Tuesday, 14 March 2017

পুনৰীক্ষণ (৪৫): (০৮- ১৫) ফেব্ৰুৱাৰী, ২০১৭ (দ্বিতীয় খণ্ড)



আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৪৫): (০৮- ১৫) ফেব্ৰুৱাৰী, ২০১৭ (দ্বিতীয় খণ্ড)
পৰ্যালোচক : নীলাভ সৌৰভ।
আখৰুৱাৰ ফেব্ৰুৱাৰী, ২০১৭ৰ দ্বিতীয় সপ্তাহৰ পুনৰীক্ষণ শিতানৰ কাৰণে কেইটিমান কবিতাৰ আলোচনা যুগুতাইছো আৰু এয়া তাৰেই প্ৰথম ভাগ।
কবিতাৰ সংজ্ঞা, কবিতা সম্পৰ্কত দাৰ্শনিক সকলৰ মন্তব্য, কবিতা সম্পৰ্কে মোৰ ধাৰণা - এনে কথা নাপাতো ৷ সেই দুঃসাহসো মোৰ নাই যে সংজ্ঞা নিৰূপণ কৰিব পাৰিম বা দাৰ্শনিক কবিসকলৰ মন্তব্যক মই হীন-দেঢ়ি কৰিব পাৰিম। যি কথাৰ সংজ্ঞা বা সৰ্বজন সমৰ্থিত বিজ্ঞানসন্মত ধাৰণা, কোনো কবি-সমালোচকৰ বৰ্ণনা নাইবা কাৰোবাৰ চিন্তা গধূৰ মন্তব্য এতিয়ালৈ সঠিক বুলি যুগ যুগান্তৰ ধৰি নিৰ্ধাৰিত হোৱা নাই- তাত মই চুপ হৈ থকাই শ্ৰেয় । মই বাছনি কৰা কবিতাসমূহৰ ক্ষেত্ৰত কোনো বিশেষ কাৰণ অন্তৰ্নিহিত হৈ থকা নাই ৷ মাত্ৰ নিজক জুখি চাবলৈহে এই তূলাচনী হাতত লৈছোঁ ৷ মোৰ যোগ্যতা, মোৰ কবিতা পঢ়িলেই বুজিব পাৰি যে মই নিজেও বহুকেইটা দোষৰ পৰা মুক্ত হ'ব পাৰা নাই ৷ উপদেশতকৈ আৰ্হি ভাল ৷ পিছে আখৰুৱাৰ লক্ষ্য উদ্দেশ্যক কিছু সহযোগ কৰাৰ মানেসেৰে মোৰ যি ক্ষুদ্ৰ চেষ্টা তাত আপোনাসৱৰ বিচাৰ মোৰ বাবে আশীৰ্বাদ স্বৰূপ ৷ আৱেগ আৰু চেতনাক ভাৱলৈ ৰূপান্তৰ কৰি এক কাব্যিক ৰূপ দিয়াটো যিমান জটিল, সিমান জটিল সেই কাব্যিকতাৰ ভিতৰলৈ গৈ কবিৰ মনৰ ভাৱৰ উমান লোৱা ... ৷ মই অপাৰগ ৷ এই অপাৰগতাৰ বাবেই যি বঢ়া-টুটা হৈছে, সেয়া আপোনালোকে বিবেচনা কৰিব বুলি মই আশাবাদী ৷
অসমীয়া ভাষাত যুগে যুগে কোনো কোনো কবিয়ে নিজৰ সময়ত, ভাৰতীয়ই নহয় অন্যান্য দেশৰ ভাষাৰ কবিতাৰ সৈতে ফেৰ মাৰিব পৰা বা তাতোকৈ শ্ৰেষ্ঠ কবিতাৰ নিদৰ্শন দি গৈছে ৷ কিন্তু সেইসকলৰ সমসাময়িক বহু কবি কেৱল Season Flowers ৰ দৰে ফুলি সৰি গৈছে ৷ কবিতাৰ কচৰৎ, ভাৱনাৰ গভীৰতা, চিন্তা চেতনাৰ কলাত্মক প্ৰকাশৰ লগতে দায়ৱদ্ধতাৰে যি সকলে নিজৰ সমলবোৰক জিলিকাব পাৰিছে, সেইসকল সাধকৰ দৰে নতুন প্ৰজন্মইও ভাষাটোক চহকী কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব ৷ অসমীয়া ভাষাটো বৰ মিঠা, কাব্যিক আৰু চহকী ৷ ভাষাৰ মোহত পৰি বহু কবিয়ে কবিতাৰ মেদ বৃদ্ধি কৰা পৰিলক্ষিত হয় ৷ মোৰ নিজৰ ক্ষেত্ৰতো এনে হয় কেতিয়াবা ৷ প্ৰত্যয় যোগ কৰি কৰি অহেতুক দীঘল কৰি কবিতাৰ বাক্যই কেতিয়াবা সন্তুলন হেৰুওৱাৰ উপক্ৰম হয় ৷ কবিৰ সচেতনতা এইক্ষেত্ৰত লক্ষণীয় । নিজৰ শিপা সন্ধান, জাতীয় লোক সংস্কৃতি, মাটি আৰু মানুহৰ প্ৰতি কবিৰ দায়িত্ব অপৰিসীম । ভাষা চৰ্চাক সমৃদ্ধ কৰাটোও কবিৰ দায়িত্ব।
