Friday, 31 March 2017

ৰাজদণ্ডණচায়েদ আহমেদ চাহ



ৰাজদণ্ড

দিনটো সি মৰা সাপ পৰাদি পৰি থাকে
বেলি ডুবিলেহে এঙামুৰি দি উঠি বহে
আৰু ডাঠ হাবিডৰাত নিজৰ স্থিতিৰ উমান লয়
খুউব মনোযোগেৰে আকাশখন নিৰীক্ষণ কৰে
গ্রহ নক্ষত্রৰ অৱস্থিতিৰ বুজ লয়
তাৰ হাতৰ মুঠিত চটফটাই থাকে এটা প্রাচীন দম্ভই
প্রৱল আত্মবিশ্বাসী এক আন্তৰ্জাগতিক অগ্নিস্তম্ভ
চৰম ঔদ্ধত্যৰে আকাশৰ বক্ষৰ পৰা
নক্ষত্রসমূহক কক্ষচ্যুত কৰি
নিষ্কন্টক কৰে তাৰ সিংহাসন...
কবি:-
চায়েদ আহমেদ চাহ

No comments:

Post a Comment