Showing posts with label প্ৰৱন্ধ. Show all posts
Showing posts with label প্ৰৱন্ধ. Show all posts

Tuesday, 31 October 2017

ওজাপালি, মনসা পূজা , বিহু আৰু দৰঙৰ থলুৱা মুছলমান সমাজ


#ওজাপালি, মনসা পূজা , বিহু আৰু দৰঙৰ থলুৱা মুছলমান সমাজ


দ্বাদশ শতিকাৰ আৰম্ভণিৰে পৰা আহোমসকলৰ সমান্তৰালকৈ অসমলৈ আগমন ঘটা মুছলমান সম্প্ৰদায়ৰ লোকসকল থলুৱা সংস্কৃতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছিল । বিভিন্ন গণ্য মান্য ব্যক্তিৰ লিখনীয়ে এই কথা প্ৰমাণ কৰি আহিছে ।অতীতত বিভিন্ন অনুষ্ঠানত এক উদাৰ , গোষ্ঠীনিৰপেক্ষ সমন্বয় দেখা গৈছিল ।
ওজাপালি অসমৰ অন্যতম লোকসম্পদ অতীতত (প্ৰায় ১০০ বছৰ আগতে ) দৰঙৰ বিভিন্ন অঞ্চলত ওজাপালি অনুষ্ঠানত মুছলমান লোকসকলৰ অংশগ্ৰহণ দেখা গৈছিল । মঙ্গলদৈ মহকুমাৰ অন্তৰ্গত অঞ্চলবোৰত মুছলমান সম্প্ৰদায়ৰ ওজাপালি, ঢুলীয়া , কালিয়া আৰু দেউৰী আছিল । দৰঙৰ হাজৰিকাপাৰা মুছলিম ওজাসকলৰ বাবে , কালীয়াপাৰা মুছলিম কালি বাদকসকলৰ বাবে আৰু মাৰৈ গাওঁ মাৰৈ গোৱা লোকৰ বাবে বিখ্যাত আছিল
দৰঙৰ প্ৰথম মুছলিম মাৰৈগোৱা ওজা পৰশু শেখ নামৰ ব্যক্তিজনে ওজাপালি আৰু দেওধনী নৃত্যৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল তেওঁৰ নাট্যদলত হাফেজা বেগম নামৰ এগৰাকী দেওধনী নৃত্য পৰিবেশন কৰা মহিলা আছিল । মাৰৈত তেওঁৰ বংশধৰসকল এতিয়াও আছে । কিছুবছৰ আগলৈকে ওজাপালিৰ লগত জড়িত যাৱতীয় সামগ্ৰীসমূহো সযতনে ৰখা হৈছিল । তেওঁক দৰঙী ৰজাই মাজে সময়ে ৰাজসাহায্য প্ৰদান কৰিছিল । কালীয়াপাৰাত কালিয়া বৃত্তিসম্পন্ন লোকসকলে বিভিন্ন উৎসৱ অনুষ্ঠান যেনে- ঢেপাঢুলীয়া , বিবাহ অনুষ্ঠান , ভাওনা আদিত কালি বজাইছিল ।