যিহওঁক, পৰ্যালোচনাৰ কাৰণে মই নিৰ্বাচন কৰা কবিতা কেইটা ক্ৰমে -
(ক) মহানগৰীয়-> ৰাজীৱ ডেকা
(
খ) দুহিতা-> ৰাজেন দাস
(
গ) মুখা-> দুলাল হাজৰিকা
(
ঘ) তেজপিয়া-> ধনমণি কলিতা
(
ঙ) সৰবৰাহী ল'ৰাটি-> খগেশ সেন ডেকা
কবিতা কেইটা কিয় নিৰ্বাচন কৰিছো তাৰ নিৰ্দিষ্ট কোনো কাৰণ নাই। (কবি বা কবিতাৰ কথা কওঁতে কেতিয়াবা নিৰ্দিষ্ট কবিতাটোকেই উদেশ্য কৰি কোৱা নাই । কবিতাটো পঢ়াৰ পাছত যি প্ৰাসংগিক কথা মনলৈ আহিছে কৈ গৈছোঁ । কোনেও দায়-দোষ নধৰে যেন ।)
(ক) মহানগৰীয়-> ৰাজীৱ ডেকা
আপোনাৰ দুচুকত মৰা ঘাঁহনি
অবিন্যস্ত চুলিত ব্যস্ততাৰ ওকণী
চিটিবাছত ওলমি আপুনি
ঘূণে ধৰা সপোন কঢ়িয়ায় পুৱা-গধুলি
আপোনাক স্বাৰ্থপৰ বুলিলে খং উঠে
আপোনাৰ সমান শিল-বৰষুণ
কোনেও দেখা নাই একেটা জীৱনতে।
তেওঁলোকে নাজানে
ঘৰভাড়া আৰু টিউচন ফিজ
সময়ত আপুনি কিয় দিব নোৱাৰে
গাঁৱলৈ কিমান টকাৰ ঔষধ যায় প্ৰতিমাহে
কিমান মাহ বন্ধ হৈ আছে বীমাৰ প্ৰিমিয়াম
চকু চৰহাসকলে নেদেখে চাদত শুকোৱা
আপোনাৰ ফটা আন্দাৰৱেৰৰ হতাশা
নাজানে মাহৰ শেষত কেনেকৈ আহে বাঢ়ি
আপোনাৰ শেতেলীত অনিদ্ৰাৰ কাঁইটীয়া ৰাতি
ভাল মাছটো যিফালে ওলায়
নাযায় আপুনি সেইফালে
পত্নীৰ অলক্ষিতে চিগাৰেট হোপা অভ্যাসটো
আপোনাৰ বাঢ়িছে দিনকদিনে
পাৰ হৈ অহা কোনোবাটো বসন্তত
তুলিৰ তলত কবিতা লৈ আপুনিও শুইছিল
এতিয়া আপোনাৰ বন্ধু আৰু আলহী কমিল
বিবাহ বাৰ্ষিকী পাহৰিলে
পাহৰিলে পত্নীৰ জন্মদিন
সাদৰী পত্নীয়ে পুজা উৎসৱত আজিকালি
কাপোৰ-গহনা নকৰে দাবী
বুকুৰ নোমৰ আন্ধাৰত জ'ট নাখায়
তেওঁৰ বাঁহপতীয়া আঙুলি
সিদিনা আপুনি চুলি ৰঙ কৰালে প্ৰথম
চাহত কমাইছে চেনী,দাইলত নিমখ।
মুৰবিষ আৰু পিত্তৰ দৰব লৈ ফুৰে বেগত।
মই চাই থাকো আপোনাক
জানোঁ আপোনাক আপুনি নিচিনেলেও
পথটোৰে নামি আঁহোতে চান্দাক লৈ কেকুৰীটোত সিদিনা তৰ্ক কৰিছিল আপুনি
আপুনিয়েই সেইজন নহয়নে
শ্বাৱাৰৰ তলত বহি যিয়ে কান্দে গোপনে
আনৰ অলক্ষিতে এই কৰুণ জীৱন যাপনেৰে
এই মহানগৰ পোতাশালত
আপুনি বাৰু কোন বুদ্ধ হোৱাৰ আখৰা কৰিছে এইদৰে
নে মোৰ দৰেই
জীৱনে সজাইছে আপোনাকো
