Friday, 24 March 2017

অনুগল্প ණনিৰুপমা ডেকা



মৰাসুঁতিৰ পাৰত

"ভুল হৈ গ'ল জানা পৰিতোষ |জীৱনৰ অংকটো পাতি লওতেই ভুল হ'| প্ৰেমৰ অংকটোত শূন্য পাতিব লাগিছিল | যোগ হ'লে কিবা পালোহেঁতেন,বিয়োগ হ'লে বিয়োগ 'বলৈ কিনো আছে ভাবি সুখী হ'লোহেঁতেন |পুৰণ হৰণেৰে সাম্যতা ৰাখি জীৱনটো চলাই নিয়াত সহায় হ'লহেঁতেন |নাপাতিলো যে তাতেই ভুল মোৰ জানা | এশ আশা কৰা নাছিলো তাত বাৰু | আধাটো হ'লেও জীৱনে হাঁহিব পাৰিলেহেঁতেন বুলি মনে কয় | তোমাৰ কি খবৰ কোৱাচোন পৰিতোষ | "
"
মোৰ একেই আছে সকলো সুৰঞ্জনা | জীয়াঢলে উটোৱাই নিয়া ঘৰটো স্থায়ীকৈ আৰু বন্ধা নহ'| আজিও সমাজ বিজ্ঞানৰ ভূগোলৰ শ্ৰেণীবোৰত সেই একেবোৰ পাঠ পঢ়াওঁ | ভূমিকম্পৰ উত্পত্তি,কাৰণ,ধুমুহা,সাগৰ পৃষ্ঠৰ বতৰৰ পৰিবৰ্তন,চিৰসেউজ অঞ্চল,মৰুভূমি অঞ্চল আদি .....| অংক মই তেতিয়াও বুজা নাছিলোঁ,এতিয়াও বুজিবলৈ টান পাওঁ |"
কবি:-
নিৰুপমা ডেকা  

No comments:

Post a Comment