Wednesday, 15 March 2017

জুই ණ দুলাল হাজৰিকা



জুই


আকাশত জুই
মই কলো জ্বলক
আমাক উত্তাপ লাগে
জুই লগা চৰাইবোৰ উৰি আহিল
মই কলো উৰক
দূৰৰ পৰা চাই থাকিবলৈ ভাল লাগে
জ্বলি থকা ঘৰবোৰ চাই থাকোতে
মই নাজানিছিলোঁ , নে জানিছিলোঁ
এদিন মোৰ ঘৰটোও জ্বলিব
বতাহে হেঁচোকিলেই জুই বৰকৈ জ্বলে
সকলো ছাই হৈ যোৱাৰ পাছত
মই বুজিলো
মোৰ ঘৰটো নোপোৰাকৈ ৰাখিবলৈ
তোমাৰ ঘৰৰ জুই আগতে নুমাব লাগিব
সকলো বুজিও,সকলো জানিও
মই তোমাক তুমি বুলিয়েই ভাবি থাকিলোঁ
তুমিও মোৰ দৰেই ভাবিলা,
আমাৰ ভাবৰ ইমান মিল, কামবোৰো
অথচ আমি হবলৈ আৰু কিমানবাৰ পুৰিব লাগিব
কোনে জানে,
পুৰিবলৈ অন্তৰবোৰ সোণৰ নহলেও কথা নাই
মাটিৰ হওঁক, চাকি হৈ ধাৰণ কৰক জুই
যি জুয়ে পোহৰাবহে জানে , দাহ নকৰে ।

কবি:- দুলাল হাজৰিকা ।

No comments:

Post a Comment