লহ্পহীয়া সপোনঃ
দুখত বাউলি মাকে ক'লে- বস্তুৰ মূল্যবৃদ্ধিৰ বোজাই দেউতাৰক লৈ গ'ল।
এপথাৰ পকা বিলাহী
পাচলি পুখুৰীটোত পেলাই দি খুড়াকে হিয়া ধাকুৰি ক'লে- তোৰ মায়ে মিছা কৈছে, দাম নাই কাৰণেই তোৰ দেউতা গুচি গ'ল। ইউৰিয়া আনি থৈছিল খেতি লহপহীয়া কৰিবলৈ। ইউৰিয়াৰেই শেষ কৰিলে নিজক।
তাৰ মৃত দেউতাকৰ
মুখত ইউৰিয়া সাৰৰ গোন্ধ।
কবি:-
ණ জয়ন্ত আকাশ বৰ্মন ।
No comments:
Post a Comment