Thursday, 16 March 2017

দুগ্ধ দেহ আই যশোমতীණজ্যোতিষ কুমাৰ দেৱ



দুগ্ধ দেহ আই যশোমতী
================
দুগ্ধ দেহ' আই যশোমতী
কান্দে তোমাৰ ছাওৱাল
ৰজনী প্রভাত ভৈল অতি
ক্ষুধাতুৰ দেখ নন্দলাল
পক্ষীৰ শাৱক সবে শুনা
কলৰব কৰে বৃক্ষোপৰি
গোহালীতে হেম্বেলাই বৎস
গাভীৰ ওহাৰক কাতৰি
গোপালৰ চান্দমুখ নেহাৰি
দেহ স্তন্য তাক আদৰি
যাহাক ধৰিলা গর্ভে মাত
দশ মাহ মমতাভৰে
উহাৰ ক্রন্দন কি কাৰণে
তব শ্রৱণে নাহি পৰে
ৰাখহ পৰান দিয়া পীযুষ
কোলাতে লয়ে স্নেহ কৰি
মাতৃ দুগ্ধ অমৃত সমান
দেৱতায়ো যাচে যাহাক
পৰমেশ্বৰ তোহাৰ ক্রোড়ে
জাত অভিলাষী তাক
ভাগ্যৱতী তুমি মাতা অতি
গোপালে স্তন দান কৰি
কবি:-
জ্যোতিষ কুমাৰ দেৱ  

No comments:

Post a Comment