Showing posts with label অনুভৱৰ শতদল (সম্পাদিত). Show all posts
Showing posts with label অনুভৱৰ শতদল (সম্পাদিত). Show all posts

Saturday, 29 August 2015

তৃতীয় স্থানপ্ৰাপ্ত কবিতা:-"বিৰহী ফাগুন":-কবিঃ অনিতা গগৈ



সাঁজৰ তৰাটোৰ সৈতে
ডবা কাঁহ বজা পৰতে
সৰাপাতত খৰমৰণি তুলি
গাওঁখন গুচি গৈছে চহৰলৈ,
কান্ধত বৈ নিয়া টোপোলাটোত
নিবলৈ পাহৰা ফুলা সৰিয়হডৰাৰ দৰেই
ফাগুনৰ শিমলু ফুলা নদীখনৰ বিৰহত,
পথাৰখন এৰি যোৱা ধূলিয়ৰি বাটটোৱে
হৃদয়ৰ দীনতাত মূৰ অঁফলিয়াই মৰে ।
জোনাকৰ ৰাতি লঠঙা মদাৰৰ শুকান ডালে ডালে
যেতিয়া জুই হৈ থোপা-থোপে ফাগুন জ্বলে,
মোৰ মেলাচুলিৰ বোঁৱতী সুঁতিয়েদি জোনাকী বাঁহীৰ
এৰাল ছিঙা সুৰ এটাই তোমাৰ বুকুলৈ বগুৱা বাই
প্রথম দেখাৰ ক্ষণৰ সৰি পৰা কলহটোৰ
ৰূপহী লাজবোৰৰ এলাগী অভিমানৰ সৈতে,
পাখিলগা পছোৱাজাক হৈ ঐনিতম জুৰে ।
সময় পালে জুমি চাবা,কলিজাৰ নিজানলৈ,
মোৰ হৃদয় গাঁঠি তুমি উৰুৱাই দিয়া
অন্তৰংগতাৰ চঞ্চলা চিলা...
আকাশ ধিয়াই উৰোতেই যে চিগিছিল আঁত,
তেতিয়াৰে পৰা ডেউকাভঙা বিহগীৰ অহেতুক সন্ধান
এখন পলাশ ৰঙী আকাশ..
ফাগুণৰ পাহে পাহে হেপাঁহৰ ৰাগি লাগে.. হয়তোবা ,
জনমলৈ ঘূৰি নহা গাওঁখনৰ সেউজীয়া বিচাৰি তুমি আঁহা উভতি

তৃতীয় স্থানপ্ৰাপ্ত কবিতা: "ফাগুন" :- কবিঃ ৰূপম সাউদ

মদাৰ ৰঙা নৈপৰীয়া আলিটোত
ডেউকা মেলা তুলাবোৰে বাট বেৰিছে
সৰিয়হৰ গোন্ধ এটাই আঁকুহিছে মোক
দৰিয়া ঘাটত শুকুলা বালিচৰ
উতলা বতাহ
কঁপিছে ঝাওবন
অগা-ডেৱাকৈ নাচি আছে দুখনি চিলা
এয়া ফাগুন -
পলাশ ফুলাৰ বতৰ
বগৰী পকাৰ লগন
আবীৰৰ উৎসৱ
ফাগুনে গুঁজি যায় লঠঙা ডালত
বসন্তৰ ঠিকনা
পোখা মেলে সংগোপনে
হেঁপাহৰ
উদঙীয়া গৰুবোৰ চৰাই
অলপপৰ আগেয়ে
এই বাটে গৈছে কোনো ডেকা গৰখীয়া
ওঁঠত তাৰ উতনুৱা সুঁহুৰি
ঘৰমুৱা খোজত গালে মুখে লাগিল
ফাগুনৰ ৰং
ডেও দি উৰিল
মোৰ দুভৰি
মানুহজনীয়ে হ'বলা এই পৰত
যঁতৰত সূতা পকাইছে…

দ্বিতীয় স্থানপ্ৰাপ্ত কবিতা:-"ছাঁবোৰ দীঘল হৈছে": কবি:-দীপালি দুৱৰা

ছাঁবোৰ দীঘল হৈছে
নাঙঠ গছৰ ফেৰেঙণিত বহি আছে
ৰাতোৱাল ফাগুন ।
.
যোগিনীৰ বুকুত উতনুৱা আবেলি
গাঁৱৰ ধূলিময় বাটত
ফাগুন উৰিছে ।
.
নীলা গৰখীয়াটো চহৰমুখী হোৱা বহুদিন হ'ল
তাই নাজানে চহৰৰ কোনটো গলিত 
সি ওলমাই থৈছে তাৰ নাম-ফলক ।
.
ফাগুনৰ সতে তাই মিতিৰালি পাতিছে
ফাগুনে যদি কেনেবাকৈ আনি দিব পাৰে
গৰখীয়াটোৰ ঠিকনা ।
.
যদিও তাই জানে
চহৰত ফাগুন এতিয়া শয্যাগত ৰমনী ।

প্ৰথম স্থান প্ৰাপ্ত কবিতাঃ "কোনে লব" : কবি: বাপন ক্ৰ

ধূলিৰ গোন্ধ
ফাগুণৰ জীৱন যেন তাতেই আৱদ্ধ
.
কাৰোবাৰ বিৰহত বিধ্বস্ত কলিজাৰ তেজ নালাগিলে
ইমানবোৰ ফুল ৰঙা কেনেকৈ হব
.
অথচ ফাগুণৰ চঞ্চলতা চোৱা
যেন হেজাৰটা বদনামৰ ভাৰ
ব'ব লাগে ব'ব
তথাপিও মোক তোমাক প্রেমিক কৰিহে এৰিব
.
বৰ দূৰৰ নহয়
এখিলা শুকাণ পাতৰ ৰিং এটাৰ হে দূৰত্ব চহৰলৈ
এই ৰিংটোৰ মাজতেই
গনিব নোৱাৰা বদনাম ফাগুণৰ
.
মই ফাগুণক ভয় কৰোঁ
যদিও ফাগুণৰ অলপমান ৰঙা আছে কলিজাত
কাক দিম
কোনে লব
.

'অনুভৱৰ শতদল' শিতান


'অনুভৱৰ শতদল' শিতানৰ বাবে সময়ে সময়ে নিৰ্দিষ্ট কৰি দিয়া বিষয়বস্তুৰ ওপৰত কবিতা পঠিয়াব লাগে, অংশগ্ৰহণকাৰী সকলে 'অনুভৱৰ শতদল' আৰু নিৰ্দিষ্ট খণ্ডটিৰ বিষয়বস্তু তথা কবিৰ নাম উল্লেখ কৰিব লাগে, সম্ভৱ হ'লে গোটৰ প্ৰশাসকৰ দ্বাৰা শিতানলৈ অহা কবিতা সমূহৰ পৰা কোনো বিশেষ অভিজ্ঞ ব্যক্তিৰ জৰিয়তে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ কবিতা বাছনি কৰা হয় আৰু সাম্ভাব্য ধৰণে স্থান প্ৰাপক কবি সকলক পুৰস্কৃত কৰা হয় ৷ 
'অনুভৱৰ শতদল'ৰ প্ৰথম খণ্ডৰ বিষয় বস্তু আছিল - "ফাগুনঃ গাঁও আৰু চহৰ" ৷ এই বিষয় বস্তুৰ ওপৰত 'অনুভৱৰ শতদল'লৈ অহা মুঠ ১৩ কবিতাৰ ভিতৰত স্থান প্ৰাপ্ত কবিতা কেইটা ব্লগত দিয়া হৈছে ৷