ইয়াৰ বাহিৰেও মনসা দেৱীৰ পূজাৰ বাবে দৰঙী ৰজাই মুছলিম সন্তসকলক নিয়োগ কৰিছিল । কৰিম আতৈ এজন বিখ্যাত মাৰৈ গায়ক আছিল । মনসা পূজাত ওজাপালি গীত পৰিবেশন কৰা #বিহিলা নামৰ আন এজন ওজাৰ নাম পোৱা যায় । বিহিলা আৰু তেওঁৰ পুত্ৰসকল ওজাপালিৰ বাবে বিখ্যাত আছিল । কোচ ৰজা ধৰ্মনাৰায়ণে দান কৰা ৪০০ বিঘা মাটিত মুছলিম ওজাসকলে বাস কৰিছিল । সৰু ব্যাসপাৰাক এতিয়াও কোনো কোনোৱে #বিহিলাৰ ভেটি বুলি কয় । বিহিলাৰ ম: কেৰা নামৰ পুত্ৰজনে দুৰ্গা নামৰ এজন ব্যক্তিক ওজাপালি শিকাইছিল যাক প্ৰথম হিন্দু ওজা বুলি কোৱা হয় । তেওঁৰ আন এজন পুত্ৰ ম:ফকিৰ মনসা দেৱীৰ এজন বিদগ্ধ পূজাৰী আছিল । তেওঁ হেনো সুকন্নানী ওজাপালি বৰ ধুনীয়াকৈ গাব জানিছিল ।
ইয়াৰ বাহিৰেও মুছলমানসকলৰ অনুষ্ঠান চেৰাঢেক , কিতাপ পঢ়া আদিত বিয়াহৰ ওজাপালিৰ প্ৰভাৱ পৰা দেখা যায় । কিতাপ পঢ়া অনুষ্ঠানটো ভাগৱত পাঠ চক্ৰৰ লগত সাদৃশ্য থকা দেখা যায় । বিয়াহৰ বা সুকন্নানী ওজাপালিৰ ৰাগৰ আধাৰত চেৰাঢেকৰ জন্ম । ইয়াৰ আমাৰ জাতীয় উৎসৱ তিনিওটা বিহুত মুছলমানসকলৰ অংশগ্ৰহণে তাহানিৰ ধৰ্ম নিৰপেক্ষ সুস্থ সবল সমাজ এখনৰ ইঙ্গিত দিয়াৰ উপৰিও গোড়ামিৰো লেশমাত্ৰ নথকা উদাৰ হিন্দু মুছলিম সংহতিৰ সূচনা কৰে ।
দৰঙী কোচ ৰজাসকলৰ উদাৰ পৃষ্ঠপোষকতাৰ ফলত যি সম্প্ৰীতি নিদৰ্শন দৰঙৰ লোকসংসকৃতিত দেখা গৈছিল সেই পৰিবেশ বৰ্তমান নাই । উনবিংশ শতিকাৰ মাজভাগৰ পৰা ৰাজনৈতিক কাৰণত সেই পৰিবেশ বিনষ্ট হবলৈ ধৰে আৰু এতিয়া পৰিস্থিতি ভয়াবহ হৈ পৰিছে । সকলোৱে ইয়াৰ বিৰুদ্ধে মাত মাতি আগুৱাই নাহিলে বৃহত্তৰ অসমীয়া জাতি এদিন সংখ্যালঘুত পৰিণত হ'ব ।
তথ্য -
অতুল চন্দ্ৰ বৰুৱা ৰচনাৱলী
ইণ্টাৰনেট
ভাৰতৰ পৰিৱেশ্য কলা
-
° নবীন চন্দ্ৰ শৰ্মা
-------------------------- ------------------------------------
কলচুম বিবি
মঙ্গলদৈ

Monday, 19 June 2017

বৌদ্ধ দৰ্শন

বৌদ্ধ দৰ্শন
**********
(
দ্বিতীয় ছোৱা)
গৌতম বুদ্ধ আছিল কপিলাবস্তুৰ ৰজা শুদ্ধোধন আৰু ৰাণী মায়াৱতীৰ পুত্ৰ ৷ তেওঁৰ আচল নাম আছিল সিদ্ধাৰ্থ ৷ সৰুতে মাতৃ-বিয়োগ ঘটাত মাহীমাক গৌতমীৰ হাতত লালিত-পালিত হোৱা বাবে তেওঁ গৌতম নামেৰে পৰিচিত হয় ৷ সৰুৰে পৰা তেওঁ আছিল অতিশয় ভাবুক প্ৰকৃতিৰ ৷ ৰোগ, শোক, জৰা, মৃত্যু