Sunday, 19 March 2017

পলাশৰ জুইত মোৰ প্ৰেম ভালপোৱা ණ নীৰূ দত্ত



পলাশৰ জুইত মোৰ প্ৰেম ভালপোৱা


সকলোৰে অলক্ষিতে বুকুত একুৰা জুই জ্বলি থাকে
বেদনাৰ কিম্বা আৱেগৰ জোৱাৰ ।
বুকুত ধূলিয়ৰি সাগৰ সাৱতি
ঘোলা আকাশখনে সিন্ধুৰা ৰাগেৰে
কাক জানো আৱাহন জনাইছে !
ঘৰমুৱা পথত দেখিলো
অট্টালিকাটোৰ সমুখভাগ ঢাকি
পলাশৰ ডালে ডালে জুই জ্বলিছে ।
গামোচা হেন মোৰ ঘৰমুৱা বাট
কাষৰি শুৱাই সৰাপাতৰ জাক,
ঠাৰি চিঙা হেজাৰ কাঠিৰ ফুল
ভমক কৈ বুকুতে জ্বলিল
পলাশৰ জুইত মোৰ প্ৰেম ভালপোৱা ।
কবি:-
নীৰূ দত্ত

No comments:

Post a Comment