জীৱন জ্যামিতিত
সূত্ৰ নাখাটে
ফি....চচচচচ কৈ
শব্দটো হওঁতেই ৰমাকান্তৰ মনটো গোন্ধালে | গ'ল চাগে আজি আকৌ ইটো টায়াৰ | কিমান আৰু বাটিব | ভৰিখন নমাই মাটিত হেচা এটা দি সি চাইকেলখন ৰখালে | বাটৰ দাতিৰ গছ এজোপাত আউজাই চাইকেলখন সি
পৰীক্ষা কৰি ভাবিলে ,কেৰমেৰ কৰি কৰি হ'লেও এই মামৰ লগা চাইকেলখনে তাৰ সংসাৰখনৰ
জোৰা তাপলি মৰাত ক'মটো ভূমিকা লৈ আহিছে নে ! সি হিচাপ এটা কৰিলে কিমান মান বছৰ হ'ল তাৰ এই চাইকেলখনৰ | চন তাৰিখ মনত নাই,কিন্তু মাৰোৱাৰী মালিকৰ দোকানখনত কাম কৰি থকা সময়তে মালিকে তাক অহা যোৱা কৰিবলৈ চাইকেলখন
কিনি দিছিল আৰু মাহৰ দৰমহাৰ পৰা কাটি লৈছিল দামটো অলপ
অলপ কৈ | তাৰ সিদিনা কি যে ফুৰ্টি আছিল মনত | তৰা পেহীৰ নঙলাত ৰৈ থকা তাৰ চিকুণ প্ৰেমৰ পুতলাটোৰ চকুতো
সিদিনা সুখৰ জিলমিল সি দেখিছিল | হঠাত্ তাৰ সেই সময়ৰ প্ৰেমিকা তৰুলৈ বৰকৈ
মনত পৰিল | সি সিদিনা বৰকৈ তাইলৈ চাইছিল আৰু ইংগীতেৰে তাইক নৈ ঘাটলৈ
মাতি সি নৈ ঘাটত ৰৈ আছিল | তাইৰ বাবেই তাৰ সকলো আয়োজন আছিল | দৰা সাজি তাইৰ চোতালতে ক'লা ছাতিৰ তলত সকলোৰে নজৰ বচাই সি উপস্থিত হোৱাৰ কথা আছিল | বিয়াৰ পিছত গাঁৱৰ পৰা কিছু নিলগৰ সৰু চহৰখনত এদিন চিনেমা এখন চাবলৈ
তাইক লৈ সি যোৱা কথা আছিল | নাই সি একো কথাই ৰাখিব নোৱাৰিলে | সি ৰাখিব নোৱাৰিলে নে তাই নাৰাখিলে | মনতে নিজে প্ৰশ্ন কৰি সি হঠাত্ টোপনিৰ পৰা সাৰ পোৱা মানুহৰ
দৰে খপজপ কৈ উঠি চাইকেলখন ঠেলি বেগাবেগিকৈ
হৰমোহনৰ চাইকেল ৰিপিয়াৰিং দোকানখনলৈ খোজ ল'লে | অযথা চিন্তা এটা কৰি ধাণ্ডাৰ সময় নষ্ট কৰিলে সি | নিজৰ ওপৰতে খং এটা উঠি আহিল তাৰ | দিনটোৰ অন্তত ঘৰ পালে পকেট খুচৰি টকা এটাও নাপালে তাৰ ঘৈণীয়েকে যিপালি দিব তাকে ভাবি তাৰ বুকু
কঁপিল | ভালেই হ'ল তাৰ দৰে ভিকহুটোৰ লগত তৰু নাহিল | আহিলে তাৰ জীৱনটো লজ্জ্যাৰে ভৰিলহেঁতেন | নিজকে প্ৰতাৰক যেন লাগিলহেঁতেন | প্ৰেমৰ ৰাগি আঁতৰিলে তৰু চাগে চাৰু মানে তাৰ ঘৈণীয়েকৰ দৰে ৰণচণ্ডী মূৰ্তি লৈ তালৈ
চোচা ল'লেহেঁতেন | চাৰুৰ ওচৰত তাৰ লাজ নাই,কাৰণ তাইক সপোন দেখাই সি প্ৰতাৰণা কৰা
