স্বাধীনতাৰ গানঃ
ধুমহাই এফালৰ পৰা
সৱ ঢাঁহি-মুহি নিয়াৰ পিছতে মুষলধাৰে বৰষুণ আহিল ৷ সেই বৰষুণৰ মাজেৰে পাহাৰৰ এঢলীয়া বাটেৰে মহন্তই খুপি খুপি খোজ
দিলে ৷ বৰষুণে বাটটো আৰু পিছল কৰি তুলিছে ৷ মানুহজনে
এবাৰ কৰুণ দৃষ্টিৰে সমুখলৈ চালে ৷ সময় হোৱা নাছিল যদিও আপদীয়া বতৰে সমুখ অন্ধকাৰ কৰি তুলিছে ৷
মহন্ত স্থিতপ্ৰজ্ঞ মানুহ ৷ বাহিৰৰ পৰা তেখেতক
সকলোৱে অহংকাৰী বুলি ভাবে যদিও ওচৰৰ বোৰেহে জানে আচলতে তেখেতৰ অন্তৰখন যে খুবেই কোমল ৷ মানুহজনে অযথা হৈ হাল্লা ভাল নাপায়৷ সেয়ে চহৰৰ এচুকৰ
নিৰ্জন টিলাটোতে তেখেতৰ 'তপোবন' সাজিছিল ৷
মানুহজন খুব
পৰিপাটিও ৷ হাত মেলিলেই বিচৰা বস্তুটো হাতত পৰে ৷ কাৰেণ্ট নাই যদিও আজিও প্ৰয়োজনীয়
বস্তু কেইপদ সহজতে বিচাৰি পালে ৷
তেখেতে কেণ্ডেল
এডাল জ্বলালে ৷ সেই পোহৰত পত্নী আৰু কন্যাৰ মুখ দুখনো পোহৰ হৈ উঠিল ৷ মহন্তই
দুয়োকে কিবা ক’ব খুজিলে ৷
তেনেতেই হুৰুমূৰকৈ কোনোবা দুজন সোমাই আহিল ৷ মহন্ত অলপ আচৰিত হ’ল ৷ এনেয়ো ইয়ালৈ মানুহৰ আহ-যাহ কম ৷
তেখেতে চকু তুলি চালে ৷ দুয়োকে আগতে দেখা মনত নপৰে ৷ সিহঁতৰ জোতাৰ তলৰ মাটি আৰু কাপোৰৰ পৰা বৈ অহা বৰষুণৰ পানীয়ে মজিয়াখন বিশ্ৰী কৰি পেলাইছে ৷
দুয়োজনে কঁকালৰ খোঁচনিত লুকুৱাব খুজা আগ্নেয়াস্ত্ৰ মহন্তৰ চকুত পৰিল ৷ পিছে দেখিও মহন্ত বিচলিত নহ’ল ৷ কিন্তু সঁচা, পত্নী আৰু কন্যাৰে সৈতে এই পৰিবেশত তেখেতে কাকোৱেই বিচৰা নাছিল ৷

বাহিৰত কেইজনমানৰ
খোজৰ গপ্গপনি শুনা গ’ল ৷ অচিনাকি দুয়োজন উচ্পিচাই উঠিল ৷
খোঁচনিৰ আগ্নেয়াস্ত্ৰ সিহঁতৰ হাতত উঠিল ৷
"ছাৰ, ছাৰ ! "
মহন্তই পত্নী আৰু কন্যাৰ মুখলৈ চালে ৷ তাৰ পিছত চালে সিহঁত দুজনৰ ফালে ৷ দুয়োৰে উদ্ধিগ্নতা স্পষ্ট হৈ উঠিল ৷
"ছাৰ, ছাৰ ?", বাহিৰৰ পৰা মহন্তক কোনোবাই মাতি আছে ৷ মাতটোতে চহৰৰ পুলিচ অফিচাৰজন বুলি মহন্ত নিশ্চিত হ’ল ৷
তেখেত উঠিল ৷ ইহঁত দুজনৰ সৈতে পত্নী আৰু কন্যাক এনেদৰে এৰি যাবলৈ মন নাছিল যদিও তেখেত উপায়হীন হৈ পৰিল ৷

