Showing posts with label ‘চানেকি’ শিতান. Show all posts
Showing posts with label ‘চানেকি’ শিতান. Show all posts

Wednesday, 21 June 2017

‘প্ৰকাশ’ আলোচনীৰ কবিতাৰ পৰ্যালোচনা

চানেকি : প্ৰকাশ, জুন, ২০১৭
প্ৰকাশআলোচনীৰ কবিতাৰ পৰ্যালোচনা
পৰ্যালোচক- মুহি শইকীয়া
সদস্য, আখৰুৱা
-----------
" It is not the goal but the way there that matters, and the harder the way the more worthwhile the journey " Wilfred Thesiger ( Arabian Sands)
-
সম্প্ৰতি কবি সকল সাৰে আছে, যাৰ চিন্তাই জীৱ জগতক অতিক্ৰম কৰি প্ৰৱেশ কৰিছে জড় আৰু অদৃশ্যমান জগততো, 'ত বিচাৰি ফুৰে জীৱনৰ উদ্দেশ্য আৰু তাৰ মূল্যায়ন। জীৱন-কি, কিয়, কেলৈ, আদি প্ৰশ্নত সৃষ্টি হোৱা দন্দবোৰৰ সমিধান বিচাৰি কবিয়ে নিজক এক চৈতন্য জগতত যুগে যুগে নিৰ্বাসন দি আহিছে। "জীৱন"ক বিষয় (theme) হিচাপে লৈ কবি প্ৰতীম বৰুৱাই "প্ৰকাশ" আলোচনীৰ জুন ২০১৭ সংখ্যাত "সাময়িক" শীৰ্ষক এটি চমৎকাৰ কবিতা লিখিছে। প্ৰতীম বৰুৱাদেৱৰ কবিতাই ইতিপূৰ্বে আমাৰ চিন্তাক ক্ষিপ্ৰ ভাবে আকৰ্ষণ কৰাত তেখেতৰ কবিতাৰ আদবাটত এবাৰ অৱগাহন কৰাৰ লোভ সামৰিব নোৱাৰিহে আখৰুৱাৰ "চানেকি"ৰ পৃষ্ঠাত তিলমান লিখাৰ সিদ্ধান্ত ললোঁ। "আখৰুৱা" প্ৰশাসকবৃন্দৰ পক্ষৰ পৰা অহা গুৰু দ্বায়িত্বৰ পূৰ্বে কবিতা লিখিলেও কবিতা পৰ্য্যালোচনাৰ দৰে ইমান দায়িত্বশীল কৰ্মভাগ কোনো কালে কৰা নাছিলোঁ। আখৰুৱাই আমাক এইবেলি নিতান্তই ভাবনাৰ অটল গৰ্ভ স্পৰ্শৰ জখলা পাৰি দিলে। আখৰুৱাৰ এই মহান উদ্দেশ্য আৰু আমাৰ প্ৰতি ৰখা নিষ্ঠাত কিমান সাফল্য হ'ম সেয়া সুহৃদ পাঠকৰ মনগহনত চমজালোঁ।
----------
প্ৰতীম বৰুৱাৰ মূল কবিতাটি:
,
সাময়িক
********
ৰৈ থকা নাই। গৈয়ে আছোঁ।
জীৱনে যেনেকৈ দৌৰাইছে
তেনেকৈয়ে দৌৰি আছোঁ।
ভাঙি যোৱা নাই। উভালি পৰা নাই।
যদিও উভালি পৰিব পৰাকৈয়ে
দেহত খুন্দা মৰা বতাহজাক প্ৰৱল।
.
ব-ছেৰা হৈ ঘুৰ্মুটিয়াই ফুৰিছোঁ।
দৌৰি আছোঁ।
অফিচ-ঘৰ-হাস্পতাল।
.
ৰাতি দুই বজাত।
হৃদ-স্পন্দন কমি অহা দেউতাক
হাস্পতাললৈ নিছোঁ।
ডাক্তৰে কি কৈছে মন দি শুনিছোঁ।
বুজিব লগাখিনি ঠিকেই বুজিছোঁ।
.