এজন পৰাজিত মহানগৰীয় ।
মহানগৰীয়কবিতাত কবিয়ে এজন নিম্ন মধ্যবিত্ত লোকৰ জীৱনৰ কিয়দাংশ প্ৰকাশ কৰিছে ৷ গাঁৱৰপৰা চহৰলৈ সংস্থাপনৰ বাবে আহি বহু কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰা এনেলোক সকলৰ দুটা দায়িত্ব - এটা গাঁৱলৈ ঔষধ আৰু অন্যান্য খৰচৰ বাবে ধন পঠিওৱা আৰু আনটো চহৰৰ সংগ্ৰামী জীৱনৰ দায়িত্ব ৷ চহৰলৈ আহি এনে এটা জীৱন যাপন কৰা এই অভিজ্ঞতা প্ৰায় সকলো নিম্ন মধ্যবিত্ত লোকৰেই থাকে ৷ বৰ্ণনাধৰ্মী কবিতাটোত শ্লেষ, ৰূপকৰ ব্যৱহাৰ মন কৰিবলগীয়া ৷ আপোনাৰ সমান শিল-বৰষুণ কোনেও দেখা নাই একেটা জীৱনতেসুন্দৰ বাক্য । কিছু সঁচা ছবিক কবিয়ে কবিতাটোত ব্যৱহাৰ কৰিছে - যি গতানুগতিক জীৱনত ঘটি থাকে, তাকেই সুন্দৰকৈ চিত্ৰকল্প নিৰ্মাণ কৰি দুই এটা চমক দিছে ৷ চিটিবাছত ওলমি ঘূণে ধৰা সপোন কঢ়িওৱা, টিউচন ফিজ, ডাঙৰ মাছ, বীমাৰ প্ৰিমিয়াম -এনে বৰ্ণনাত নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত চহৰীয়া জীৱনটোক সুন্দৰকৈ প্ৰতিফলিত কৰিছে কবিতাটোত । পত্নীৰ অলক্ষিতে চিগাৰেট হোপা অভ্যাসটো আপোনাৰ বাঢ়িছে দিনকদিনেসাৰ্থক বাক্য বহুতৰ জীৱনত ঘটে এনে ঘটনা। কবিতাটোক আৰু আটিল কৰাৰ থল আছিল । শেষৰ ফালে কবিয়ে আৰম্ভণিৰ ফালৰ নিয়ন্ত্ৰণ ধৰি ৰাখিব পাৰিলে কবিতাটো এটা লেখত লব লগা কবিতা হব । নগৰীয়া জীৱনৰ অনুৰণন কবিতাত বা সাহিত্যত নতুন কথা নহয় । নগৰীয়া জীৱনৰ বিবিধতাৰ বৈপৰীত্যই অনুভৱী হৃদয়ক আন্দোলিত কৰে । ধনী, দুখীয়া, মধ্যবিত্ত জীৱনৰ ভিৰ, যান্ত্ৰিক জীৱনৰ ভিৰ, ব্যস্ততাপূৰ্ণ জীৱনৰ ভিৰত কবি মনক দোলা দি যায় ইয়াৰ পৰা মুক্তি কামনাৰ এক অজান কাৰণে । চহৰীয়া কদৰ্য্যতা, দুখ-কষ্ট, ইয়াৰ বিলাস বহুল জীৱনৰ ৰং-ৰহইচ আৰু জঠৰতাক কবি বা লেখসকলে সাহিত্যৰ মাধ্যমেৰে প্ৰতিফলিত কৰি আহিছে ৷ মধ্যবিত্ত জীৱন যাপন কৰা সকলৰ সংগ্ৰামৰ প্ৰতিচ্ছবিও সাহিত্যত প্ৰকাশ হোৱা দেখিবলৈ পোৱা যায়। মহানাগৰিক জীৱন যেন কাৰোবাৰ বাবে আশীৰ্বাদ, আনহাতে কাৰোবাৰ বাবে অভিশাপ ৷ কবিৰ এই প্ৰচেষ্টা নগৰীয়া জীৱনৰ এখন জীয়া ছবি । কবিৰপৰা এনে কবিতা আগলৈকো পাই থাকিম বুলি আশা কৰিলোঁ ।।
(খ) দুহিতা-> ৰাজেন দাস
সময়ে ঠেকেচা দুহিতাৰ দু-হাত
আজি শূণ্যতাৰে পৰিপূৰ্ণ
ঠিক শূণ্যতা বুলি ক'লে ভুল হ'
কেৱল আত্মীয়ৰ হুমুনিয়াহ
সমাজৰ ককৰ্থনা আৰু
আৰু কিমান বলি হ'ব তাই
মানুহৰূপী জাৰজ সন্তান তথা
দানৱৰ বলিশাঁলত?
