গল্পঃ
এজাক ভেড়া আৰু
পিয়াহৰ পানীটুপিঃ
হজৰত মহম্মদ
আহিছিল আকৌ এবাৰ । হীৰা পর্বতৰ গুহা এটাত ক্ষন্তেক জিৰণি লৈ হাতত এখন প্রাচীন কিতাপ লৈ মৰুভূমিৰ মাজেৰে সহস্র যোজন তেওঁ
খোজ কাঢ়ি আহি আছিল। তেওঁৰ বৃদ্ধ কায়া
পৰিশ্রান্ত হৈ পৰিছিল। কিছু দূৰত তেওঁ এখন নদী দেখিছিল। মৰিচীকা । তেওঁ পুণৰ
খোজ লৈছিল। হাত-ভৰি তেওঁৰ অৱশ হৈ আহিছিল।
কিছু দূৰত তেওঁ
আকৌ এখন নদী দেখিছিল। এইবাৰৰ নদীখন সঁচা আছিল। তেওঁ বাৰুকৈয়েই ক্লান্ত, তৃষ্ণার্ত হৈ পৰিছিল। নদীত নামি তেওঁ এচলু পানী লৈছিল। আৰু পিয়াহত শুকান মুখখনলৈ নিব লওঁতেই
এদল মানুহে চিঞৰি উঠিছিল-এই নদীৰ পানী নাখাব। ইয়াৰ
পানী খালে বেহেস্ত নাপাব। শান্ত হজৰতে মূৰ তুলি চালে-উটৰ পিঠিত উঠি এজাক মানুহ। হজৰতে ক'লে-মোৰ বহুত পিয়াহ লাগিছে। মোক বেহেস্ত নালাগে। মই এচলু পানী খাম ।
দলপতি মানুহজন উটৰ
পিঠিৰ পৰা নামিল। এই নদীখন কাফেৰৰ দেশৰ পৰা বৈ আহিছে। ইয়াত কাফেৰৰ বীজাণু আছে।
হাঁহিলে হজৰতে। নদীৰ নো কি আছে? ই মাথো বব হে জানে! পর্বতত জন্মে, সাগৰত মিলে। মই ইয়াৰ পানী খাম।
হজৰতে পুণৰ এচলু পানী ল'লে। দলপতিজন নামি আহিল। বৃদ্ধ হজৰতক বান্ধিলে আৰু উটত বান্ধি মৰুভূমিৰ তপ্ত বালিৰে চোঁচৰাই চোঁচৰাই টানি লৈ গ'ল। পর্বতৰ গুহা এটাত হজৰতক বন্দী কৰিলে। আপোনাৰ যদি পিয়াহ লাগিছে তেতিয়া হ'লে অপেক্ষা কৰক।

দলপতিজনে এজনক
নির্দেশ কৰিলে- এটা উটৰ পেট কাটি পানী উলিয়াই এখেতৰ মুখত ঢালি দিয়া।
চিৎকাৰ কৰি উঠিল হজৰত মহম্মদ। 'নালাগে নালাগে, উটটো নামাৰিবা। মই পানী নাখাওঁ। তাক এৰি দিয়া।'
চিৎকাৰ কৰি উঠিল হজৰত মহম্মদ। 'নালাগে নালাগে, উটটো নামাৰিবা। মই পানী নাখাওঁ। তাক এৰি দিয়া।'
মহম্মদক গুহাত
তেনেকৈয়েই বান্ধি এৰি দলটো উটৰ পিঠিত উঠি গুচি গ'ল। পিয়াহত মহম্মদ ছট্ফটাই থাকিল।-
কাহিনীটো এনেকৈ
আৰম্ভ কৰিলে কেনেকুৱা হয়? না, নহব। মহম্মদক মই পিয়াহত কষ্ট পাব দিব নোৱাৰো। মই আধুনিক এজিদ হব নোৱাৰোঁ। মহম্মদৰ হাতত
মই শিকলি লগাব নোৱাৰোঁ।
কিন্তু লিখক হিচাপে মই যে মিথ্যাকথাও লিখিব নোৱাৰোঁ।
কিন্তু লিখক হিচাপে মই যে মিথ্যাকথাও লিখিব নোৱাৰোঁ।
যিহেতু মই মিছা
লিখিব নাজানো, গতিকে মই হজৰত মহম্মদৰ কাহিনীটো লিখা চিন্তাটো মনৰ মাজৰ পৰা বাদ দিলোঁ। বতাহ
বলি আছিল। সূর্যাস্তৰ আগৰ পৰ। মই অলপ নিৰিবিলি সময় বিচাৰি নদীৰ পাৰৰ পথাৰখনলৈ গ'লো। ছবি এখন আঁকিবলৈ ভীষণ মন গৈছিল। গতিকে ছবি অঁকা সঁজুলিবোৰ লগত লৈ আহিছিলো। গৰু ধূলি উৰুৱাই ঘৰমুৱা ভেড়াৰ জাক এটা পাহাৰৰ পাদদেশৰ পৰা নামি আহি আছিল। মই বাটত কেনভাছ
খন পাৰি দিলো। নেজ জোকাৰি এটা এটাকৈ আটাইকে'টা ভেড়া মোৰ কেন্ভাছখনত উঠি আহিল। পিছে পিছে দীঘল শুকুলা দাঢ়ি একোচাৰে দীর্ঘদেহী
বৃদ্ধ ভেড়াৰখীয়াজন আহি আছিল। তেখেতে কেন্ভাছখন চিনি পালে আৰু তাত ভৰি নিদি ৰৈ গ'ল। মই ওচৰলৈ গৈ তেখেতক আহ্বান জনালো- আপুনি মোৰ কেনভাছত উঠি আহি মোৰ পেইন্টিংখন
পূৰ কৰক।
তেখেতে ক'লে-মই মোৰ বন্ধু এজনক বিচাৰি আছো। আপুনি দেখিছে নেকি? মই সুধিলো-আপুনি যীশু নেকি? জানে মই আপোনাক চিনিবই পৰা নাছিলো। বগা দীঘল বস্ত্রৰ পৰা হাতখন উলিয়াই তেখেতে ক'লে-হয়। তুমি ঠিকেই ধৰিছা। মোৰ বন্ধুজন আৰু মই একেলগে সৌ তাত ভেড়া চৰাই আছিলো। পিয়াহ লগাত তেওঁ
নদীখনলৈ পানী খাবলৈ গ'ল। উভটি নাহিল। মই তেখেতক বিচাৰি আছো। মই সুধিলো-তেখেতৰ
হাতত এখন প্রাচীন কিতাপ আছিল নেকি? তেখেতৰ গাৰ পৰা উজ্জ্বল জ্যোতি নির্গত হয়
নেকি?
