স্মৃতি:
ল'ৰালিত হাতত ঘড়ী নাছিল বাবে তেখেতে সময়বোৰ নিজৰ মতে সজাব
পাৰিছিল।
ডেকা কালত চখতে
হাতলৈ অহা ঘড়ীটোৰ নিৰ্দেশ তেখেতে কেতিয়াবাহে মানি লৈছিল।
লাহে লাহে ঘড়ীৰ
বৃত্তটোতে তেখেতৰ সকলো আবদ্ধ হ'ল, পৃথিৱীখন চকু তুলি চোৱা নহ'ল ।
ফটোখনৰ তলত তেখেতৰ
ল'ৰাজনে আজি বন্ধ ঘড়ীটো সজাই থ'লে। ল'ৰাজনৰ মনত দেউতাক বুলিলে ঘড়ীটোৰ বাহিৰে বেলেগ একো সোঁৱৰণী
নাছিল।
কবি:-
ණ হিমাংশু ভাগৱতী ।
No comments:
Post a Comment