Wednesday, 29 March 2017

নিজান ৰাতিৰ বাঁহীණমৌচুমী বৰি



"নিজান ৰাতিৰ বাঁহী"
পাহৰিলে জীয়াই থাকিব পাৰি
সেয়ে ইচ্ছা কৰিয়েই পাহৰি থাকোঁ বহু কথা৷
ভাল বাটে আহোঁ বুলি ভুল বাটে আহি উজুটি খালোঁ৷
কুৰুকি কুৰুকি সান্নিধ্যৰ উশাহ বিচাৰি বিচাৰি
মই এটা শামুকলৈ ৰূপান্তৰ হওঁ
আজি শাওণৰ বৰষুণৰ ঘন ক'লা ৰাতি
বুকুত জীপাল নিয়ৰতিতা ঘাঁহনি এডৰা৷
বৰ নীৰৱে বুকুৰ একোণত বাঁহী বাজিছে
যেন নিজান ৰাতিৰ বাঁহী৷৷
কবি:-
মৌচুমী বৰি  

No comments:

Post a Comment