চকুৰ পোহৰ লাহে লাহে কমি অহা
মাৰ কাতৰ দুচকুলৈ চাইছোঁ।
সাৱধানে চলিবলৈ মাক কিবা-কিবি বুজাইছোঁ
বেলি বুৰাৰ দৃশ্যটো মা-দেউতাৰ দুচকুৰে
আকৌ নতুনকৈ চাইছোঁ।
.
এহেজাৰ এটা মৃত ঘোঁৰাৰ হেঁহনি
নৈখৰ সিপাৰে শুনিছোঁ।
নৈখন মোৰ কিমানটা জনমৰ সু-হৃদ!
.
জীৱনে কি বুজাইছে মই বুজিছোঁ।
ওলোটাই সোধা নাই জীৱনক-কিয় এনে হ'?
বহুদিন শব্দবোৰ মনলৈ অহা নাই।
কবিতাৰ শব্দবোৰ ক'ৰবাত হেৰাল বুলি
ভাবি থাকোঁতেই
মনে মনে ভাবিছোঁ
কবিতাৰ কোনটো বাটেৰে এতিয়া মই
বাট বুলি আছোঁ।
-----------
(
মূল কবিতাটোত ছপাৰ ভুলৰ বাবে নৈখৰশব্দটি সম্ভৱতঃ নৈখনৰব লাগিছিল)
ষাঠি দশকত আধুনিক অসমীয়া কবিতাৰ দুৰ্বোধ্যতাৰ বাবে সাধাৰণ পাঠক সমাজ কবিতাৰ প্ৰতি মোহভংগ হৈছিল। সেয়ে পাঠকে এলাগী কৰা কবিতাক পুনৰুদ্ধাৰ আৰু মনোগ্ৰাহী কৰি তুলিবৰ বাবে একাংশ কবি আৰু চিন্তাবিদে কবিতাৰ নতুন এটা ধাৰা সৃষ্টিত মত পোষণ কৰিছিল। ফলস্বৰূপে আশীৰ দশকত "জনমূখী কবিতা" হিচাপে এটি সৰলীকৃত ধাৰাই কাব্য জগতত প্ৰতিষ্ঠা লাভ কৰিলে। প্ৰথম পঠনতে কবিৰ আত্মদৰ্শন আৰু কবিতাৰ মৰ্ম উপলব্ধি কৰিব পৰা বা পাঠোদ্ধাৰ কৰিব পৰা বিধৰ কবিতাৰে পুনৰ কবিতা প্ৰেমী পাঠক সৃষ্টি কৰাৰ প্ৰয়াস দেখা গ'ল-এই ধাৰাৰ কবিতাত। সম্প্ৰতি এই ধৰাটিয়েই অসমীয়া কাব্য জগতত খুটি পুতি লোৱা যেন ধাৰণা হয়। প্ৰতীম বৰুৱাদেৱৰ "সাময়িক" কবিতাটিক আমি "জনমূখী কবিতা"ৰ শাৰীত থ'বলৈহে ভাল পাম ।এই ধাৰাৰ কবিতাই চৰ্চাৰ ব্যাপকতা লাভ কৰি কবিতাক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে।
প্ৰতীম বৰুৱাৰ "সাময়িক" কবিতাটিত আধুনিক জীৱনৰ যান্ত্ৰিক যাত্ৰাৰ এক অন্তমুখী সমৰ্পণ বুলিব পাৰি। আধুনিক জীৱনে যেনকৈ দৌৰাইছে তেনেকৈ দৌৰিছে মানুহ। ব্যস্ততাই অস্থিৰ কৰি তুলিছে জন-জীৱনক। তথাপি কবি বিচলিত হোৱা নাই, ভাঙি পৰা নাই। সাহসেৰে এই জীৱন যন্ত্ৰণাক