"ছাৰ, আজিৰ ঘটনাৰ মূল অভিযুক্ত দুজন আমাৰ হাতত প্ৰায় ধৰা পৰিছেই ৷ ম্যানমাৰৰ পৰা কেইজন মান এই উদ্দেশ্যে
নামি অহাৰ খবৰ অৱশ্যে আমাৰ চোৰাংচোৱাৰ তথ্যটো আছিল ৷ পিছে আমি সাজু হোৱাৰ আগতে আমাৰ চহৰতে প্ৰথম অঘটনটো ঘটালে ৷ কি কৰিব ছাৰ,আমি সময়েই নাপালোঁ ৷ কিন্তু ইমানৰ পিছত আমিও সুদাই নেৰোঁ ৷ সিহঁত পলাব পৰা সকলোবোৰ
পথতেই চোকা নজৰ ৰখা হৈছে ৷ আমি পোৱা খবৰমতে আন্ধাৰৰ সুযোগ লৈ সিহঁতে এই বাটেই আহিছে ৷ অলপ সাৱধানে থাকিব
ছাৰ৷"
পুলিচ অহা বাটে উভতিল, মহন্ত ঘৰৰ ভিতৰ সোমাল ৷

তেখেতে শলিতাডাল
চাকিগছাত দি মিঠাতেলৰ বটলটো হাতত ল’লে ৷
সিহঁত দুয়ো ভিতৰৰ পৰা ওলাই আহিল ৷ পুলিচ অহা সময়ত দুয়ো ভিতৰৰ কোঠালিত সোমাইছিল ৷ সিহঁতৰ তেনে বীৰত্ব দেখি সেই পৰিবেশতো মহন্তৰ মুখেৰে ঈষৎ হাঁহি নিগৰিল ৷
"শুনা", মহন্তই পাৰ্যমানে ধীৰে-সুস্থিৰে ক’লে, " আজিৰ এই পলায়নৰ স্বৰূপতে তোমালোকৰ আচল বীৰত্বৰ পৰিচয় ওলাল ৷ নিজকে কি বুলি ভাবা তোমালোকে ? নিজৰ বুলি কোৱা মানুহবোৰৰ এই অৱস্থা কৰি কি সুখ পোৱা ? কিহৰ বাবে এইবোৰ কৰি আছা ? নিজকে সুধি চোৱা ; নিজৰ বিবেক বন্ধকত থৈ এনেদৰে কাৰোবাৰ হাতৰ ইচাৰাত পুতলাৰ দৰে নাচি-বাগি নিজৰ কবৰ খন্দাৰ বাহিৰে আৰু বেলেগ কি কৰিছা ?"
চকুদুটা মঁচি তেখেতে আৰু ক’লে, " পুলিচ আহিছিল তোমালোককেই বিচাৰি ৷ কিন্তু কি হ’ব ? দুদিন পিছত সততে নৈতিকতাৰ, সমাজ সংস্কাৰৰ পাঠ আওৰোৱা কোনোবা দুজনমানেই আগবাঢ়ি নাহিবনে তোমালোকক ফুলৰ মালা পিন্ধাবলৈ? বীৰৰ মৰ্যদা দিবলৈ ?
কিন্তু তোমালোকৰ মতে বীৰত্বৰ চানেকি এই অঘটন বোৰে যিবোৰ পৰিয়ালৰ বন্তি চিৰদিনলৈ নুমালে সেইবোৰৰ অভিশাপ কি অথলে যাব ? নাযায়, কেতিয়াও অথলে নাযায় ৷ ভগৱান আছে এইবোৰৰ সুবিচাৰ কৰিবলৈ ৷ দুদিন পলম হোৱা যেনহে লাগে, কিন্তু ভগৱানে সদায় সুবিচাৰ কৰে ৷ আচলতে আজিৰ এই ঘটনাই তোমালোকৰ পতনৰ বাটহে নিশ্চিত কৰিলে ৷ তোমালোকৰ জীৱন ঘড়ীৰ বিপৰীত ঘূৰ্ণন সেই মুহূৰ্তৰ পৰাই আৰম্ভ হ’ল ৷"

মহন্তই বটলটোৰ পৰা
মিঠাতেল অলপ চাকিগছাত ঢালিলে আৰু আজি বজাৰত হোৱা
বোমা বিষ্ফোৰণত নিহত পত্নী আৰু কন্যাৰ ফটোৰ সমুখত সেই বন্তি জ্বলাই কান্দোনত ভাগি পৰিল ৷
কবি:-
ණ মহেন্দ্ৰ কুমৰ শৰ্মা ।
No comments:
Post a Comment