কি আছিল,আছিল যি
ক'ৰ পৰা যে অকস্মাত
ইমান এন্ধাৰ
ইমান এন্ধাৰ
ক'ৰ পৰা যে অকস্মাত
এজাক কাউৰী
এজাক কাউৰী
মই মোক এৰি
আন এটা মই
আন এটা মই
এনে এক অদ্ভুদ
অনুভৱ
যেন
আৰু অলপ পৰ পিছতে
এজোপা দুজোপা তিনিজোপা
সকলো ফুল মলঙি মৰিশালি
যেন
আৰু অলপ পৰ পিছতে
এজোপা দুজোপা তিনিজোপা
সকলো ফুল মলঙি মৰিশালি
মোৰ বিছনাৰ জাপ
কাপোৰত
জুপুকা মাৰি জ্বলি আছে
সাতটা জোন
নিথৰ নিথৰ নিজান
জুপুকা মাৰি জ্বলি আছে
সাতটা জোন
নিথৰ নিথৰ নিজান
শুনা— শুনা না
চোৱা— চোৱা না
কোৱা— (যি কথা তুমি নাজানা
মইও)
চোৱা— চোৱা না
কোৱা— (যি কথা তুমি নাজানা
মইও)
কি আছিল অলপ আগলৈ
আছিল নেকি মই মোক পাহৰি থাকিব পৰাকৈ
নক্ষত্ৰৰ নিচা নিৰিৱিলি ?
আছিল নেকি মই মোক পাহৰি থাকিব পৰাকৈ
নক্ষত্ৰৰ নিচা নিৰিৱিলি ?
কবি:-
ණ অৰুপ কুমাৰ দাস ।
No comments:
Post a Comment