প্ৰত্যাহ্বান জনাই কবি জীয়াই আছে। কবি যেন স্থিতপ্ৰজ্ঞ। ঘৰ, সংসাৰ, দুখ -দুৰ্দশাই কবিক অস্থিৰ কৰিব পৰা নাই । কবিৰ ভাষাত "উভালি পৰা নাই/ যদিও উভালি পৰিব পৰাকৈয়ে / দেহত খুন্দা মৰা বতাহজাক প্ৰবল"। অফিচ-ঘৰ চম্ভালোঁতে ব্যস্ত মানুহ আপোন মানুহৰ সৈতে সম্পৰ্ক বজাই ৰখাত অপাৰগ হোৱাৰ ওপৰিও সমন্ধীয়ৰ পৰা বিছিন্ন হৈ পৰিছে। সেয়ে কবিয়ে নিজক "ব-ছেৰা" বুলি ক'ব খুজিছে। তথাপি কবি জীৱনৰ পাৰিপাৰ্শ্বিকতাৰ অনুপুংখবোৰত হাবু-ডুবু খাই দুখবোধৰ অন্তলীন আবেগত উটি-ভাহি যোৱা নাই। জীৱনক অৱচেতন আবেগেৰে হাঁফোলা মেলি হতাশাক আঁকোৱালি 'ব খোজা নাই। কবিয়ে জীৱনক ইতিবাচক স্বৰূপ এটাৰে গ্ৰহণ কৰি নিজত সহজবোধৰ গাঢ় সঞ্চাৰ কৰি লৈছে।
আত্মব্যস্ততাৰ ওপৰিও কবি ব্যস্ত হ'ব লগাত পৰিছে পৰিয়ালৰ অন্য সদস্য সকলৰ ভৰণ-পোষণত। কবিৰ শয্যাশায়ী পিতৃ আছে হাস্পতালত। মৃতপ্ৰায় পিতৃৰ চিকিৎসাৰ বাবে ডাক্তৰৰ বিধান নিৰ্বিকাৰে শুনিছে। পাৰ্থিৱ জীৱনৰ এই শেষ পৰ্বত কবিয়ে উপলব্ধি কৰিছে অস্তবেলিৰ অসহায়তা। ওৰেটো দিন প্ৰতাপী বেলিয়ে সদৰ্পে অতিক্ৰম কৰাৰ পাছত নিজেই পশ্চিমৰ হেলনীয়াত ঢলি পৰে। সেই দৃশ্যটো কবিয়ে নতুনকৈ দেখিছে আই-বোপাইৰ অসহায় দুচকুত। জীৱনো ঠিক বেলিটোৰ দৰেই -একাল সুপ্ৰদীপ্ত, একাল নিস্তেজ - নি:সহায়। কবিৰ ভাষাত "বেলি বুৰাৰ দৃশ্যটো / মা-দেউতাৰ দুচকুৰে/ আকৌ নতুনকৈ চাইছোঁ / এহেজাৰ এটা মৃত ঘোঁৰাৰ হেঁহনি / নৈখনৰ সিপাৰে শুনিছোঁ।" এহেজাৰ এটা মৃত ঘোঁৰাৰ হেঁহনি - এই ব্যঞ্জনাটিৰ জড়িয়তে কবিয়ে কম শব্দৰে জীৱনৰ শেষ পৰিণতিৰ এক ব্যাপক অৰ্থ প্ৰকাশত সফল হৈছে। প্ৰতীম বৰুৱাৰ
'
এহেজাৰ এটা মৃত ঘোঁৰাৰ হেঁহনি' ~ এই শাৰীটোৱে হীৰুদাৰ কবিতালৈ মনত পেলাই দিয়ে-
'দেশ বুলি ক'লে আদেশ নেলাগে,
মোৰ তুমুৰলি তেজত টগবগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা!'
