Saturday, 18 March 2017

কথোপকথনණ অভিলাষ বৰঠাকুৰ



কথোপকথন

বুধবৰীয়া এটি অলস আবেলি;
মই আৰু অৰুন্ধতী;
তাইৰ চকুত কাজল
বাহিৰত ফাগুনৰ বা..
মোৰ হাতত এটা ছিগাৰেট
অৰুৰ হাতত একাপ চাহ;
তাই সুধিলে, "কবি বাৰিষাৰ ৰাতিবোৰত মোক মনত পেলোৱা নে?"
অলপ মৌনতা......
চাহ কাপ ঠাণ্ডা হৈছিল,
ছিগাৰেট টোও জ্বলি জ্বলি শেষ হৈছিল;
"কবি নক'লা?????"
"শাৰীখনে তোমাক শুৱাইছে"
অলপ লাজ,
"
কবি মই ফাগুন যে সেইকাৰণে....."
আজিলৈ আহোঁ;
"
যোৱাই নে?"
"কবি, কথা এটা সুধো?"
সোধা......
"আজি ৰাতিলৈ বৰষুণ আহিলে মোক মনত পেলাবা নে?"
তুমি কি বিচৰা ?
এটি হাঁহি
"
কবি মই আহিলো".......

কবি:-
অভিলাষ বৰঠাকুৰ

No comments:

Post a Comment