আদি মানৱ জীৱনৰ অপৰিহাৰ্য পৰিঘটনাই তেওঁক সৰ্বক্ষণে ব্যথিত কৰি ৰাখিছিল ৷ পুত্ৰৰ সংসাৰ-ধৰ্মৰ প্ৰতি এনে বিৰাগ দেখি পিতাকে ওঠৰ বছৰ বয়সতে যশোধৰা নামৰ এগৰাকী সুন্দৰী কন্যাৰ সৈতে তেওঁৰ বিয়া পাতি দিয়ে ৷ এবছৰমান পাছত তেওঁলোকৰ এটি পুত্ৰ সন্তান ওপজে ৷ সন্তানটিৰ নাম ৰখা হয় ৰাহুল ৷ কিন্তু পত্নী-পুত্ৰৰ মায়ামোহ, সাংসাৰিক বন্ধন, ৰাজপদৰ লালসা একোৱেই সিদ্ধাৰ্থ ওৰফে গৌতমক বান্ধি ৰাখিব নোৱাৰিলে ৷ এদিনাখন দোভাগ ৰাতি সকলোকে এৰি জ্ঞানৰ অন্বেষণৰ বাবে তেওঁ গৃহত্যাগ কৰে আৰু বহু সাধনাৰ অন্তত গয়াত এজোপা বটবৃক্ষৰ তলত বোধি লাভ কৰি বুদ্ধদেৱ নামেৰে তেওঁ জগতত নতুনকৈ পৰিচিত হয় ৷ মানৱ জীৱনৰ উৎকৰ্ষ সাধনেই আছিল তেওঁৰ চিন্তাৰ মূল কেন্দ্ৰবিন্দু ৷ (এইখিনি সকলোৱে কম বেছি পৰিমাণে জনা কথা ৷ মই স্মৃতিক নিৰ্ভৰ কৰি লিখিছোঁ ৷ অজানিত ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী ৷) মুঠতে বুদ্ধৰ যি ত্যাগ তথা ভাৰতবৰ্ষত তৎকালীনভাৱে প্ৰচলিত পৰম্পৰাৰ বিৰুদ্ধে যি সৰব বিদ্ৰোহ সেয়া বিশ্ব-ইতিহাসত বিৰল ৷ মোৰ ধাৰণাত তেৱেঁই আছিল প্ৰথমগৰাকী বিপ্লৱী মণীষা ৷
এতিয়া আহোঁ তেওঁৰ দৰ্শন তত্ত্বলৈ ৷ বুদ্ধই জীৱদ্দশাত নিজ হাতে একো লিখি থৈ যোৱা নাই ৷ তেওঁ জীৱনজুৰি মৌখিকভাৱেই তেওঁৰ মত মানুহৰ মাজত বিলাই দিছিল ৷ কুশী নগৰত আশী বছৰ বয়সত বুদ্ধৰ মহাপৰিনিৰ্বাণ ঘটাৰ পাছত শিষ্য-প্ৰশিষ্যসকল তেওঁৰ মুখনিসৃত মহৎ বাণীসমূহ লিপিবদ্ধ কৰাৰ চেষ্টাত ব্ৰতী হয় ৷ আধুনিক পাঠ-সমীক্ষা বিজ্ঞানৰ (Text critical study) যি নীতি, সেই নীতি বৌদ্ধ শ্ৰমণসকলে তেতিয়াই পালন কৰিছিল যেন অনুভূত হয় ৷ শিষ্যসকলৰ মাজত মৌখিকৰূপেৰে চলি অহা বুদ্ধৰ বাণীসমূহৰ শুদ্ধ পাঠ নিৰ্ণয়ৰ বাবে তেওঁলোকে তিনিখনকৈ বৌদ্ধমেল বা বৌদ্ধ মহাসংগীতি অনুষ্ঠিত কৰিছিল ৷ প্ৰথমখন অনুষ্ঠিত হৈছিল ৰাজগীৰ বা ৰাজগৃহত৪৭৭ খ্ৰীঃ পূৰ্বাব্দত ৷ এইখন বৌদ্ধমেলৰ শেষৰফালে বুদ্ধৰ বাণীসমূহ একত্ৰিত কৰি তিপিতক (সংত্ৰিপিটক) নামেৰে সংকলিত কৰা হৈছিল ৷ হিউৱেন চাঙৰ টোকায়ো সেই কথা সমৰ্থন কৰে ৷
দ্বিতীয় বৌদ্ধ মহাসংগীতি পতা হৈছিল বৈশালীতখ্ৰীঃ পূঃ ৩৭৭-ত ৷ তিপিতকত এই দুখন মহাসংগীতিৰ প্ৰাসংগিক উল্লেখ আছে ৷ আনহাতে, তৃতীয় বৌদ্ধ মহামেল অনুষ্ঠিত হৈছিল পাটলিপুত্ৰত, অশোকৰ ৰাজত্বকালতআনুমানিক খ্ৰীঃ পূঃ ২৪৭-ত ৷ তিপিতকত তৃতীয় মহামেলৰ উল্লেখ নথকালৈ চাই বুদ্ধৰ বাণীসমূহৰ সংকলন আৰু শুধৰণিৰ কাম প্ৰথম দুখন মহাসংগীতিতে সমাপ্ত হৈছিল বুলি অনুমান কৰিব পাৰি ৷
সি যি কি নহওক, বৌদ্ধমতৰ আধাৰ গ্ৰন্থ হৈছে তিপিতক বা ত্ৰিপিটক ৷ 'পিটক' মানে পাচি বা আধাৰ ৷ তিনিটা আধাৰত ভগাই থোৱা হৈছে বাবে ইয়াৰ নাম ত্ৰিপিটক (পালি ভাষাত তিপিতক) ৷ এই তিনি পিতকৰ নামসুত্তপিতক, বিনয়পিতক আৰু অভিধম্মপিতক ৷ মন কৰিবলগীয়া যে তিপিতক পূৰ্বোল্লিখিত 'সকায় নিৰুত্তিয়া', অৰ্থাৎ তৎকালীনভাৱে প্ৰচলিত মানুহৰ মুখৰ ভাষাৰ পৰিমাৰ্জিত ৰূপ এটাৰ মাধ্যমেৰে সংকলিত হৈছিল ৷ এই ভাষা পৰৱৰ্তী সময়ত পালি ভাষাৰূপে জনাজাত হয় ৷ বৌদ্ধসংঘ বা বিহাৰবোৰত বিভিন্ন ঠাইৰ পৰা অহা ভিক্ষু তথা শ্ৰমণসকল একত্ৰিত হৈছিল ৷ সেইসকলৰ মাজত পালি ভাষাই সংযোগী ভাষাৰ (Lingua franca) কাম কৰিছিল ৷
গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত মতবাদক বৌদ্ধধৰ্ম বোলা হৈছে ৷ সেয়ে হ'লেও, ধৰ্মৰ যি প্ৰচলিত সংজ্ঞা বা পৰম্পৰা, তাৰ সৈতে বৌদ্ধধৰ্মৰ তেনে কোনো পোনপটীয়া সম্পৰ্ক নাই ৷ অৱশ্যে সংস্কৃতৰ 'ধৰ্ম' শব্দৰ অৰ্থ-ব্যাপকতাও মন কৰিবলগীয়া ৷ ইংৰাজী Religion-তকৈ ধৰ্মৰ অৰ্থ বহুগুণে বিস্তৃত ৷ সাধাৰণভাৱে 'ধৰ্ম'-ৰ অৰ্থ হ'ল ঈশ্বৰ বিশ্বাস, ভগৱৎ ভক্তি, পূজা-পাৰ্বণ, প্ৰাৰ্থনা আদি ঈশ্বৰ প্ৰাপ্তিৰ অৰ্থে কৰা আচাৰ-অনুষ্ঠান ৷ বৈদিক যুগত ইয়াৰ অৰ্থ আছিল বেদোক্ত বিভিন্ন কৰ্ম আৰু সিবোৰৰ ফলদায়ী শক্তি ৷ আন কথাত যিবোৰ নীতি-নিয়মৰ জৰিয়তে কৰ্মৰ অপৰিহাৰ্য ফল উৎপন্ন হয়, সেয়াই ধৰ্ম ৷ বেদৰ পৰৱৰ্তী স্তৰত শব্দটো শৃংখলাবদ্ধতা, নীতি-নিয়ম, পদাৰ্থৰ গুণ, জীৱন-প্ৰণালী ইত্যাদি বিস্তাৰিত অৰ্থত প্ৰয়োগ হ'বলৈ লয় ৷ বেদৰ কঠোৰ সমালোচক তথা নিৰীশ্বৰবাদী বৌদ্ধ পৰম্পৰাই ধৰ্ম শব্দটো যে ঈশ্বৰ সেৱা অৰ্থত ব্যৱহাৰ কৰা নাছিল তাক দোহৰা নিষ্প্ৰয়োজন ৷ বুদ্ধৰ অনুগামীসকলে বুদ্ধৰ দ্বাৰা প্ৰচাৰিত সত্য বা মতবাদক বুজাবলৈহে এই শব্দটো ব্যৱহাৰ কৰিছে ৷
আগতেই কৈ অহা হৈছে যে, গুপ্ত সাম্ৰাজ্যৰ উত্থানৰ পাছত ব্ৰাহ্মণ্যবাদৰ পুনৰুত্থানে বৌদ্ধধৰ্মৰ উৎখাত সহজ কৰি তোলে ৷ পৰিশেষত ঔপনিষদিক ধ্যান-ধাৰণাৰে একেশ্বৰবাদ প্ৰতিষ্ঠা হোৱাত নিৰীশ্বৰবাদী তথা নাস্তিক বুদ্ধক ভগবানৰ দশাৱতাৰৰ নৱম অৱতাৰ ৰূপে ধাৰণা দিয়া হয় ৷ শংকৰদেৱৰ কীৰ্তন পুথিত তাৰ বিৱৰণ এনেদৰে দিয়া আছে :
"
বুদ্ধ অৱতাৰে বেদ পথ কৰি ছন্ন ৷
বামানয় শাস্ত্ৰে মুহি আছা সৰ্বজন ৷"
মন কৰিবলগীয়া যে ঈশ্বৰৰ প্ৰতিটো অৱতাৰৰ সৈতে একোটাকৈ কাহিনী বা ঘটনা জড়িত হৈ আছে ৷ যেনেনৰসিংহ অৱতাৰত প্ৰহ্লাদৰ কাহিনী, বামন অৱতাৰত বলিৰজাক কৰা চলনা ইত্যাদি ৷ বুদ্ধ অৱতাৰৰ প্ৰসংগত কিন্তু কোনো ঘটনাৰ উল্লেখ পাবলৈ নাই ৷ ই স্বাভাৱিকতে এক তাৎপৰ্যপূৰ্ণ কথা ৷
এতিয়া বৌদ্ধ দৰ্শনৰ মূল তাত্ত্বিক দিশবোৰ ফঁহিয়াই চোৱা যাওক ৷
গৌতম বুদ্ধৰ দৰ্শন
****************
বৌদ্ধধৰ্মৰ মূল ভিত্তি হ'ল চতুৰাৰ্য সত্য বা চাৰি প্ৰকাৰৰ আৰ্য (শ্ৰেষ্ঠ) সত্য ৷ সেইকেইটা হৈছে— (১) দুখ, (২) দুখ-সমুদয় (দুখৰ কাৰণ), (৩) দুখৰ বিনাশ আৰু (৪) দুখ-বিনাশৰ পথ (আৰ্য অষ্টাংগিক মাৰ্গ) ৷
(১) মানৱ জীৱন দুখময় ৷ ৰোগ, শোক, জৰা, মৃত্যুএই আটাইবোৰেই দুখ ৷ থোৰতে ক'বলৈ গ'লে ৰূপ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞানএই পাঁচটা স্কন্ধই হ'ল দুখৰ উৎস ভূমি ৷ ৰূপ হ'ল ক্ষিতি, অপ, তেজ আৰু মৰুৎ এই চাৰি মহাভূত ৷ (চাৰ্বাকসকলৰ দৰে বুদ্ধয়ো ব্যোম বা আকাশ (মহাশূন্য) ভূত স্বীকাৰ কৰা নাই ৷) বস্তুৰ সংস্পৰ্শত সৃষ্টি হোৱা অনুভূতিৰ নাম বেদনা ৷ বেদনাৰ পৰৱৰ্তী পৰ্যায়ত মানুহৰ মস্তিষ্কত পূৰ্বৰে পৰা স্থিত সংস্কাৰৰ দ্বাৰা যি জানিব বা চিনিব পৰা যায়, তাৰ নাম সংজ্ঞা ৷ ৰূপজনিত বেদনা আৰু সংজ্ঞাৰ যি সংস্কাৰ মগজুৰ ওপৰত পৰে বা যাৰ সহায়ত মানুহে জানিব পাৰে যে ই 'পাৰ্থিৱ' নহয়, তাৰ নামেই সংস্কাৰ ৷ আনহাতে, বিজ্ঞান হ'ল চেতনা বা মন ৷