নাই | তাৰ যিমান সামৰ্থ সিমান দেখায়ে সি তাইক বিয়া কৰাই আনিছে | যুঁজ বাগৰ বিয়াৰ এমাহ পিছৰ পৰাই আৰম্ভ | সি তাইক বেয়া বুলিও নকয় | পেটৰ ভোক মূৰত উঠা মানুহবোৰৰ অন্তৰত
কোমলতা ঠিকে থাকিলেও মাত কথাত ৰুক্ষতা আহেই | অন্তৰৰ কোমলতাই নো কি কৰিব ! তাক বজাৰত বেছিবই পাৰি নে বিনিময়ত কিবা লাভ পাবই
পাৰি ! সিহঁতৰ দৰে মানুহবোৰৰ এইবোৰ কথা অৰ্থহীন | ৰাতিৰ ৰাগিয়ে দেহত সিহঁতৰ জুই নজলাই | ৰাতিটো ভোকত জ্বলা মানুহ সিহঁত,দেহৰ অগনি ভোকতে নুমাই | যিদিনা পেট ভৰি
থাকে মনো ভৰি থাকে,তেতিয়াহে ৰাতিৰ আদিমতাত সিহঁত মত্ত হৈ পৰে | তাত প্ৰেমৰ কি প্ৰয়োজন,তেন্তে তৰুক নোপোৱাৰ বেজাৰে কি অৰ্থত তাৰ
জীৱনৰ মূল্যাংকণ বহীত জাগা দখল কৰিব !
খেলিমেলি ভাববোৰৰ লগত ফাগুন মাহৰ বতাহজাকৰ লগত উৰা ধূলিবোৰ লেটিয়াই লেটিয়াই সি হৰমোহনৰ দোকান পালে | তাক দেখিয়েই হৰমোহনে চিঞৰি উঠিল -"ঐ ৰমা এইখন আকৌ গ'ল হবলা | হেৰৌ মোৰ দোকানতে চেকেণ্ড হেণ্ড দুখন চাইকেল বিকিবলৈ দি থৈছে দুজনে | ইয়াৰে এখন লৈ লোৱা ভাই | দিনৰ দিনটো মানুহৰ ঘৰত শাক পাচলি বিকি ফুৰ,চাইকেৱখন নহ'লে কেনেকৈ চলিবি | "
"চলিয়েইচোন আছো এইখনেৰে | দে কিবাকৈ চলি থাকিব পৰা কৰি |প্ৰতি সাজৰ খৰচটো উলিয়াবলৈ টান,তই আকৌ এখন চাইকেল কিনাৰ ধনৰ কথা কবলৈ আহিছ | মানৱ জীৱনত বুজিছ প্ৰয়োজন বহুত,নাপালেচোন তাকে লৈ জীৱন চলি যায় | সন্তান নাই চলি আছো,জীৱনত সুখ নাই চলি আছো,প্ৰেম হেৰাল চলি আছো,চাইকেলখনৰ ব্ৰেক নাই,ষ্টেন নাই,ৰং নাই,চিত কভাৰ নাই,মামৰে হেণ্ডেললৈকে খালে তথাপি জীৱনে মোৰ লগত চলি আছে | যিদিনা একদম নচলা হ'ব সিদিনা দুখ নকৰাকৈ চাইকেলখনো পুৰণা লো লক্কৰ বস্তুৰ লগত বেছি পেলাম | পাৰিলে আন এখন ল'ম,নোৱাৰিলে এনেকৈ চলি থাকিম |"
"বাৰু দিয়া তোমাক কথাৰে বলে নোৱাৰো | পিছে আজি নহ'ব | কালিলৈ লৈ যাবা |" সি মুখেৰে নামাতিলে | ঘৰত কথাটো চলি যোৱা ধৰণে ক'বলে কি কৰিব লাগিব তাকে ঠিৰাং কৰি ল'বলৈ সি চিন্তিত হ'ল | ইফালে ঘৰলৈ খালি হাতে উভতা মানে তাৰ শনিৰ দশা চলিব | সি হৰমোহনক খুজি পাচি এটা ল'লে আৰু পাচলিখিনি মুখ মুচিবলৈ অনা গামোচাখনেৰে মূৰত পাগ এটা মাৰি উঠাই ল'লে আৰু নিজৰ কৰ্মক্ষেত্ৰত ওলাই পৰিল | ৰমাকান্তই জানে তাৰদৰে পেটৰ দায়ত চলি থকা