আজিও তেজৰ চেকুৰাৰ দাগ
তাইৰ ফটা চোলাত অনুমেয়!
দুহিতা,
আৰু কিমান সহিবি ৰাং কুকুৰৰ কামোৰ;
তোৰ ফালে আঙুলি টোৱাই কথা কোৱা
বৰ বৰ মানুহৰ গালি-গালাজ?
আৰু কিমান?
বহুত এন্ধাৰ হ'ল দেখোন আজিও
নিৰ্যাতিতা এগৰাকীৰ ছবি প্ৰতিফলিত কৰিছে কবিয়ে "দুহিতা" কবিতাৰ জড়িয়তে ৷ সাম্প্ৰতিক সময়ত নাৰীৰ প্ৰতি সমাজৰ যি দৃষ্টি কবি তাক লৈ উদ্বিগ্ন ৷ নাৰী নিৰ্যাতনৰ বৰ্ণনাৰ বিপৰীতে কবিয়ে সমাজত নাৰীৰ মৰ্য্যদা বৃদ্ধিৰ লক্ষ্যৰে এই কবিতা ৰচনা কৰা যেন অনুভৱ হৈছে ৷ গতানুগতিকভাৱেই কবিয়ে যেন লিখি গৈছে ইটোৰ পাছত সিটোকৈ নাৰীৰ প্ৰতি হোৱা দানৱীয় কাৰ্য্যকলাপৰ দিনলিপি ৷ প্ৰতীকাত্মকভাৱে আবেগ প্ৰকাশৰ দুই এক চেষ্টা দেখা গৈছে ৷ মনৰ ভাৱ প্ৰকাশ কৰাৰ মাধ্যম হিচাপে কবিতাটোত নিঃসংকোচে পুৰুষ সামাজক গালি পাৰিছে ৷ কবিতাটো বেয়া হৈছে বুলি ক'ব নোৱাৰি, কিন্তু অতি গতানুগতিক ৷ এনে কবিতা সততে পঢ়িবলৈ পোৱা যায় ৷ এক ব্যতিক্ৰমী প্ৰয়াস কৰিলে কবিৰ পৰা ভাল কবিতা আশা কৰিব পাৰি৷
(গ) মুখা-> দুলাল হাজৰিকা
শীতল মস্তিষ্কৰে সযতনে সজা মুখাবোৰ
আমি মন গলেই পিন্ধি লওঁ
মুখতকৈ মুখা সদায় মসৃণ,
সহজে গঢ়িব পাৰি বিশ্বাসৰ সৌধ
দ্ৰোণাচাৰ্য্যৰ মুখাত আঙুলিৰ তেজ
হৃদয়ে কথা কলে মুখাও সুলকি পৰে
ৰজাৰ মুখাত ৰামৰ সন্দেহৰ মুখ
পৰিলনে খুলি?
নিজৰ কাৰণে মুখাৰ আঁৰৰ মুখবোৰেই আপোন
অৱশ্যে মুখা নাথাকিলে মানুহৰো নাথাকিব অস্তিত্ব
হিংস্ৰ মুখবোৰেও দেখোন গিলিব খোজে পৰস্পৰক
কোনটো সঁচা ? মুখ নে মুখা
মুখাৰ আঁৰত হেৰায় মুখ
মানুহৰ জীৱনৰ সুখ-দুখ, প্ৰাপ্তি অপ্ৰাপ্তি, ইচ্ছা আকাংক্ষাৰ উপৰিও এটা সামাজিক মন থাকে ৷ সামাজিক দায়ৱদ্ধতাই এই মনটোক সুদৃঢ় কৰে ৷ মনটো যদি কবিৰ হয়, তেতিয়া সেই মনটোৱে কবিতাৰ জৰিয়তে খুলি দিব খোজে মানুহৰ মুখাবোৰ ৷ কবি দুলাল হাজৰিকাৰ 'মুখা' কবিতাটো তেনে এটা নিদৰ্শন ৷ কবিয়ে ইতিহাসৰ চৰিত্ৰৰ মুখা খোলাৰ প্ৰয়াস কৰিছে সযতনে ৷ মুখা নাথাকিলে মানুহৰ অস্তিত্ব নাথাকিব বুলি কবিয়ে সন্দেহ প্ৰকাশ কৰি কেতিয়াবা মুখাৰ প্ৰয়োজনীয়তাকো সমৰ্থন কৰিছে ৷ জীৱনত ঘটা ঘটনাবোৰ সঞ্চয় কৰি কবি সকলে কবিতাত প্ৰকাশ কৰে আলংকাৰিকভাবে। আনহাতে কেতিয়াবা ক্ষোভ অভিমান বা খঙৰ বহিঃপ্ৰকাশ কৰে কবিতাৰে ৷ দুলাল হাজৰিকাৰ 'মুখা' এটা উন্নত কবিতাৰ শাৰীলৈ উন্নীত কৰাৰ ক্ষেত্ৰত কবিয়ে আৰু নতুন নতুন কৌশল প্ৰয়োগ কৰি আমাক সন্মোহিত কৰিব বুলি আশা কৰিলো ৷ কবিতাৰ বাক্য গঠন আৰু সমান্তৰালভাৱে ইয়াৰ সৌন্দৰ্য নিয়ন্ত্ৰণ সদায় ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল । কবিয়ে সাৱধানতা অৱলম্বন কৰা ভাল ।