উল্লিখিত পাঁচটা স্কন্ধ (ভাগ) যেতিয়া ব্যক্তিৰ তৃষ্ণাৰ বিষয় হয়, তেতিয়া তাক উপাদান স্কন্ধ বোলা হয় ৷ এয়াই দুখ বা দুখ-ৰূপ আৰু ই প্ৰথম আৰ্যসত্য ৷
(২) দুখ-সমুদয় বা দুখৰ কাৰণ 'ল তৃষ্ণা ৷ তৃষ্ণা তিনি প্ৰকাৰৰ : কাম-তৃষ্ণা, ভৱ-তৃষ্ণা আৰু বৈভৱ-তৃষ্ণা ৷ ইন্দ্ৰিয় সুখৰ যিমানবোৰ বিষয় আছে সেইবোৰৰ লগত সম্পৰ্ক বা সেই বিষয়ক চিন্তাই তৃষ্ণাৰ জন্ম দিয়ে ৷ এয়ে দুখ-সমুদয় আৰু ই দ্বিতীয় আৰ্যসত্য ৷
(৩) তৃষ্ণাৰ নিৰোধৰ নামেই দুখৰ বিনাশ ৷ তৃষ্ণা বিনষ্ট হ'লে উপাদানৰ নিৰোধ হয় ৷ উপাদানৰ নিৰোধে ভৱলোকৰ নিৰোধ সম্ভৱ কৰি তোলে ৷ ভৱ নিৰোধ হ'লে পুনৰ্জন্মৰ পথ ৰুদ্ধ হয় ৷ তেতিয়া জৰা, মৃত্যু, শোক, দুখ, অশান্তি সকলো লুপ্ত হয় ৷ এয়ে দুখৰ বিনাশ আৰু ইয়াক তৃতীয় আৰ্যসত্য বোলা হৈছে ৷ এই সত্যক বৌদ্ধ দৰ্শনৰ কেন্দ্ৰবিন্দু বুলিব পাৰি ৷
(৪) চতুৰ্থ তথা শেষ আৰ্যসত্য হৈছে দুখ নিবৃত্তিৰ উপায় ৷ বৌদ্ধ দৰ্শনত ইয়াৰ বাবে আঠোটা মাৰ্গ বা পথৰ নিৰ্দেশ দিয়া হৈছে ৷ এই মাৰ্গকেইটাৰ অনুশীলনে তৃষ্ণাৰ উপশম ঘটাই পুনৰ্জন্মজনিত দুখ দূৰীভূত কৰি ভৱচক্ৰৰ আৱৰ্তৰ পৰা মানুহক মুক্তি দিয়ে ৷ ই ভোগবাদৰ পথ নহয় ৷ ইয়াত কোনো ধৰণৰ কৃচ্ছ্ৰ সাধনাৰ কথাও নাই ৷ বৌদ্ধ শাস্ত্ৰত "মগগানটঠংগিক সেটঠো" বুলি আৰ্য অষ্টাংগিক মাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছে ৷ এই মাৰ্গৰ স্কন্ধ (ভাগ) তিনিটা : প্ৰজ্ঞা, শীল আৰু সমাধি ৷
(১) প্ৰজ্ঞা :
(
ক) সম্যক দৃষ্টি,
(
খ) সম্যক সংকল্প ৷
(২) শীল :
(
গ) সম্যক বাক,
(
ঘ) সম্যক কৰ্ম,
(
ঙ) সম্যক জীৱিকা ৷
(৩) সমাধি :
(
চ) সম্যক যত্ন,
(
জ) সম্যক স্মৃতি,
(
ঝ) সম্যক সমাধি (ধ্যান) ৷
(ক্ৰমশঃ)

© খগেশ সেন ডেকা