৰীটো চাগে তাই টেঙা পাইছে। এটা চকু মুদি তাই দাঁত কামুৰি দিলে। -'অকৰা, আজিকালি মই আৰু সৰু ছোৱালী নহয়। সেয়েহে বাহিৰত বেছিসময় থাকিলে পিতাই খং কৰে।
মই তাইৰ অদ্ভূত যুক্তিটো বুজি পোৱা নাছিলো। 'ডাঙৰ হ'লেহে বাহিৰত আহিব পাৰি। সৰুতে চোন অকলে ওলাবই নিদিয়ে। তাই দ্বিতীয় কামোৰ মাৰি বগৰীৰ গুটিটো চোবাই ঘুৰাই আছিল। মই সুধিলো-'স্কুললৈ যাবলৈ কিয় বাদ দিলি?'
'
ধেই। -তাই ক'লে।' স্কুল তোৰ দৰে মাথা থকা ভাল ল'ৰাবোৰৰ বাবে। এনেয়েও সেইবোৰ শিকি জীৱনত একো লাভ নাই। মই ছাগলী পুহিছো জান'?পোৱালী জগিছে। পাঁচটা।- তাই হাতখনৰ পাঁচটা আঙুলি দেখাই ক'লে।
'
', টেকেলি পিঠা আছে খাবি নেকি?'- কাপোৰৰ টোপোলাটো খুলি তাই ক'লে। পিতাইক পথাৰত জলপান দিব আনিছিলো।
'
তোৰ পিতাৰাই কি খাব?'-মই সুধিলো। ভোক লাগিছিল অৱশ্যে।
'
চাৰিটা আনিছো। '- পিতাই দুটাহে খায়।
'
তেন্তে চাৰিটা আনিলি কিয়?'-মই সুধিলো। তাই এডাল ঘাঁহ ছিঙিলে, আৰু দাঁতেৰে কামুৰি কামুৰি উত্তৰ দিলে-তোক লগ পাম বুলি মনে কৈছিল। - অলপ নীৰৱতা....
টোপোলাৰ পৰা তাই দুটা টেকেলী পিঠা উলিয়ালে। ক'লে-মই পুৰিছো। মোৰ হাতত দি ক'লে-চাহ নাই। এনেকে খাব পাৰিবি?
'
দে। পাৰিম তো।'
এনেতে তাইৰ ওচৰলৈ তাইৰ পোহনীয়া ছাগলীজনী আহিল।
'
ছাগলীৰ গাখীৰ খাবি নেকি?-তাই সুধিলে, হাঁহিলে।
'
অ তো। গান্ধীয়ে চোন সদায় খাইছিল।'-মই ক'লো।
'
তয়ো গান্ধীৰ দৰেই।' তাই হাঁহিলে। ময়ো হাঁহিলো এইবাৰ ।
দৌৰি গৈ তাই ছাগলীজনী ধৰি আনিলে। 'খীৰাব জানিবি নে?'-তাই সুধিলে।
'
কিয় নাজানিম? বাখৰীক ময়েই খীৰাওঁ।'
'
কোন বাখৰী? - ছাগলীৰ কাণখনত ধৰি তাই চকু ঘোপাকে' সুধিলে।
'
মোৰ ক'লী বাখৰী।'-সিটো পাৰে ঘাঁহ পাগুলি পাগুলি শুই থকা মোৰ বাখৰীক দেখুৱালো।
তাই এইবাৰ মিহিকৈ হাঁহিলে। লাৱনী সচাঁকৈয়েই চোন লাৱণী!
'
তই দৌৰিব নোৱাৰাকৈ জোৰকৈ ছাগলীজনীক ধৰি থাক। মোক গিলাছটো দে। মই খীৰাও।'-মই ভালকৈ বহি ল'লো।
'
জোৰকৈ ধৰি লাভ নাই। মৰমকৈ ধৰিলেহে পাৰিবি। এইবোৰ তোৰ স্কুলত নিশিকাই। সেই কাৰণেই মই তোৰ স্কুল নাযাওঁ।'-তাই ক'লে।
তাই মৰমকৈ ছাগলীজনী ধৰি থাকিল। মই খীৰাই থাকিলো!আন এক ছন্দৰ সৃষ্টি হ'ল।
লাহে লাহে লাৱনী অধৈৰ্য হৈ আহিল। মোৰো হাত অজানিতে কঁপিব ধৰিলে। মই তাইলৈ মুখ তুলি চালো। তাইৰ মুখখন ক্ৰমাৎ ৰঙা পৰি পকা সেন্দুৰীয়া বগৰীটোৰ নিচিনা হৈছে। লাৱনীও চোন কঁপিছে।
হাতৰ বগৰী দলিয়াই লাৱনী দৌৰি গুচি 'ল-এক মুহুৰ্ত্তও নৰ'ল। তাইৰ চুলিত বান্ধি ৰখা বেণীডাল মোৰ মূৰৰ গামোচাখনত লাগি ৰ'ল। পথাৰৰ মাজে মাজে নৰাৰ কোঁহে কোঁহে-
মোৰ হাতৰ পৰা গাখীৰৰ গিলাছটো খহি পৰিল। কলাফুল তিয়াই গাখীৰ বৈ গৈ বুঢ়াদিয়াত মিলি গ'ল।
মোৰ বুকুত লাৱনীৰ কাঁচুলিখন ৰৈ গ'ল ।চিনাকি অচিন গোন্ধ এটাৰে তাইৰ কাঁ‌চুলিখন ! ...এতিয়াও, আজি দুকুৰি বছৰ পিছতো, মই মোৰ পেৰাত সাঁচি ৰাখিছো। তাইৰ কাঁচুলিখনত মই নদীৰ গোন্ধ পাওঁ, বগৰীৰ গোন্ধ পাওঁ,আৰু পাওঁ কঁপি থকা সেন্দুৰীয়া এখন মুখৰ ছাঁ...
কবি:-
য়ন্ত আকাশ বৰ্মন

No comments:

Post a Comment