অস্ত সূৰুযৰ কথাৰে
দিনৰ শেষত এন্ধাৰ
নমাৰ লগে লগে
এন্ধাৰৰ ভালপোৱাত আত্মজাহ দিয়ে ৰঙীণ সূৰুযে
এন্ধাৰৰ ভালপোৱাত আত্মজাহ দিয়ে ৰঙীণ সূৰুযে
মানুহবোৰ
মৰিশালিলৈ যায়
সুখৰ স্বপ্ন বুটলি অনাৰ হাবিয়াসত
সুখৰ স্বপ্ন বুটলি অনাৰ হাবিয়াসত
এন্ধাৰৰ তমসা
আঁতৰাই
আকৌ ভূমুকিয়াই ৰঙীণ সূৰুযে
পাহাৰৰ টিলাৰ ওপৰেৰে
আকৌ ভূমুকিয়াই ৰঙীণ সূৰুযে
পাহাৰৰ টিলাৰ ওপৰেৰে
মই চাই থাকোঁ।
স্বপ্নত গধুৰ
চকুহাল লৈ
মৰিশালৰ পৰা মানুহবোৰ সাৰ পাই
আকৌ একেই ব্যস্ততা
মৰিশালৰ পৰা মানুহবোৰ সাৰ পাই
আকৌ একেই ব্যস্ততা
প্ৰতিদিনে কপাঁলৰ
ঘামে মাটিত লিখে ইতিহাস
কবি:-
ණৰাজেন দাস ।
No comments:
Post a Comment