(ঘ) তেজপিয়া-> ধনমনি কলিতা

সৰুতে লগবোৰে কৈছিল
তেজপিয়া, তেজপিয়া নাভিটো ঢাক
মই কওঁ- কিয়
য়ে ই নাজানে,
নাভি নাঢাকিলে তেজপিয়াই চব তেজ পি লৈ যাব
নাভিটো মই নাঢাকিলো কোনোদিনে
তেজ ঠিকেই আছে-
B+,
কেৱল ট্ৰাইগ্লিচাৰিদ অলপ বেছি।
ডাক্টৰে কৈছে তেলান খাদ্য কমকৈ খাবা।

লগৰ এটাই সেইদিনা কলে
তেজপিয়া সকলোতে ঘূৰে, সাৱধান-
তোৰ দেশত মানুহ মৰিলে মোৰ দেশত শোকসভা নহয়,
আৰু মৃত্যু সদায় শিল্প নহয় বন্ধু
কৰ্মফল বুলিটো আচলতে কোনো কথা নাই
তেজ পিয়াৰ উপায় মাথো।

জিও চিমখনত ফ্ৰী পালে পাহৰি যাওঁ মই
আম্বানীহত যে বেপাৰীহে ১৬০০ ৰ বেপাৰীহঁতৰ দৰে।
পিছে ফ্ৰী দিলেও
আম্বানীৰ নাই কোনো Rich Man’s Burden ( যেনেদৰে White Man’s Burden)

দেশ বুলি মই ঠিকেই উন্মাদ হওঁ,
পিছে পাহৰি থাকো,
আম্বানী আৰু মই একেই দেশৰ নাগৰিক,
সমান মোৰ অধিকাৰ।
ফ্ৰীটো মইও দিওঁ মাজে মাজে-
বিলাহীৰ প্ৰতি কিলো ১ টকা ।

তেজপিয়া ঘুৰিছে সকলোতে
নাভিটো ঢাকি লওঁ নেকি?
সুন্দৰ ৰূপকেৰে সৈতে সজোৱা ধনমনি কলিতাৰ এই কবিতাটোত তিৰ্য্যক ব্যংগ প্ৰকাশ বিদ্যমান। তেজপিয়া সুন্দৰ প্ৰতীকী অৰ্থত ব্যৱহৃত হৈছে কবিতাটোত ৷ নাভি ঢাকি ৰখাৰ প্ৰসংগই এক কথাত সচেতনতাৰ কথাকে দোহাৰিছে কবিয়ে ৷ চিন্তাৰ প্ৰবাহৰ সমান্তৰালকৈ আবেগৰ মননশীল ব্যৱহাৰে কবিতাটোৰ সৌন্দৰ্য আৰু বেছি বৃদ্ধি কৰিলেহেঁতেন বুলি মই ভাবো। "তোৰ দেশত মানুহ মৰিলে মোৰ দেশত শোকসভা নহয়" মানুহৰ বিভাজনমুখী দিশটোৰ সুন্দৰ প্ৰকাশ৷ কবিয়ে কাব্যিক গুণতকৈ এখন অতি বাস্তৱ চিত্ৰ ফুটাই তুলি প্ৰকাশ ভংগীক সুকীয়াকৈ প্ৰকাশ কৰাত মনোনিবেশ কৰা কথাটো কবিতাটো পঢ়িলে অনুধাৱন কৰিব পাৰি ৷ এনে প্ৰয়াসে কবিক সমৃদ্ধ কৰে ৷ কবিলৈ ধন্যবাদ জনাইছো ৷ এনে প্ৰয়াসেৰে আমাক ন ন কবিতাৰ সোৱাদ দিব বুলি আমি আশাবাদী । সৃষ্টিৰ তাৎক্ষণিক সন্তুষ্টি কেতিয়াবা কবিৰ বাবে হানিকাৰক 'ব পাৰে ৷ দায় মুক্ত হ'বলৈ কবিয়ে নিজৰেই সৃষ্টিক সময় দিব লাগিব, সময় দি পঢ়িলে নতুন নতুন দিশ উন্মোচিত হয় ৷ শব্দ আৰু বাক্যই কবিক দাবী কৰে নতুন আংগিক ব্যৱহাৰৰ বাবে, অলংকাৰ কম-বেছি কৰিবৰ বাবে ৷ কবিতাত নতুন সোৱাদ দিয়াৰ যত্নত কবি সফল হৈছে ৷ ৰসোত্তীৰ্ণ পাঠকৰ চাহিদা পূৰণ, সাহিত্যৰসিকৰ মানসিক খাদ্য যোগান ধৰিবলৈ এটা কবিতাতেই বহু বিষয় অন্তৰ্ভুক্ত কৰি কবিতাক অধিক মান সম্পন্ন কৰিবলৈ যোৱাৰ প্ৰয়াসো কবিতাৰ শৰীৰৰ বাবে ক্ষতিকাৰক ৷ গতিকে কবিসকলৰ এই ক্ষেত্ৰত সচেতনতা গুৰুত্বপূৰ্ণ ৷ নিজৰ সাহিত্যবীক্ষা কেতিয়াও নিজৰেই সমালোচনাৰ উৰ্ধত নহয় বুলি ভাৱো ৷ গতিকে কবি নিজেই নিজৰ সমালোচক হ' লাগিব বহু সময়ত ৷ নিজৰ সমালোচনাৰ সঠিক বিচাৰে কবিতা এটাক অধিক মান সম্পন্ন কৰি তোলে ৷ মাত্ৰ সময় দিব লাগিব এনেকৈ যে পিছৰ বাৰ পঢ়িলে কবিতাটোৰ খলা-বমা ধৰা পৰে আৰু নিজক নিজৰ সমালোচক কৰি সেয়া মসৃণ কৰাৰ দায়িত্ব পালন কৰিব লাগে
(ঙ) সৰবৰহী ল'ৰাটি-> খগেশ সেন ডেকা
এডোঙা তেজ সাৱটি
পৰি ৰ'ল-
নিথৰ নিষ্পন্দ দেহ ৷
স্বাধীনতাক টেটু চেঁপি মৰাৰ দিনা
সি ওলাই গৈছিল
সেউজীয়া আকাশ বিচাৰি
গাৰ নোম নেদেখা এন্ধাৰৰ আঁৰ লৈ
পাৰই ৰুণ দিয়াৰ পৰত
বাটৰ দুবৰিৰ সতে কথা পাতিম বুলি ৷
দেশৰ মাটিৰ মোহত
বন্দী আছিল সি
সৰ্বদমনৰ দৰে
সিও খেলিছিল
বাঘ সিংহৰ হিংস্ৰতাৰ সতে ৷
চকুত একুৰা জুই লৈ
মাটিৰ শেতেলিত
শুই আছে-
সৰবৰহী ল'ৰাটি
নিথৰ নিৰৱ হৈ ৷
এতিয়া গাঁও ভূঁই গছকি
হাবি বন মহতিয়াই
মাথোঁ ৰজনজনাই যায়
তাৰ দীপ্ত কণ্ঠৰ স্বৰ ৷৷
খগেশ সেন ডেকাৰ এই কবিতাটোৰ দুটা প্ৰধান দিশ হ'ল - এজন যুৱকে অনুভৱ কৰা (সম্ভৱতঃ কবিয়েও তাকে অনুভৱ কৰে) পৰাধীনতা আৰু ইয়াৰ পৰিণাম- আত্ম বলিদান ৷ কবিয়ে কবিতাটোত সকলো কথা পোনপটীয়াকৈয়ে কৈছে ৷ আখৰুৱাত পঢ়া তেখেতৰ আন আন কবিতাৰ তুলনাত এই কবিতাটোত তেওঁ খুব কম সময় দিয়া যেন লাগিল ৷ সৰবৰাহী 'ৰাটোৰ ছবিখন শিৰোনামটোতে থাকিল ৷ বন্দী, পৰাধীন নাগৰিকৰ এখন ছবি তেওঁ 'ৰাটোৰ যোগেদি দেখুৱাব বিছাৰিছে ৷ কিছু সময় দিলে কবিতাটো এটা উন্নত কবিতা হোৱাৰ থল আছে ৷ স্বাধীনতাকামী প্ৰতিজন নাগৰিকৰ মনৰ কথা, পৰিণতিৰ কৰুণ দৃশ্য এই কবিতাটোৰ জড়িয়তে প্ৰকাশ পাইছে ৷ কবিলৈ শুভেচ্ছা থাকিল ৷ আগলৈ আৰু ভাল কবিতা পঢ়িবলৈ পাম বুলি ভাৱিছোঁ ।সমাজৰ, ব্যৱস্থাৰ প্ৰতি থকা ক্ষোভ আৰু চৌপাশৰ ধুমুহাই অঞ্চল এটাৰ সৰবৰাহী ল'ৰা এটাক বিধ্বস্ত কৰা প্ৰসংগৰে কবিয়ে ফুটাই তুলিছে সাম্প্রতিক সময়ৰ এখন জীয়া ছবি । কবিৰ দেশাত্মবোধৰ চানেকি কবিতাটোৰ জৰিয়তে প্ৰকাশ হৈছে ।
সামৰণিঃ
