Friday, 24 March 2017

জীৱন -সময় -দুটামান স্তৱক~মেঘালী ৰাজকুমাৰী



জীৱন -সময় -দুটামান স্তৱক
========================
[
১]
নিজান ৰাতিবোৰ সামৰি
ভিজা বনত দুভৰি
কোমল কুঁৱলী
পুৱাৰ ৰ'দালি
সোণসেৰীয়া সপোন
আঘোণৰ আবেলি ।
[২]
উৰুখা পঁজাত জোনৰ আলি
তৰাৰ বেহেলা
জুপি জুপি সুগন্ধি খৰিকাজাঁই
কচন্দা ফুলেৰে গোঁঠা
চাদৰৰ আচলত বসন্তৰ বা
মৌচন্দা মাটিৰে সজোৱা নৈ ঘাটত
শাশ্বত ফাগুণি হেঁপাহ ।
[৩]
তোক হেৰুৱা এঙেৰুৱা বাটত
পৰি ৰ'ল সন্ধিয়াৰ ছঁয়া-ময়া দীঘলীয়া ছাঁ
দূৰণিত সুহুৰিয়াই হালধীয়া পালতৰা পানেচৈ
ভাটিয়লী ভটিমা গায়
নাৱৰীয়াৰ বুকুত
কণ কণ ডঁৰিকণা উজায় ।
[৪]
সো -সোঁৱাই সোমাই আহিল মোৰ কণমানি কোঠাত
ডাল এৰিব নোখোজা এখিলা
ফাগুনৰ সৰা পাত
মোক সুধিলে ,তেওঁৰ আৰু কিমান দূৰ বাট ?
মই ক'লো ,মৌন ওঁঠত সন্ধিয়া
চকুৰ পতাত নিয়ৰৰ টুপাল ।
কবি:-
‍‍‍‍মেঘালী ৰাজকুমাৰী ।

No comments:

Post a Comment