Sunday, 26 March 2017

শব্দ - সন্ধান - ২৭



শব্দ - সন্ধান - ২৭
------------------------
এই পষেকৰ শব্দ - সন্ধান যুগুত কৰিছে ড° খগেশ সেন ডেকা চাৰে ৷ আশাকৰোঁ আখৰুৱাৰ সদস্যসকল এই লেখা পঢ়ি উপকৃত হব ৷ আখৰুৱাক সমৃদ্ধ কৰাৰ বাবে চাৰকো শ্ৰদ্ধা যাচিলোঁ ৷
ব্যাকৰণ কি ?
—————
° খগেশ সেন ডেকা
ব্যাকৰণ কি বুলি যদি প্ৰশ্ন কৰা যায়, সৰহসংখ্যকে উত্তৰ দিব— "যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ লিখিব আৰু ক'ব পাৰি, তাক ব্যাকৰণ বোলে ৷" অৰ্থাৎ, সৰ্বসাধাৰণৰ ধাৰণা হ'ল ব্যাকৰণ ভাষা বিশেষৰ নিয়ম সম্বলিত পুথি ৷ কিন্তু ব্যাকৰণ শব্দটোৰ ব্যুৎপত্তিগত দিশবোৰ বিচাৰ কৰিলে উল্লিখিত সংজ্ঞাটো যে ভ্ৰমাত্মক সেয়া স্পষ্ট হৈ পৰে ৷
মানৱ-সভ্যতাৰ ইতিহাসত মৌখিক ভাষাই লিপিবদ্ধ ৰূপ পোৱাৰ পাছৰে পৰা ভাষাৰ উৎপত্তি, প্ৰকৃতি আৰু গঠন সম্বন্ধে চিন্তা-চৰ্চা আৰম্ভ হয় ৷ পাশ্চাত্যত ইয়াৰ আৰম্ভণ হৈছিল গ্ৰীকসকলৰ হাতত আৰু প্ৰাচ্যত ইয়াৰ অগ্ৰণী আছিল ভাৰতীয়সকল ৷
"ব্যাকৰণ" শব্দটো সংস্কৃতৰ পৰা আহৰিত ৷ বৈদিক যুগত ই ষড় বেদাংগৰ অন্যতম অংগৰূপে বিবেচিত হৈছিল আৰু শিষ্যই গুৰুৰ ওচৰত সুদীৰ্ঘ বাৰ বছৰ কাল অকল ব্যাকৰণ অধ্যয়ন কৰিব লাগিছিল ৷ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ হ'বি+আ+ক্ৰি+অন্ (অনট্) ৷ ইয়াৰ অৰ্থ হ'ভাষাৰ বিশদ আৰু বিস্তৃত বিশ্লেষণ ৷ আন কথাত, যি শাস্ত্ৰত ভাষা এটাৰ গঠন-প্ৰক্ৰিয়া তন্ন তন্নকৈ ফঁহিয়াই দেখুওৱা হয়, সেয়ে সেই ভাষাৰ ব্যাকৰণ ৷ বেদৰ সংহিতাৰ পৰৱৰ্তী ব্ৰাহ্মণ শাস্ত্ৰৰ স্তৰত ঐতৰেয় ব্ৰাহ্মণত ইন্দ্ৰই ভাষাক "ব্যাকৃত" বা বিশ্লেষণ কৰাৰ কথাৰ উল্লেখ আছে ৷ আনহাতে "ব্যাকৰণ" শব্দটোৰ প্ৰথম উল্লেখ পোৱা যায় গোপথ ব্ৰাহ্মণত ৷
একে অৰ্থসূচক ইংৰাজী Grammar শব্দটো গ্ৰীক ভাষাৰ Grammatike-ৰ পৰা লেটিন আৰু ফৰাচীৰ মাজেৰে আহিছে ৷ লেটিনত ই Grammaticus আৰু ফৰাচীত Gramire ৰূপ পৰিগ্ৰহ কৰিছিল ৷ তাৰ পৰা মধ্যযুগীয় ইংৰাজীত ই হৈছিল Gram(m)er(e) আৰু আধুনিক ইংৰাজীত Grammar ৷ গ্ৰীক ভাষাত ই অতি শিথিলভাৱে ভাষাৰ সামগ্ৰিক অধ্যয়ন বুজাবলৈ ব্যৱহৃত হৈছিল আৰু ই আছিল দৰ্শন-বিদ্যাৰ অন্তৰ্ভুক্ত ৷
ওপৰত প্ৰথমেই উল্লেখ কৰা সংজ্ঞাটো মূলতঃ মধ্যযুগীয় ৰোমান পৰম্পৰাৰ লেটিন ব্যাকৰণৰ পৰা আহৰিত ৷ মধ্যযুগত ৰোম সাম্ৰাজ্যৰ বিস্তৃতিৰ সময়ত সমগ্ৰ ইউৰোপ জুৰি লেটিন ভাষাক কেন্দ্ৰ কৰি ব্যাকৰণসূচক শব্দটোৱে যি কোনো ভাষাৰ বিশুদ্ধ প্ৰয়োগৰ মান নিৰূপণকাৰী নিয়ম-বিধিৰ নিদানমূলক বা নিৰ্দেশমূলক শাস্ত্ৰ হৈ পৰে ৷ ব্ৰিটিছ প্ৰশাসক আৰু মিছনেৰীসকলে এই ধাৰণা পৃথিৱীৰ প্ৰায়বোৰ দেশলৈ সৰবৰাহ কৰে ৷ আধুনিক ভাৰতীয় ভাষাবোৰৰ ব্যাকৰণত "যি পুথি পঢ়িলে..." ধাৰণা অন্তৰ্ভুক্ত হোৱাৰ এয়ে মূল কাৰণ ৷
ব্যাকৰণ সম্পৰ্কীয় কেতবোৰ প্ৰতিষ্ঠিত সংজ্ঞা এনে ধৰণৰ
১৷ ভাষা বিশেষৰ গঠন-পদ্ধতিৰ যথাসম্ভৱ বিতং বিশ্লেষণেই সেই ভাষাৰ ব্যাকৰণ ৷
২৷ ভাষা বিশেষত থকা উপাদানসমূহৰ সামগ্ৰিক বিচাৰ-বিশ্লেষণ যি বিদ্যাৰ বিষয়, তাক সেই ভাষাৰ ব্যাকৰণ বোলে ৷
৩৷ যি বিদ্যাৰ দ্বাৰা কোনো ভাষাক বিশ্লেষ কৰি তাৰ স্বৰূপ আলোচনা কৰা হয় আৰু সেই ভাষাৰ পঠন, লিখন আৰু আনুষ্ঠানিক কথা -কথাবতৰাত শুদ্ধভাৱে ব্যৱহাৰ কৰা হয়, সেই বিদ্যাক সেই ভাষাৰ ব্যাকৰণ বোলে ৷
৪৷ The grammar of a language may be regarded as a system of rules which relates stretches of sounds (or sequences of marks on a flat surface) with meanings.
৫৷ A grammar is a finite system of rules...which generates and describes an infinite number of all and only possible sentences of a language.
শেষৰ সংজ্ঞাটোৰ মতে ব্যাকৰণ হ'ল ভাষা একোটাৰ সসীম নিয়ম-কানুন যাৰ জৰিয়তে অসীম সংখ্যক সম্ভাৱ্য বাক্যৰ উৎপাদন আৰু বিশ্লেষণ কৰিব পাৰি ৷

No comments:

Post a Comment