হয় হয়। আপুনি দেখিছে নেকি?
মই ক'লো -হয় দেখিছিছিলো। সৌ পর্বতখনৰ গুহা এটাত তেখেতক বন্দী কৰি থোৱা হৈছে।
হয় হয়। আপুনি দেখিছে নেকি?
মই ক'লো -হয় দেখিছিছিলো। সৌ পর্বতখনৰ গুহা এটাত তেখেতক বন্দী কৰি থোৱা হৈছে।
আপুনি মোৰ
ভেড়াকেইটাক চাব। ইয়াত তেখেতৰ ভেড়াকেইটাও আছে। মই তেখেতক লৈ আহোঁ। বেচেৰাই চাগে' বহুত কষ্ট পাইছে।
মোক তাতেই ৰখাই থৈ
যীশু গুচি গ'ল। মই লক্ষ্য কৰিলো- তেখেতৰো পিছে পিছে
স্বর্গীয় জ্যোতি এটাই অনুসৰণ কৰিলে।
মই কেনভাছখনলৈ মন কৰিলো। ভেড়াকেইটা শুই পৰিছে। এটা সুমধুৰ বাঁহীৰ সুৰ উটি আহিছে। ভেড়াকেইটা আন্ধাৰত দামুৰীযেন দেখা গৈছে। মই কেন্ভাছখন ভালকৈ চালো। হয়, এইকেইটাচোন দামুৰীয়েই হয়। পীতবস্ত্র পৰিহিত এজন গৰখীয়াই সিহঁতৰ মূৰত হাত বুলাই আছে। এখন হাতত মোহন বাঁহী। মোৰ টোপনি ধৰিছিল। মই তাতেই শুই গ'লো। গৰখীয়াজনে ক'লে-আপুনি বহুত ক্লান্ত। আপুনি শুই যাওঁক। ইহঁতক মই সুৰক্ষা দিম।
মই এটা সপোন দেখিলো। সপোনতেই এটা চিঞৰ শুনিলো। সেয়া যীশুৰ আর্তনাদ। মহম্মদৰ গুহাৰ বাটত কোনোবাই তেওঁক ধৰি নিলে। জেৰুজালেমৰ এক আন্ধাৰ গুহাত তেওঁক বান্ধি থ'লে। কোনোবাই তেওঁৰ বুকুত কাইঁট সুমুৱাই দিলে। বৃদ্ধ যীশুৰ বুকুৰে তেজ নিগৰি আহিল। বগা বস্ত্র ৰঙা হ'ল। সিহঁতে চিঞৰিলে-অজাতিক সহায় কৰিলে কাকো সুদাই এৰা নহব। কাকো সুদাই এৰা নহব। ঘোঁৰাত উঠি আততায়ীৰ দলটো গুচি গ'ল। যীশু পৰি ৰ'ল।

এটা এটাকৈ আটাইকে'টা ভেড়াৰ মৃত্যু হ'ল। হালধীয়া বস্ত্র পিন্ধা বাঁহী বজোৱা
গৰখীয়াজনো মৰি থাকিল। তেজবোৰ কেন্ভাছৰ পৰা বৈ আহিল।
আকাশত এতিয়া তেজ আৰু তেজ।
'এক্সিলেন্ট্। আপোনাৰ কাহিনীটো ধুনীয়া
হৈছে।'- চিনেমাৰ প্রডিউচাৰ জনে কৈ উঠিল। কিন্তু
মই ইয়াত ইন্ভেষ্ট কৰিব নোৱাৰিম। ৰিস্ক্ আছে। '
কলমটো সামৰি মই
লাইটটো নুমাই দিলো। ৰাতি তিনি বাজিছে। অকনমান শুই যাওঁ। আপুনিও শুই যাওঁক। এইবোৰ
হৈয়েই থাকিব। শুভৰাত্রি...
কবি:-
ණ জয়ন্ত আকশ বৰ্মন ।
No comments:
Post a Comment