Friday, 31 March 2017

চাৰিটা বসন্তৰ অন্তিমতණ অনুৰাগ কাশ্যপ



চাৰিটা বসন্তৰ অন্তিমত
(1)
তোমাৰ উশাহবোৰ ধুমুহা যেন লাগিছে!
কি?
বৰদৈচিলা নেঁওচি আহিছা?
দুখৰ কাপোৰসাঁজ সলোৱাচোন
পিয়াহ লাগিছে মোৰ
পিঁ থওনে নৈখন তোমাৰ!!
(2)
আকাশত সন্ধিয়াটো উমলিছে চোৱা সৌৱা
তুমি তৰাৰ শেষান্তত মোলৈ ৰৈছা?
হো-লোৱা এয়া এপিয়লা মৰম!
জোনৰ নাওঁখনত বঠা বাই নামি আহা বুকুলৈ৷
(3)
গৈছিলো মই প্ৰাচীন ঠিকনাটোলৈ
ঘুমটি এটা বিনিময় কৰিছো
তুমি শুৱ পৰা নাই?
আহা তেনে
একেলগে আওৰাও নিসংগতাৰ গান!
তুমিযে উশাহ হৈ আছা মোৰ৷
(4)
যোৱাগৈ তেনে
শীতৰ দিনবোৰ গলেই মই
ফাগুনলৈ বাট চাম!
তুমি ধুলি এজাক হৈ সোমাবাহি বুকুৰ উশাহত!
মই পুনঃ বুকু ভৰাই পান কৰিম সেউজীয়া নৈখন!
পুনঃ তৰাৰ শেষান্তত বিনিময় কৰিম মৰম৷৷
কবি:-
অনুৰাগ কাশ্যপ

No comments:

Post a Comment