মোৰ এই প্ৰয়াস আপোনাসৱৰ কিমান কামত আহিব নাজানো ৷ মাথো কবিতা ক্ষন্তেকীয়া, ধেমেলীয়া, মনৰ ভাৱ প্ৰকাশৰ আহিলা, সহজতে লিখিব পৰা সাহিত্য, বিনাকষ্টত হোৱা শিল্প, গ্লেমাৰৰ মাধ্যম, সন্মান বৃদ্ধিৰ যতন আদি বুলি কোনেও কবিতা লিখি কবিতাৰ মৰ্যাদাক হানি নকৰিলেই মোৰ এই কামটোৰ বিনিময় লাভ কৰিছো বুলি ভাবি ল'ম ৷ আনক দেখি কবিতা লিখাৰ প্ৰৱণতা জাগিল আৰু খুব কম সময়তে কবি হিচাপে পৰিচয় দিয়াৰ হেঁপাহেও আৱৰি ধৰিলে - ধন ভাঙি কবিতা পুথি এখন কৰি পেলাওঁ, কাকত আলোচনীত প্ৰকাশৰ বাট বিচাৰোঁ, ফেচবুকত জাউৰিয়ে জাউৰিয়ে কবিতা দিওঁ - এনে মনোভাৱ পৰিহাৰ নকৰিলে কবিতাই স্ব-মৰ্যাদা হেৰুৱাব, কবিসকলে হেৰুৱাব কবি হোৱাৰ গৌৰৱবোধ ৷ গতিকে সচেতনতাৰে কবিসকল আগবাঢ়িলে কবি আৰু কবিতা দুয়োটাৰে মৰ্যাদা অক্ষুণ্ণ থাকিব আৰু ইয়াকলৈ বিতৰ্কৰ সূত্ৰপাত কেতিয়াও নহয় । মই খুব আশাবাদী ।
সংযোজনঃ
আখৰুৱাৰ এনে প্ৰচেষ্টাই মোৰ দৰে আশাবাদী কবি আৰু পাঠকলৈ আশাৰ সঞ্চাৰ কৰিছে ৷ ফেচবুক বা চ'চিয়েল মেডিয়া এনে এটা মাধ্যম য'ত আত্মপ্ৰকাশৰ বাবে কোনো সম্পাদনাৰ স্তৰ পাৰ হ'ব নালাগে ৷ পূৰ্বতে কেৱল কাকত আলোচনীয়েই যেতিয়া একমাত্র মাধ্যম, তেতিয়া অন্ততঃ নিয়ন্ত্ৰণ বুলি কথা এটা আছিল ( যদিওবা লবীৰ প্ৰভাৱ আৰু ব্যৱসায়িক দৃষ্টিভংগীৰে প্ৰকাশন গোষ্ঠীয়ে সস্তীয়া সাহিত্য প্ৰকাশ কৰি পৰিবেশ বিনষ্ট কৰা বিষয়টোক নুই কৰিব নোৱাৰি ৷ আন এটা কথাও কওঁ চমুকৈ, পাছত সময় পালে বহলাই লিখিম - প্ৰকাশন গোষ্ঠীৰ ধনৰ বিনিময়ত গ্ৰন্থ প্ৰকাশৰ ঠিকাদাৰীও জগৰীয়া এইক্ষেত্ৰত ৷ পাঠকক বিমুখ কৰা সস্তীয়া আৰু তথাকথিত সাহিত্যৰ প্ৰকাশে অসমীয়া গ্ৰন্থৰ বিক্ৰী তথা পঢ়ুৱৈৰ সংখ্যা কমোৱাত যথেষ্ট প্ৰভাৱ পেলাইছে )৷ চ'চিয়েল মেডিয়া হোৱাৰে পৰা ভুলে শুদ্ধই যি নিলিখক সেয়া নিজৰ টাইমলাইনত দি পাঠকক পঢ়ুৱাব পাৰে ৷ ইয়াৰ সপক্ষে বিপক্ষে অনেক যুক্তি আছে, ভাল-বেয়া দুয়োটা দিশেই আপোনাসৱৰ সন্মুখত জলজল পটপট ৷ গতিকে মই বৰ্ণনা কৰি দীঘলীয়া নকৰোঁ ৷ এই সময়ত কবিসকল নিজে সচেতনতা আৰু সমৃদ্ধিৰ বাবে যত্নপৰ হ'ব লাগিব, কিয়নো এতিয়া পাঠক 'টাচ্চ'তেই থাকে ৷ বেয়া চকুত পৰি থাকিলে পাঠকে বেছিদিন সহ্য নকৰিব ৷ লাইকৰ বিনিময়ত লাইক আৰু কমেন্টৰ বিনিময়ত কমেন্ট - এই ব্যৱস্থাৰ বাবে হয়তো কোনো লোকে বহুত লাইক বা কমেন্ট পাই থাকে, কিন্তু ইও স্থায়ী নহয় যে এই প্ৰক্ৰিয়া সদায় চলি থাকিব ৷ বাধ্যবাধকতা থাকিলেও কোনেও অবিৰত ভাৱে বেয়া খাই নাথাকে ৷ ইয়াত বাধ্যতামূলক বুলি কোনো কথা নাই যিহেতু লাইক কমেন্ট কমি 'লে কবি জনাই কাকো টানি আনিব নোৱাৰে ৷ কেৱল লেখাৰ উন্নতিয়েহে লাইক কমেন্ট বঢ়াব বুলি মই ভাৱো ৷ বহুত লাইক কমেন্ট মানেই উন্নত সৃষ্টিৰ প্ৰমাণ-পত্ৰও নহয় ৷ গতিকে চ'চিয়েল মেডিয়াতো কবি লেখকসকলৰ সাৱধানতা অনিবাৰ্য্য ৷ অন্যথা বতৰৰ ফুল ফুলি বতৰতে মৰহাৰ সম্ভাৱনাই বেছি ৷ এইখিনিতে "আখৰুৱা"ৰ তৰফৰপৰা পৰা কৰা এই কবিতাৰ আলোচনা প্ৰসংগই এক অভিযানৰ দৰে কাম কৰি আহিছে ৷ য'ত কবি আৰু কবিতাৰ সমৃদ্ধিৰ বাবে কবিতা আলোচনাৰ শিতানটো এক যোগাত্মক দিশ ৷ কবিসকল উপকৃত হোৱাৰ লগতে এদল নতুন সমালোচক সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে ৷ এনে প্ৰচেষ্টা অসমীয়া কাব্য সাহিত্যৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছিল ৷ উদ্যোক্তা সকলে চ'চিয়েল মেডিয়াৰ নিয়ন্ত্ৰনহীন ব্যৱস্থাকো নিয়মৰ মাজলৈ আনি নিয়ন্ত্ৰনৰ যি প্ৰয়াস কৰিছে ই অসমীয়া কাব্য সাহিত্যত চ'চিয়েল মেডিয়াৰ কু -প্ৰভাৱৰ ক্ষেত্ৰত কিঞ্চিত পৰিমাণে হ'লেও সু প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ৷ বৰ ভাল হৈছে - এনে প্ৰযত্ন ৷ ই সুদূৰপ্ৰসাৰী হওক -এয়ে কামনা ৷
(সামৰণিত কোৱা কথাখিনি এই আলোচনাত অন্তৰ্ভূক্ত হোৱা কবি বা আন কোনো নিৰ্দিষ্ট কবিকো কোৱা হোৱা নাই - ইয়াত কেৱল প্ৰাসংগিক কথাখিনি আলোচনাৰ জৰিয়তে প্ৰকাশ কৰা হৈছে ৷ মানিলে ধান, নামানিলে পতান)
ধন্যবাদ
~ নীলাভ সৌৰভ
সদস্য, আখৰুৱা।
----------------------------------------------------
ব্যৱস্থাপকৰ মন্তব্য:
--------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
(ক) মহানগৰীয়-> ৰাজীৱ ডেকা
(
খ) দুহিতা-> ৰাজেন দাস
(
গ) মুখা-> দুলাল হাজৰিকা
(
ঘ) তেজপিয়া-> ধনমণি কলিতা
(
ঙ) সৰবৰাহী ল'ৰাটি-> খগেশ সেন ডেকা
৪) এই পৰ্যালোচনাই সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ কৰিলোঁ।
মূল কবিতাত বৰ্তমানলৈ চকুত পৰা ভুলসমূহ :
(ক) মহানগৰীয়-> ৰাজীৱ ডেকা
ওকণী-> ওকণি
কঢ়িয়ায়-> কঢ়িয়াই
গধুলি-> গধূলি
শেতেলীত-> শেতেলিত
তুলিৰ-> তুলীৰ
পুজা-> পূজা
'ট-> জঁট
চেনী->চেনি
মুৰবিষ->মূৰবিষ
জানোঁ->জানো
নিচিনেলেও->নিচিনিলেও
আঁহোতে->আহোঁতে
কেকুৰীটোত->কেকুঁৰিটোত
(খ) দুহিতা-> ৰাজেন দাস
শূণ্যতাৰে-> শূন্যতাৰে
বলিশাঁলত-> বলিশালত
(ঘ) তেজপিয়া-> ধনমণি কলিতা
ঘুৰিছে-> ঘূৰিছে
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
যুগল কিশোৰ নাথ
ব্যৱস্থাপকবৃন্দ, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati

No comments:

Post a Comment