অৱশ্যে হীৰুদাৰ ঘোঁৰাজাক ৰণুৱা আৰু প্ৰতীম বৰুৱাৰ ঘোঁৰাজাক মৃত। হীৰুদাৰ এশ এটা ঘোঁৰা সংগ্ৰাম বা বিপ্লৱৰ আৰু প্ৰতীম বৰুৱাৰ এহেজাৰ এটা ঘোঁৰা পৰিণতিৰ প্ৰতীক।

দুখ-যন্ত্ৰণাৰে পিষ্ট জীৱনক অৱশ্যে কবিয়ে এবাৰো প্ৰশ্ন কৰা নাই - এই যন্ত্ৰণাৰ অৰ্থ। কবিয়ে জীৱনক সঠিক বুজি উঠিছে। সংগ্ৰামেই যেন জীৱনৰ আদি আৰু অন্ত। এই "জীৱন" সম্পৰ্কে কবি বিপুলজ্যোতি শইকীয়াই এনেদৰে কৈছে: "জীৱনটো অভিনয় হোৱা হ'লে বৰ ভাল আছিল / অভিনেতাৰ দৰে বাছি ল'লোঁহেঁতেন সীমিত সংলাপ/ অলপ অশ্ৰু অলপ হাঁহি।" কিন্তু জীৱনক অভিনয়ৰ সৈতে তুলনা কৰিব পৰা নাযায়। অভিনেতাই পূৰ্বে নিশ্চিত কৰি থোৱা নাট-কৰ্মৰ গণ্ডীত ৰৈ ৰূপায়ন কৰিব লাগে এটি চৰিত্ৰক। যাৰ বাবে নিজক প্ৰস্তুত কৰি ল'ব পাৰে। কিন্তু জীৱনৰ তেনে কোনো পূৰ্ব প্ৰস্তুতি নাথাকে।
কবিতাটিৰ শেষাংশত কবি বৰুৱাই নিজৰ কবিতা, কবিতাৰ বাবে বাছি লোৱা শব্দৰ সৈতে একাত্ম হ'ব পৰা নাই। যান্ত্ৰিকতাই যেন শব্দ আৰু কবিতাৰ চৰিত্ৰতো হাত দিছে। পূৰ্বৰ কবি সমাজৰ দৰে কবি নৈসৰ্গিকতাৰ পৰা তুলি আনিব পৰা নাই চহকী চিত্ৰকল্প, নিজৰাৰ মাতটোৰ পৰা শব্দ এটা বুটলি ল'ব পৰা নাই, কাণ পাতি শুনিব পৰা নাই আপোনজনৰ হৃদয়ৰ আহ্বান, বনৰীয়া ঐনিতম এটা নৈৰ বুকুৰ পৰা তুলি লবলৈ আজৰি পোৱা নাই। কবিয়ে শব্দক নিয়ন্ত্ৰণ কৰাৰ বিপৰিতে শব্দ আৰু আংগিকেহে নিয়ন্ত্ৰণ কৰিছে কবি গৰাকীক। সাম্প্ৰতিক কাল-চেতনা, সামাজিক বাতাবৰণ, জীৱনবোধ আদি প্ৰপঞ্চবোৰেই যুগে যুগে বিশ্ব সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। সেই দৃষ্টিকোণৰ পৰা আমাৰ কবি কবিতাৰ সঠিক পথেদি বুলিছে বাট। পৰিশেষত ক'ব পাৰি যে কবি প্ৰতীম বৰুৱাৰ কবিতাৰ জনমূখী চৰিত্ৰৰ বাবে পাঠক সমাজে সহজে ৰসাস্বাদন কৰিব পাৰিব আৰু অনুধাৱন কৰি ল'ব পাৰিব তাৰ মৰ্মাৰ্থ। কবি প্ৰতীম বৰুৱাৰ কবিতাৰ আনুভূতিক তীব্ৰতাই কবিতাক এক শৈল্পিক ৰূপ প্ৰদান কৰি পাঠকৰ চিন্তাক শিল্পৰীতিৰে মেৰাই ধৰিছে। কবিতাটিৰ কোনো স্থানতে আকাংক্ষাৰ স'তে প্ৰাপ্তিৰ ব্যৱধানতাত সৃষ্টি হোৱা মানুহৰ দুখবোধক কবিয়ে প্ৰশ্ৰয় দিয়া নাই। অথচ মানুহৰ হা-হতাশাক কালানুভৱলৈ পৰিশোধন এটা কৰি লোৱাৰ ইংগিত দিছে। কবি প্ৰতীম বৰুৱাৰ "সাময়িক" শীৰ্ষক কবিতাটি আধুনিক সমাজ জীৱনৰ এখন সচাঁ ছবি, শ্লেষাত্মক পৰিস্থিতি এটাক জীৱনৰ স'তে সংপৃক্ত কৰি অনুভূতিক ব্যাপক কৰি তুলিছে।
°°°°°°°°°°°°°°°°°°°°°

ব্যৱস্থাপকৰ টোকা---
'
আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি কবি মুহি শইকীয়াই যুগুতোৱা প্ৰকাশআলোচনীৰ জুন, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হল৷ মাননীয় সকলো সদস্যৰে সহযোগিতা আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায়ক ব। পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
ধন্যবাদ
অচ্যুত মাধৱ দাস
পাৰ্থ প্ৰতিম কলিতা
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক,
চানেকি শিতান
২১ জুন,২০১৭