মানুহবোৰৰ যিকোনো পৰিস্থিতি চম্ভালি চলি থাকিব পৰাকৈ মনৰ শক্তি থাকেই | সি চিন্তামুক্ত মন এটালৈ আগবাঢ়িল | সময়ে যি দিব তাৰেই চলি যাব,মাত্ৰ কৰ্ম উশাহে টনালৈ কৰি যাব লাগিব | মানুহৰ শ্ৰেণী বিভাজনৰ সূত্ৰটো ভুল | মানুহ তিনি শ্ৰেণীৰ-চলি যোৱা শ্ৰেণী,মোটা মোটি শ্ৰেণীৰ আৰু যি লাগে তাকে পোৱা শ্ৰেণীৰ | শেষৰটোত হে প্ৰেম অৰ্থময় ,জীৱন অনন্য | প্ৰথমটোত সময় অমূল্য , পেট ভৰাই খোৱা অনুভৱ স্বৰ্গীয় ,মাজৰটোত জীৱন জটিল,কিন্তু অৰ্থপূৰ্ণ |
সন্মুখৰ জপনাখন খোলা দেখি সি সুমাই গ'ল | পাচলি লাগে নে বাইদেউ......বুলি চিঞৰোতে এটা চিনাকি ফুলৰ সুবাস নাকত লাগিল | তাৰ প্ৰেমৰ পদূলিটোত প্ৰতিটো বসন্তৰ আগে আগে গোন্ধ দি ফুলি উঠা তগৰ জোপাৰ গোন্ধ | "আগতীয়াকৈ ফুলে দেই তৰুৰ পদূলিৰ তগৰ |" সি হাঁহি হাঁহি কৈছিল | তৰুৰ চমু উত্তৰ-" বলিয়া ভোমোৰা এটাৰ আমনিত ফুলি উঠে এই শুভ্ৰতাৰে ভৰা ফুল পাহ |" সি হাঁহি উঠিল অজানিতে | তাৰ অনুভৱ হ'ল সি যেন চিনাকি পদূলি এটাত ৰৈছেহি,পাৰ্থক্য আগতে সি দিবলৈ আহিছিল আজি বিকিবলৈ |
"পাচলি কি আনিছে ?" চিনাকি মাত এটাত সি উচপ খাই উঠিল | উকা শেওতাটোলৈ, জিলমিল চকু দুটালৈ সি তভক লাগি চাই থাকিল | সি প্ৰকাণ্ড ঘৰটোলৈ চালে....ভুলতে সি কেতিয়াও নাহো বোলা ঘৰ এখনলৈ সোমাই আহিল | " আহ ভিতৰলৈ মই অকলে থাকো ,কাম কৰা ছোৱালী এজনী আছে | পিছে তায়ো আজি ফুৰিবলৈ গৈছে | দিনটোৰ বাকী সময়খিনি মোকে দে | মই পাচলিৰ মূল্যটো দি দিম | মানুহজনীয়ে টকা পালে তোক নবকে মই জানো | সি ভাবিলে তৰুয়ো স্বৰ্গীয় ব্যৱসায়ী পতিৰ পৰা ব্যৱসায় শিকিছে | সি ভোকত থকা মানুহ | পেট পুৰাই খাবলৈ পালে তাৰ চলি যাব | তাতকৈ বেছি চিন্তা কৰা মগজু তেতিয়া তাৰ নাই | সেয়ে সিওঁ বিনা বাক্য ব্যায়ে ভিতৰলৈ সোমাই গ'ল | জানে সি চাকনৈয়াত সাঁতুৰিবলৈ নামিছে,উঠিব পাৰিলে পাৰিব,নোৱাৰিলেও চলি যাব | উশাহ লৈ থকা মৃত শৰীৰটোৱে উশাহ বন্ধ হ'লে মাত্ৰ মৃত্যুৰ কোলা পাব | ইমানেই | চাকনৈয়াত সাঁতুৰি বাচিব পাৰিলে সি বৃক্ষ হ'ব,তৰুৰ আশ্ৰয় বৃক্ষ আৰু চাৰুৰ ফলে ফুলে জাতিষ্কাৰ বৃক্ষ |
(সমাপ্ত)

কবি:-
ණনীৰুপমা ডেকা ।
No comments:
Post a Comment