তই সাহস
নেহেৰুৱাবি
তই সাহস
নেহেৰুৱাবি
আমি সকলো তোৰ লগতে আছোঁ
সিহঁতো এদিন থাকিব তোৰ লগত
ধোঁৱাৰ প্ৰকোপত এতিয়া সিহঁতে চকুবোৰ মেলিব পৰা নাই
চকুবোৰ মেলিব পাৰিলে সিহঁতেও বুজিব
জুই জ্বলাই চৌদিশ ধোঁৱাময় কৰাসকল প্ৰকৃততে কোন
জুইকুৰা নুমাব ৰ, ধোঁৱাবোৰো কমিব
তই আৰু অলপ সময় ৰ
সাহস নেহেৰুৱাবি
এই জুইত পুৰি তই শেষ নহ'বি
দে, তয়ো দে সীতাৰদৰে অগ্নিপৰীক্ষা
তইতো জানই, 'ৰাম'বোৰে কোৱাৰ দৰে
অগ্নিপৰীক্ষা কেৱল নাৰীৰ বাবেই নহয়
অগ্নিপৰীক্ষা শোষিতৰ বাবে, দুখীয়া আৰু ভোকাতুৰৰ বাবেও
জুইকুৰা নুমাব ৰ, ধোঁৱাবোৰো কমিব
আৰু অলপ সময় তই ৰ
তই ভাগৰি নপৰিবি, তোৰ আজি দায়িত্ব অপাৰ
চিঞৰি চিঞৰি তই সিহঁতক সুধিবি
আন্ধাৰত বলাৎকাৰ কৰি পোহৰত প্ৰতিবাদী সমদল উলিওৱাবোৰনো কোন
মাজনিশা শোৱাপাটীত সপোনবোৰক হত্যা কৰি
ৰাতিপুৱা তদন্তৰ দাবী কৰাসকল প্ৰকৃততে কোন
আৰু তই সিহঁতক বুজাই দিবি গৰু আৰু গাহৰিৰ মাজত হোৱা যুঁজখনৰ কথা,
মুখাপিন্ধা ‘পৰিৱৰ্তন’বোৰৰ কথা
সিহঁতে নিশ্চয় বুজি পাব
তই ভাগৰি নপৰিবি, আমি তোৰ লগতে আছোঁ
তই চিন্তা নকৰিবি, এদিন সিহঁতো থাকিব তোৰ লগত

কবি:-
ණ কৌশিক তালুকদাৰ।
No comments:
Post a Comment